December 24, 2024 10:28 AM

views 25

ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে বিগত ডেৰ বছৰত দেশত প্ৰায় ১০ লাখ লোকক চৰকাৰী সংস্থাপন দিয়া হৈছে বুলি সদৰী কৰে। তেওঁ কয়, যে এই নিযুক্তিসমূহ সম্পূর্ণ স্বচ্ছভাৱে প্ৰদান কৰা হৈছে আৰু ...

December 24, 2024 10:24 AM

views 48

২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰদৰ্শনীৰ বিষয়বস্তু ‘স্বর্ণিম ভাৰত: বিৰাসত ঔৰ বিকাশ’

■প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰদৰ্শনীৰ বিষয়বস্তু হ'ব ‘স্বর্ণিম ভাৰত: বিৰাসত ঔৰ বিকাশ'। কৰ্তব্য পথত হবলগীয়া সাংস্কৃতিক প্ৰদৰ্শনী আৰু পেৰেডত অংশগ্ৰহণৰ বাবে এইবাৰ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য নিৰ্বাচন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি অংশগ্ৰহণকা...

December 24, 2024 10:14 AM

views 29

৬ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ৬দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। এই ভ্ৰমণকালত তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ড° জয়শংকৰে দেশখনৰ কনচুল জেনেৰেলছ অৱ ইণ্ডিয়াৰ এখন সন্মিলনত অধ্যক্ষতা কৰিব।

December 24, 2024 10:11 AM

views 28

কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াই গুজৰাটৰ বদন নগৰত হ’বলগীয়া মাই ভাৰত সু-শাসন পদযাত্ৰাৰ পতাকা উত্তোলন কৰিব

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি গুজৰাটৰ বদন নগৰত হ'বলগীয়া মাই ভাৰত সু-শাসন পদযাত্ৰাৰ পতাকা উত্তোলন কৰিব। প্রাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মবার্ষিকী উপলক্ষে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড...

December 24, 2024 10:08 AM

views 28

ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে আজি গ্রাহক পৰিক্ৰমা বিভাগে এপ মুকলি কৰিব

ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে আজি গ্রাহক পৰিক্ৰমা বিভাগে জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোৰ্ড নামেৰে তিনিটা এপ মুকলি কৰিব। এই এপসমূহৰ মূল লক্ষ্য হৈছে কেন্দ্ৰীয় গ্রাহক সুৰক্ষা কৰ্তৃপক্ষৰ আৰ্হিৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ ব্যৱস্থাসমূহৰ সামৰ্থ বৃদ্ধি কৰা ।আনহাতে জাগো গ্রাহক জাগো এপৰ লক্ষ্য ...

December 24, 2024 10:06 AM

views 33

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস। গ্রাহক আন্দোলনৰ গুৰুত্ব তথা প্ৰতিজন গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সম্পর্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে আজিৰ দিনটোতে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে গ্রাহক সুৰক্ষা আইন, ১৯৮৬ প্ৰণয়ন কৰা হৈছিল। এই আইনখনৰ লক্ষ্য হৈছে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ শ...

December 24, 2024 10:01 AM

views 24

জটিল আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ, চাইবাৰ আক্ৰমণৰ দৰে প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ উৎকৃষ্ট চিন্তাধাৰাৰ প্ৰয়োজনঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰত বিৰোধী সংগঠন আৰু নেটৱৰ্ক ধৰা পেলাবলৈ বন্ধু ৰাষ্ট্ৰৰ সৈতে চোৰাংচোৱা সমন্বয় কৌশল প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত ৩৭ সংখ্যক চোৰাংচোৱা ব্যুৰ'ৰ শতবার্ষিকী অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি শ্ৰীশ্বাহে কয়, যে জটিল আন্তঃগাঁথনিৰ ওপৰত আক্ৰ...

December 24, 2024 9:39 AM

views 24

অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰি থকা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ অসম সচিবালয়ত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অবৈধভাৱে অৰুণোদয়ৰ সুবিধা গ্রহণ...

December 24, 2024 9:10 AM

views 20

ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ

বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গীৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্টী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। আজি মাজনিশাৰ পৰা গীর্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ'ব। প্ৰভু যীশু...

December 24, 2024 9:04 AM

views 22

চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ দেহাৱসান

যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিতালত দেহাৱসান ঘটে। দীর্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভূগি থকা চলচ্চিত্র নির্মাতাগৰাকীয়ে যোৱা ১৪ ডিচেম্বৰত ৯০ বছৰ সম্পূৰ্ণ কৰিছিল। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰাৰ সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ...