পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত কাইলৈ ১৩ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে ভোটগ্রহণ হ’বলগীয়া জিলাকেইখনলৈ প্রিজাইডিং আৰু প’লিং বিষয়াসকল ৰাওনা হৈছে। নিৰ্বাচনৰ বাবে জিলা প্রশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।
কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সম জিলাৰ পৰা বেলট কাকত, বেলট বাকচকে ধৰি ভোটগ্ৰহণৰ যাৱতীয় সামগ্ৰী সংগ্ৰহ কৰি বিষয়া-কৰ্মচাৰীসকল নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। জিলাখনৰ ছখন জিলা পৰিষদ, তিনিখন আঞ্চলিক পঞ্চায়ত আৰু ২০ খন গাঁও পঞ্চায়তৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰীত কর্মসূত্রে থকা লোকসকল ইতিমধ্যে নিজ নিজ জিলালৈ ৰাওনা হৈছে।
ধুবুৰী জিলাত এহেজাৰ ৪৬৫টা ভোটকেন্দ্ৰত হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি ধুবুৰী ভোলানাথ মহাবিদ্যালয়, গোলকগঞ্জ সমজিলাৰ কাৰ্যালয় আৰু বিলাসীপাৰা সমজিলাৰ কাৰ্যালয়ত বেলট কাগজ বিতৰণ কৰা হয় ।
হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত ৪০৬টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে নিয়োজিত এহেজাৰ ৬২৪ গৰাকী প’লিং আৰু প্রিজাইডিং বিষয়া নিজ নিজ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হয়। মানকাচৰৰ বাংলাদেশ সীমান্তৱৰ্তী চৰ এলেকাত থকা ৫টা স্পৰ্শকাতৰ ভোটগ্রহণ কেন্দ্ৰলৈ যন্ত্রচালিত নাৱেৰে বিষয়াসকলে যাত্রা কৰে। ইপিনে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি বছৰ বছৰ ধৰি মানকাচৰৰ অসম-মেঘালয় সীমান্তত বসবাস কৰা ভোটদাতাসকলেও আজিয়েই ভোটদানৰ বাবে চৰ অঞ্চললৈ ৰাওনা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ পৰা যাৱতীয় সামগ্রী সংগ্ৰহ কৰি প্রিজাইডিং আৰু প’লিং বিষয়াসকলে নিৰাপত্তাৰক্ষীসহ আজি বজালী জিলাৰ বিভিন্ন ভোটকেন্দ্ৰলৈ যাত্ৰা কৰে। জিলাখনত ৬৯০ গৰাকী সদস্যই গাঁও পঞ্চায়তত, ৫৬ গৰাকীয়ে আঞ্চলিক পঞ্চায়ত আৰু ১৫ গৰাকীয়ে জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
গোৱালপাৰা জিলাত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৪ হাজাৰ ৫০০ বিষয়া নিয়োগ কৰা হৈছে।
হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে আজি জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নির্বাচনী কাম-কাজ পৰ্যবেক্ষণ কৰি প’লিং আৰু প্রিজাইডিং বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।
বৰপেটা জিলাতো নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ চৰ অঞ্চলত থকা ১২৯টা কেন্দ্ৰলৈ কালিয়েই নির্বাচনী বিষয়াৰ দল ৰাওনা হয়। নগাঁও, মৰিগাঁও আৰু দৰং জিলাতো কাইলৈ হ’বলগীয়া নিৰ্বাচনক লৈ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ১৩ খন জিলাত মুঠ ১২ হাজাৰ ১৩০টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। এই পৰ্যায়ত ৯১ লাখ ৩১ হাজাৰ ১২৭ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ত মুঠ ২৯ হাজাৰ ৬০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তত দুহেজাৰ ৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ২৬ হাজাৰ ৭২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে এহেজাৰ ২৮৯ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।