December 24, 2024 3:53 PM

views 23

এইবাৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ পৰা প্রতীকপট নাথাকিব

নতুন দিল্লীৰ কৰ্তব্য পথত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত এইবাৰ অসমৰ পৰা প্রতীকপট নাথাকিব। অৱশ্যে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত প্রদর্শনীত বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃত অসমৰ চৰাইদেউ মৈদামে স্থান লাভ কৰিব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্রস্তুতি অব্যাহত আছে বুলি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা ব...

December 24, 2024 3:49 PM

views 34

ভুৱা নথিপত্ৰৰে বাংলাদেশী নাগৰিকক ভাৰতত সংস্থাপিত কৰা এটা চক্ৰৰ ১১ জন লোকক আটক দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে যোৱা কেইদিনত ভুৱা নথিপত্ৰৰে বাংলাদেশী নাগৰিকক ভাৰতত সংস্থাপিত কৰা এটা চক্ৰৰ ১১ জন লোকক আটক কৰিছে। এই লোক কেইজনে এটা ভুৱা ৱেবছাইটৰ জৰিয়তে অবৈধ নথিপত্ৰ প্ৰস্তুত কৰি বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিকৰূপে পৰিচয় দিয়াৰ ব্যৱস্থা কৰিছে। দক্ষিণ দিল্লীৰ আৰক্ষী উপায়ুক্তগৰাকীয়ে আজি এই বিষয়...

December 24, 2024 3:46 PM

views 17

কাইলৈ অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদী মধ্য প্ৰদেশলৈ যাব

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মধ্য প্ৰদেশলৈ যাব। তেওঁ ৰাজ্যখনৰ খাজুৰাহোত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই ভ্রমণকালতে প্রধানমন্ত্রীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি এটা স্ম...

December 24, 2024 3:40 PM

views 42

আলফা(স্বা) অবৈধ হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত ন্যায়াধীকৰণ গঠন

কেন্দ্ৰীয় চৰকাৰে অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কার্যকলাপ প্ৰতিৰোধ ন্...

December 24, 2024 3:33 PM

views 28

কেন্দ্রীয় বাজেট দাখিলৰ পূৰ্বে অর্থনীতিবিদৰ সৈতে আলোচনা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেন্দ্রীয় বাজেট দাখিলৰ পূৰ্বে একাংশ অর্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিয়াম আৰু অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে।

December 24, 2024 1:40 PM

views 27

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ বাবে আবেদন কৰক

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...

December 24, 2024 1:35 PM

views 30

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কৰিছে। এতিয়াৰেপৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত নিৰ্ধাৰিত নম্বৰ লাভ কৰিবলৈ সমৰ্থ নোহোৱা ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ ঘোষণা কৰা হ'ব। অৱশ্যে অনুত্তীর্ণ ছাত...

December 24, 2024 1:32 PM

views 21

৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ

শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰবাসীৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ হৈছে। ৰাজ্যৰ সাহিত্য জগতৰ কবি-সাহিত্যিকৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ সাহিত্যিক, কলা-সাহিত্য অনুৰাগীৰ সমাৱেশেৰে ‘পৰিধি অতিক্ৰমী আকৌ এবাৰ' শীৰ্ষক বিষয়বস্তুৰে এই সাহিত্য উৎসৱ অনুষ্ঠিত হ'ব। আজি...

December 24, 2024 1:30 PM

views 39

যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া বিয়লি সম্পন্ন কৰা হ’ব

কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিতালত দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পন্ন কৰা হ'ব। পৰিচালকগৰাকীৰ নশ্বৰ দেহ বৰ্তমান মুম্বাইৰ পে'ডাৰ ৰোডত থকা তেওঁৰ বাসভৱনত ৰখা হৈছে আৰু ছবিজগতৰ ভালেসংখ্যক শিল্পী, কলাকুশলীয়ে শ্যাম বেনেগ...

December 24, 2024 1:26 PM

views 31

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধি

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে দুৰ্ঘটনাত মৃত্যুৰ হাৰ যোৱা বছৰৰ তুলনাত এই বছৰ ১৪.২৮ শতাংশ হ্রাস পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী, পথ পৰিবহনকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্রীয়ে এই বিষয়ে প্ৰকাশ কৰি কয়, যে যোৱাবছৰ...