মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত আজি পুৱা চাৰে ৭ বজাৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাৰ মুঠ ১২ হাজাৰ ১৩০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে।
পুৱা ৭ বজাৰ পৰাই বিভিন্ন ভোটকেন্দ্ৰত ভোটদাতাসকলে ভিৰ কৰাৰ বাতৰি আমালৈ আহিছে। বজালী জিলাৰ ৪ খন জিলা পৰিষদ আৰু ২০ খন আঞ্চলিক পঞ্চায়তত ভোটগ্রহণ নিয়াৰিকৈ আৰম্ভ হৈছে। কামৰূপ জিলাৰ প্ৰতিটো কেন্দ্ৰত যুৱক- যুৱতীৰ লগতে বৃদ্ধ লোকসকলেও ভোটকেন্দ্ৰসমূহত শাৰি পতা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ এহেজাৰ ৪৬৫টা ভোটকেন্দ্ৰত পুৱাৰে পৰা নিয়াৰিকৈ ভোটগ্রহণ অনুষ্ঠিত হৈছে। জিলাখনত জিলা পৰিষদৰ মুঠ ২০টা সদস্যপদৰ বাবে ৬৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। হোজাই জিলাৰ ৭৭৪টা ভোটকেন্দ্ৰত ভোটগ্রহণ প্রক্রিয়া শান্তিপূর্ণভাৱে আৰম্ভ হৈছে বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে।
নলবাৰী জিলাতো পুৱাৰে পৰা ভোটগ্রহণ অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত ৯১ লাখ ৩১ হাজাৰ ১২৭ গৰাকী ভোটদাতাই ২৯ হাজাৰ ৬০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত জিলা পৰিষদত ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তত দুহেজাৰ ৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ২৬ হাজাৰ ৭২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে এহেজাৰ ২৮৯ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।
ৰাজ্যখনত যোৱা ২ মে’ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৪ খন জিলাত ৭০ দশমিক ১-৯ শতাংশ ভোটদান সম্পন্ন হয়। অহা ১১ মে’ত দুয়োটা পৰ্যায়ৰে ভোটগণনা কৰা হ’ব। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে।