May 13, 2025 12:29 PM

views 33

কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা সামৰণি

কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া যোৱা নিশা সামৰণি পৰে। ভোটগণনাৰ দ্বিতীয় দিনা বিভিন্ন জিলাত বিজেপি আৰু মিত্ৰদলসমূহে শক্তিশালী অগ্রগতি লাভ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। নগাঁও জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া যোৱা নিশা সামৰণি পৰে। প্রাপ্ত ফলাফল অনুসৰি ২৭ খন আসনযুক্ত নগাঁও জিলা পৰিষদত ১১ খন আসন বিজেপিয়ে লাভ কৰে আৰু তিনিখন আসন অসম গণ পৰিষদ দলে লাভ কৰিবলৈ সমৰ্থ হ...

May 7, 2025 1:08 PM

views 32

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত আজি পুৱা চাৰে ৭ বজাৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাৰ মুঠ ১২ হাজাৰ ১৩০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাৰ পৰাই বিভিন্ন ভোটকেন্দ্ৰত ভোটদাতাসকলে ভিৰ কৰাৰ বাতৰি আমালৈ আহিছে। বজালী জিলাৰ ৪ খন জিলা পৰিষদ আৰু ২০ খন আঞ্চলিক পঞ্চায়তত ভোটগ্রহণ নিয়াৰিকৈ আৰম্ভ হৈছে। কামৰূপ জিল...

May 6, 2025 6:33 PM

views 36

কাইলৈ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত কাইলৈ ১৩ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ভোটগ্রহণ হ'বলগীয়া জিলাকেইখনলৈ প্রিজাইডিং আৰু প’লিং বিষয়াসকল ৰাওনা হৈছে। নিৰ্বাচনৰ বাবে জিলা প্রশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সম জিলাৰ পৰা বেলট কাকত, বেলট বাকচকে ধৰি ভোটগ্ৰহণৰ যাৱতীয় সামগ্ৰী সংগ্ৰহ কৰি বিষয়া-কৰ্মচাৰীসকল নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। জিলাখনৰ ছখন জিলা পৰিষদ, তিনিখন আঞ্চলিক পঞ্চায়ত আৰু ২০ খন গাঁও পঞ্চায়তৰ বাবে নির্বাচন অন...

May 5, 2025 12:38 PM

views 36

পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্রহণ হোৱা ৪৪ টা কেন্দ্ৰত প্ৰায় ৭৮. ১ শতাংশ ভোটদান

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত ব্যাঘাত জন্মা ৫ খন জিলাৰ মুঠ ৪৪ টা কেন্দ্ৰত কালি হোৱা পুনৰ ভোটগ্রহণ ৭৮. ১-০ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ২ মে’ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত বিক্ষিপ্ত ঘটনা, বেলট বিসংগতিকে ধৰি বিভিন্ন কাৰণত এই কেন্দ্রকেইটাত ভোটগ্রহণ স্থগিত ৰখা হৈছিল। পুনৰ ভোটগ্রহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাৰ সৰ্বাধিক ৩২টা, শ্রীভূমিৰ ৮টা, লখিমপুৰত ২টা, গোলাঘাট আৰু মাজুলীৰ এটাকৈ কেন্দ্ৰ আছে। হাইলাকান্দি জিলাত প্রায় ৭...

May 3, 2025 11:50 AM

views 30

মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

● ৰাজ্যিক নির্বাচন আয়োগে মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইলৈ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ পুনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি হৈ যোৱা ভোটগ্রহণত এই কেন্দ্ৰটোক বাদ দি মাজুলী জিলাত ৮০.০২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে।

May 3, 2025 11:44 AM

views 28

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণ প্ৰস্তুতি

■ অহা ৭ মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাই আছে। ৰাজনৈতিক দলসমূহেও নিজ নিজ প্ৰাৰ্থীৰ হৈ জনসাধাৰণৰ মন আকৰ্ষণৰ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৭ মে'ত নির্বাচন হ'বলগীয়া জিলাকেইখন হৈছে – কামৰূপ, কামৰূপ মহানগৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, হোজাই, মৰিগাঁও, নগাঁও আৰু দৰং জিলা। গোৱালপাৰা জিলাত বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নির্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ভোট...

May 3, 2025 11:38 AM

views 36

৫৬.৪১ শতাংশ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

■ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৫৬.৪১ শতাংশ ভোটদান সম্পন্ন হয়। তিনিচুকীয়া জিলাত ৪৮.১৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ, যোৰহাটত ৫৭ শতাংশ, গোলাঘাটত ৫২.৫১ শতাংশ, ধেমাজিত ৬২.১ শতাংশ, লখিমপুৰত ৬৬.৫ শতাংশ, শোণিতপুৰত ৫২.৫ শতাংশ আৰু বিশ্বনাথত ৫৬.৮৯ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত ৫৮.৫৫ শতাংশ, হাই...

May 2, 2025 7:55 PM

views 36

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ ব্যাপক প্ৰচাৰ অভিযান

অহা ৭ মে’ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ লগতে নির্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি, অসম গণ পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল, এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মাই আজি ধুবুৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ধুবুৰীৰ বীৰ চিলাৰায় মেলা ময়দানত অনুষ্ঠিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু মিত্ৰদল অগপৰ প্রার্থীক ভোট দিবলৈ আহ্বান ...

May 2, 2025 6:51 PM

views 28

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি চাৰে তিনি বজা পর্যন্ত ৫৬. ৪-১ শতাংশ ভোটদান সম্পন্ন হৈছে। তিনিচুকীয়া জিলাত ৪৮. ১-৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০. ৯-৪ শতাংশ, শিৱসাগৰত ৫৭. ৭-২ শতাংশ, মাজুলীত ৬১. ৬-৭ শতাংশ, যোৰহাটত ৫৭ শতাংশ, গোলাঘাটত ৫২.৫-১ শতাংশ, ধেমাজিত ৬২. ১ শতাংশ, লখিমপুৰত ৬৬. ৫ শতাংশ, শোণিতপুৰত ৫২.৫ শতাংশ আৰু বিশ্বনাথত ৫৬. ৮-৯ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাত...

April 28, 2025 12:26 PM

views 35

ৰাজ্যত শাসক-বিৰোধীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মায়ো প্রতিদিনে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ড° শৰ্মাই জিলাখনৰ টিংখং বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। এই উপলক্ষে টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট ...