April 26, 2025 8:10 PM

views 58

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনৰ প্রস্তুতি সম্পূৰ্ণ

মানকাচৰত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে হাটশিঙিমাৰীত আয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এহেজাৰ ৮৫১ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়াই অংশগ্ৰহণ কৰে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ২৫টা ভোটগ্রহণ কেন্দ্ৰত নিয়োজিত শতাধিক মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াকো প্রশিক্ষণ প্রদান কৰা হয়। উল্লেখযো...

April 26, 2025 7:35 PM

views 25

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিৰ্বাচনী পর্যবেক্ষক মধুসূদন দাসৰ উপস্থিতিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত মহিলা প্রিজাইডিং আৰু প’লিং বিষয়া উপস্থিত থাকে।

April 26, 2025 7:33 PM

views 38

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি সমর্থিত প্রার্থীসকলক ভোট দিবলৈ আহ্বান জনায়। শ্রীভূমি আয়োজিত সংকল্প সভাত মন্ত্রী কৃষ্ণেন্দু পাল,...

April 25, 2025 6:25 PM

views 42

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰী সোণোৱালে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন বিশেষ সাংগঠনিক সভাত মিলিত হয়। শ্ৰী সোণোৱালে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত আন এখন প্ৰচাৰ...

April 23, 2025 7:02 PM

views 53

যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন

সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি যোৰহাট নির্বাচনী জিলা দ্বিতীয় পৰ্যায়ৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। প্রশিক্ষকসকলে নিৰ্বাচনৰ নীতি-নির্দেশনা তথা বেলট বাকচ ব্যৱহাৰ সন্দৰ্ভত প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণ কার্যসূচীতে প্রথম পৰ্যায়ত প্ৰশিক্ষণ ল'বলৈ বাদ পৰি ৰোৱা প্রিজাইডিং আৰু প’লিং বিষয়াসকলকো অন্তৰ্ভুক্ত কৰা হয় ৷ ডিব্ৰুগড় জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত বিক্ৰম কৈ...

April 23, 2025 6:58 PM

views 38

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

◊ ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে টীয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধোন্দাচাম ক্রীড়া সন্থা খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয়। সৰুপথাৰত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্র সমালোচনা কৰাৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এ সমর্থিত সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে।...

April 23, 2025 12:30 PM

views 32

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছ দলৰ হৈ দলৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈকে ধৰি শীৰ্ষ নেতাসকলে প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ক...

April 22, 2025 12:49 PM

views 44

শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষৰ পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি

■ শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষে সমাগত পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি দিছে। এই চৰ্তসমূহৰ ভিতৰত আছে সকলো ৰাজনৈতিক দল, প্রার্থী, নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰচাৰকসকলে অসম ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা আদৰ্শ আচৰণবিধি কঠোৰভাৱে মানি চলিব লাগিব। স্থবিৰ বা চলন্ত বাহনত পুৱা ৬ বজাৰ আগতে আৰু নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে যদি লাউড স্পীকাৰৰ জৰিয়তে ৰাজহুৱা স্থানত প্ৰচাৰ চলাব বিচাৰে তেন্তে সংশ্ল...

April 22, 2025 10:04 AM

views 34

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

● ৰাজ্যত অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভা আদিৰ আয়োজন কৰি আহিছে। শাসক দলৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ধেমাজি আৰু তিনিচুকীয়া জিলাত পঞ্চায়ত ন...

April 21, 2025 7:32 PM

views 34

ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ নিৰ্বাচন হ'বলগীয়া জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দলীয় প্রার্থীক জয়ী কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়। নিজৰ ভাষণত ড° শৰ্মাই বিগত সময়ছোৱাত ৰাজ্য চৰকাৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি এডভান্টেজ আছা...