আঞ্চলিক সংবাদ

November 23, 2024 6:05 PM

views 12

আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৬সংখ্যক খণ্ড। আকাশবাণী-দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন ...

November 23, 2024 11:12 AM

views 32

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ অসম পেভিলিয়ন পৰিদর্শন মন্ত্ৰী বিমল বৰাৰ

ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৪ নৱেম্বৰত আৰম্ভ হোৱা ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা চমুকৈ আই আই টি এফৰ অসম পেভিলিয়ন পৰিদর্শন কৰে। ইণ্ডিয়ান ট্রেড প্রমোচন অর্গনাইজেচনে আয়োজন কৰা এই বাণিজ্য মেলাত অসমৰ বিপণীসমূহে ৰাজ্য চৰকাৰৰ ...

November 23, 2024 10:57 AM

views 12

গুৱাহাটীত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি

অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠান আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব। যোৱা বৰ্ষৰ ২৩ নৱেম্বৰত শিলচৰত উদ্বোধন কৰা মহাৰজত জয়ন্তীব বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ চানমাৰিত অৱস্থিত প্রাথমিক শিক্ষক সন্মিলনিৰ শিক্ষক ভৱনৰ সভাকক্ষ আৰ...

November 23, 2024 10:52 AM

views 28

অসম কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ বৈঠক

ৰাজ্যত মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে এতিয়াৰে পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগ অথবা অসম লোকসেৱা আয়োগৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰে ইতিপূর্বে সংশোধন কৰা অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) আইনৰ অধীনত এনে ব্যৱস্থা বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়সমূহৰ শিক্ষক আৰু ...

November 23, 2024 10:48 AM

views 30

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনা অব্যাহত

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনা চলি আছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ মুঠ ৬৮ খন ভোটগণনা মেজত ভোটগণনা কৰাৰ পূৰ্বে মুঠ ৯ খন মেজত ডাকযোগে অহা বেলট কাকতসমূহ গণনাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পাছত ৮৫ বছৰ ঊৰ্ধৰ ভোটদাতাসকলে বেলট কাকতত দিয়া ভোটসমূহ গণনা কৰা হ'ব। দুপৰীয়াৰ...

November 23, 2024 10:27 AM

views 10

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত কমেও ১০টা মাওবাদী নিহত

ছত্তীশগড়ত কালি নিৰাপত্তাৰক্ষী আৰু মাওবাদী উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত কমেও ১০টা মাওবাদী নিহত হৈছে। সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে ৰাজ্যখনৰ চুকমা জিলাৰ কন্তা অঞ্চলত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্য...

November 22, 2024 8:16 PM

views 21

আইটা ৰাষ্ট্ৰীয় ৰেংকিং চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত ফাগুনজ্যোতিৰ খিতাপ জয়

অসমৰ প্ৰতিভাৱান টেনিছ খেলুৱৈ ফাগুনজ্যোতিয়ে গুৰুগ্ৰামত অনুষ্ঠিত আইটা ৰাষ্ট্ৰীয় ৰেংকিং চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত খিতাপ জয় কৰিবলৈ সমৰ্থ হৈছে। ফাগুনজ্যোতিয়ে ছোৱালীৰ ১২ বছৰ অনুৰ্ধৰ ডাবলছ শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰাৰ লগতে ১২ বছৰ অনুৰ্ধৰ একক শাখাত ৰাৰ্ণাছআপ হয়।  

November 22, 2024 8:15 PM

views 30

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতাৰ ল’ৰাৰ একক শাখাত সেহাজ সিং পাৱাৰে ফাইনেলত প্ৰৱেশ

গুৱাহাটীৰ চচলত অনুষ্ঠিত আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতাৰ ল'ৰাৰ একক শাখাত শীৰ্ষ বাছনিৰ ভাৰতৰ সেহাজ সিং পাৱাৰে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত আজি অনুষ্ঠিত ছেমি ফাইনেলত সেহাজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইজিয়ান আহমেদক পৰাস্ত কৰে। কাইলৈ হ'বলগীয়া ফাইনেলত সেহাজে ভাৰতৰ বাছনিবিহীন খেলুৱৈ অৰ...

November 22, 2024 8:13 PM

views 17

অহা ১ ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতী চেনেলৰ মুখ্য বাতৰিৰ সময়সূচী সামান্য পৰিৱৰ্তন

আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতী চেনেলৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ সময়সূচী অহা ১ ডিচেম্বৰৰ পৰা সামান্য পৰিৱৰ্তন ঘটোৱা হ'ব। সেই অনুসৰি দিনৰ ১০ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি সেইদিনাৰ পৰা পুৱা ৭ বাজি ২৮ মিনিটত আৰু সন্ধিয়া ৬ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি নিশা ৮ বাজি ২৮ মিনিটত প্ৰচাৰিত হ'ব।

November 22, 2024 8:11 PM

views 24

কাইলৈ দৃষ্টিপাত অনুষ্ঠানত বিধানসভাৰ উপ- নিৰ্বাচন ফলাফল সম্পর্কত বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ- নিৰ্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। এই অনুষ্ঠানট...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।