আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস

আজি ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস। গ্রাহক আন্দোলনৰ গুৰুত্ব তথা প্ৰতিজন গ্ৰাহকৰ অধিকাৰ আৰু দায়িত্ব সম্পর্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে আজিৰ দিনটোতে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে গ্রাহক সুৰক্ষা আইন, ১৯৮৬ প্ৰণয়ন কৰা হৈছিল। এই আইনখনৰ লক্ষ্য হৈছে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ শোষণৰ বিৰুদ্ধে ফলপ্রসূ সুৰক্ষা প্ৰদান কৰা।

ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উপলক্ষে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্রী প্রহ্লাদ যোশীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গ্রাহক দিৱস উপলক্ষে আয়োজিত এখন সভাত সভাপতিত্ব কৰিব। এই সভাত মন্ত্ৰীগৰাকীয়ে গ্ৰাহকৰ অধিকাৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰিব বুলিও প্রকাশ কৰিছে। উল্লেখযোগ্য যে এই পদক্ষেপসমূহৰ ভিতৰত ই-মেপ’ প’ৰ্টেল, এ আই সক্ষম ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইন ২.০, জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোর্ড অন্যতম বুলি গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয় এটা বিবৃতিত প্রকাশ কৰে। এই অনুষ্ঠান ১৩টা প্রতিষ্ঠিত ই-কমার্চ কোম্পানীয়েও গ্ৰাহকৰ সুৰক্ষা নিশ্চিত কৰি সুৰক্ষাৰ প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰিব। উল্লেখযোগ্য যে এইবাৰৰ ৰাষ্ট্ৰীয় গ্ৰাহক দিৱসৰ বিষয়বস্তু হৈছে ভার্চুৱেল শুনানী আৰু গ্ৰাহকৰ ন্যায়ৰ ডিজিটেল প্ৰৱেশ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।