December 24, 2024 8:58 AM

views 25

ডিব্ৰুগড় বিমান বন্দৰৰ সম্প্ৰসাৰিত ৰানৱেটো ২০২৫ বৰ্ষত কাৰ্যক্ষম হৈ উঠিব

ডিব্ৰুগড় বিমান বন্দৰৰ সম্প্ৰসাৰিত ৰানৱেটো ২০২৫ বৰ্ষত কাৰ্যক্ষম হৈ উঠিব বুলি বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কালি অনুষ্ঠিত উপদেষ্টা সমিতিৰ এখন বৈঠকত কৰ্তৃপক্ষই এই কথা অৱগত কৰে। বৈঠকত বিমান বন্দৰটোৱে যাতে দেশৰ অন...

December 24, 2024 8:54 AM

views 17

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নির্বাচনৰ ৩২ টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে পৰিষদৰ অধীনৰ ৩২ টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিছে। আয়োগে সদৰি কৰা তথ্য অনুসৰি উজনি অসমৰ ৭ খন জিলাৰ ৩২ টা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা ২ লাখ ৯৩ হাজাৰ ৯১৪। ইয়াৰে ১ লাখ ৪৫ হাজাৰ ৩০৭ জন পুৰুষ আৰু ১ লা...

December 23, 2024 9:22 PM

views 15

অৰুণোদয় লাভ কৰা ৬৮২গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ২০২৫ বৰ্ষটো কিতাপৰ দিৱস হিচাপে পালনৰ সিদ্...

December 23, 2024 9:09 PM

views 14

কংগ্রেছে সংবিধান প্রণেতা ড° বি আৰ আম্বেদকাৰক সদায়েই অপমান কৰি আহিছে বুলি বিজেপিৰ অভিযোগ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি পুনৰ মুখ্য বিৰোধী দল কংগ্রেছে সংবিধান প্রণেতা ড° বি আৰ আম্বেদকাৰক সদায়েই অপমান কৰি আহিছে বুলি অভিযোগ কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত জ্যেষ্ঠ দলীয় নেতা ৰবিশংকৰ প্ৰসাদে কয়, যে কংগ্ৰেছে ১৯৫২ চনৰ লোকসভা নিৰ্বাচন আৰু পাছত ১৯৫৪ চনৰ উপ-নির্বাচনত ড° আম্বেদকাৰৰ পৰাজয় নিশ্চি...

December 23, 2024 9:08 PM

views 17

‘নীট’ৰ স্নাতক পাঠ্যক্ৰমৰ বাবে খালী আসনসমূহ পূৰাবলৈ বিশেষ কাউন্সেলিং অনুষ্ঠিতৰ বাবে চিকিৎসা পৰিষদ সমিতিক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে দেশত চিকিৎসকৰ সংখ্যা প্রয়োজন অনুপাতে কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা পৰিষদ সমিতিক ৰাষ্ট্ৰীয় যোগ্যতা নির্ণয়কাৰী প্ৰৱেশ পৰীক্ষা, নীটৰ স্নাতক পাঠ্যক্ৰমৰ বাবে খালী হৈ থকা আসনসমূহ পূৰ কৰিবলৈ বিশেষ কাউন্সেলিং অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছে। ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বন...

December 23, 2024 9:05 PM

views 15

কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ নতুন বদলিকৰণ নীতি ঘোষণা

কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চি আই এছ এফ)য়ে আজি নতুন বদলিকৰণ নীতি ঘোষণা কৰিছে ৷ চি আই এছ এফৰ মহানিৰ্দেশক ড০ কে চি চামান্তাৰে আজি নতুন দিল্লীত এখন সংবাদ মেলত কয়, যে প্ৰথমবাৰৰ বাবে পচন্দ অনুসৰি বদলিকৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয়, যে চি আই এছ এফৰ প্ৰতিগৰাকী জোৱানে বদলিৰ বাবে দহখন ঠাই নিৰ্বা...

December 23, 2024 9:03 PM

views 12

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰাৰ বিশেষ নীতি বাতিল

কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুতীৰ্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰাৰ বিশেষ নীতি বাতিল কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শিক্ষা সচিব সঞ্জয় কুমাৰে কয়, যে অনুতীৰ্ণ শিক্ষাৰ্থীসকলে দুমাহৰ ভিতৰত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে,...

December 23, 2024 9:01 PM

views 8

বিগত ১০ বছৰত চৰকাৰে আৱৰ্জনাৰ পৰা সম্পদ আহৰণৰ এটা ধাৰাৰ সৃষ্টি কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং

বিগত ১০ বছৰত চৰকাৰে আৱৰ্জনাৰ পৰা সম্পদ আহৰণৰ এটা ধাৰাৰ সৃষ্টি কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যমন্ত্ৰী জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সুশাসন ব্যৱস্থা সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্লাষ্টিক আৰু ইলেকট্রনিক সা...

December 23, 2024 8:29 PM

views 9

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি-পত্ৰ বিতৰণ

বিগত ডেৰ বছৰত দেশত প্ৰায় ১০ লাখ চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তিপত্ৰ বিতৰণ কৰি দিয়া ভাষণত শ্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। দেশখনৰ যুৱ প্ৰজন্মৰ মাজত থকা প্ৰতিভা আৰু সম্ভাৱনাৰ সম্পূৰ্ণৰূপে ...

December 23, 2024 8:28 PM

views 14

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জোৰদাঙাত ১৬ জন বাংলাদেশী নাগৰিকক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জোৰদাঙাৰ পৰা আজি পুৱতি নিশা আৰক্ষীয়ে ১৬জন বাংলাদেশী নাগৰিকক আটক কৰিছে। কেইমাহ মান পূৰ্বে এই লোককেইজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি বাংগালুৰুত শ্রমিক হিচাপে কাম কৰাৰ পাছত ঘৰলৈ উভতি যোৱাৰ বাবে মানকাচৰ সীমান্তত উপস্থিত হৈছিল। মানকাচৰ আৰক্ষীয়ে চোৰাং...