নতুন দিল্লীত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙৰ সভাপতিত্বত বস্ত্ৰ মন্ত্ৰালয়ৰ বস্ত্ৰ পৰামৰ্শদাতা গোটৰ বৈঠক

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ সভাপতিত্বত কালি নতুন দিল্লীত বস্ত্র মন্ত্রালয়ে কপাহ আৰু মানৱসৃষ্ট আঁহ বা এম এম এফ সম্পর্কে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্রগতি পর্যালোচনাৰ বাবে বস্ত্ৰ পৰামৰ্শদাতা গোটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গিৰিৰাজ সিঙে কপাহ উৎপাদনশীলতা অভিযানৰ ওপৰত আলোকপাত কৰে আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ফাইভ-এফ দৃষ্টিভংগীৰ সৈতে মিল থকাকৈ কপাহৰ উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে উদ্ভাৱন আৰু সহযোগিতাই কৃষি উৎপাদনশীলতা বৃদ্ধি কৰি লাভৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো অংশীদাৰক উদ্যোগটোৰ চাহিদা আৰু যোগানৰ মাজত থকা পাৰ্থক্যৰ বিস্তৃত বিশ্লেষণ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।