আঞ্চলিক সংবাদ

October 21, 2024 7:30 PM October 21, 2024 7:30 PM

views 7

বৰপেটাত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় মুকলি

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত আজি বৰপেটাত প্ৰথমখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় মুকলি কৰা হয়। ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদত থকা বৰপেটা কেন্সাৰ কেয়াৰ চেণ্টাৰত স্থাপন কৰা মহাবিদ্যালয়খন ৰাজ্যৰ পৰিবহণ, বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে...

October 21, 2024 7:28 PM October 21, 2024 7:28 PM

views 12

ৰাজ্যত হ’বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি; বিজেপি-কংগ্ৰেছ-ইউপিপিএলৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। ইতিপূর্বে শাসকীয় বিজেপিয়ে ৩টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উপ-নির্বাচনৰ বাবে ৩২ নম্বৰ বঙাইগাঁও বিধানসভা সমষ্টিত অগপৰ হৈ দ...

October 21, 2024 7:27 PM October 21, 2024 7:27 PM

views 16

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অভিযন্তাৰ অপহৰণৰ ষড়যন্ত্ৰত জড়িত যুৱকৰ শিৱসাগৰ থানাত আত্মসমৰ্পণ

যোৱা ৫ আৰু ৬ অক্টোবৰত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এজন অভিযন্তাৰ অপহৰণৰ ষড়যন্ত্ৰত জড়িত থকা এজন যুৱকে আজি শিৱসাগৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। শিৱসাগৰৰ ধাইআলিৰ বাসিন্দা জৰিফত আহমেদ নামৰ যুৱকজনৰ শিৱসাগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত অন্য চাৰিজন যুৱকক আৰক্ষীয়ে কৰায়ত্...

October 21, 2024 7:25 PM October 21, 2024 7:25 PM

views 4

জাপানীজ এনচেফেলাইটিছৰ প্ৰাপ্তবয়স্ক টীকাকৰণ অভিযানৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা

জাপানীজ এনচেফেলাইটিছৰ প্ৰাপ্তবয়স্ক টীকাকৰণ অভিযানৰ বাবে আজি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা কর্মবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। সভাখন মুকলি কৰি স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তই সকলো অংশীদাৰক আদৰণি জনায়। সভাত চলিত বৰ্ষৰ ১৫ নৱেম্বৰত আৰম্ভ কৰিবলগীয়া টীকাকৰণ অভিযানত প্রাপ্ত বয়স্ক সকলো ব্...

October 21, 2024 12:29 PM October 21, 2024 12:29 PM

views 3

বাগৰুম্বাৰ জড়িয়তে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’বলৈ সদৌ অসম বাথৌ মহাসভাৰ প্ৰচেষ্টা

সদৌ অসম বাথৌ মহাসভাই ৰাজ্যৰ অন্যতম জনগোষ্ঠী বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বাৰ জড়িয়তে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ প্ৰচেষ্টা হাতত লৈছে। মুঠ ৪০ হাজাৰ নাচনীয়ে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ একেলগে নৃত্য প্ৰদৰ্শন কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে আখৰা চ...

October 21, 2024 12:18 PM October 21, 2024 12:18 PM

views 12

অহা ৩০ অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰৱণ যন্ত্ৰ বিতৰণ

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অহা ৩০ অক্টোবৰত শ্ৰৱণেন্দ্ৰিয় বাধাগ্ৰস্ত লোকৰ বাবে শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হ'ব। এই উদ্দেশ্যে সংশ্লিষ্ট লোকসকলক চিকিৎসালয়খনত কাণৰ পৰীক্ষা কৰাই প্রতিবেদন জমা দিবলৈ বিভাগীয় কর্তৃপক্ষই আহ্বান জনাইছে। উল্লেখযোগ্য যে কাণেৰে নুশুনা লোকে বিপিএলকার্ড, আধাৰ কাৰ্ড, দুকপ...

October 21, 2024 12:14 PM October 21, 2024 12:14 PM

views 18

NAAC ৰ মূল্যায়নত শদিয়া আৰু নলবাৰী মহাবিদ্যালয়ৰ ক্ৰমে বি-গ্রেড আৰু বি-ডাবল প্লাছ গ্ৰেড লাভ

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ- NAAC ৰ মূল্যায়নত শদিয়া মহাবিদ্যালয়ে ২ দশমিক ৪ CGPA ৰে বি-গ্রেড লাভ কৰিবলৈ সমৰ্থ হৈছে। আনহাতে নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ে ২ দশমিক ৮-৫ CGPA ৰে বি-ডাবল প্লাছ গ্ৰেড লাভ কৰে।এই সাফল্যৰ বাবে শিক্ষা মন্ত্রী ডাº ৰণোজ পেগুৱে দুয়োখন মহাবিদ...

October 21, 2024 12:09 PM October 21, 2024 12:09 PM

views 8

আজি বিশ্ব আয়’ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস

আজি বিশ্ব আয়'ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জনসাধাৰণক আয়'ডিনৰ অভাৱত হোৱা বিসংগতিসমূহ প্ৰতিৰোধ কৰিবলৈ আয়'ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, দৈনিক প্ৰতিগৰাকী ব্যক্তিৰ বাবে ১৫০ মাইক্ৰ'গ্ৰাম আয়'ডিনৰ প্ৰয়োজন হয়...

October 21, 2024 12:07 PM October 21, 2024 12:07 PM

views 16

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে কালি ৩টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিজেপিয়ে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চাম...

October 21, 2024 12:04 PM October 21, 2024 12:04 PM

views 8

শিৱসাগৰৰ অনুষ্ঠিত নৱম গ্ৰন্থমেলাত উৰুলি কাশ্যপৰ দুখন গ্ৰন্থ উন্মোচন

শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কালি অনুষ্ঠিত নৱম গ্ৰন্থমেলাত লেখিকা উৰুলি কাশ্যপৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ডº মাধুৰ্য মণ্ডিত বৰুৱাই সাহিত্য প্ৰাচ্য-প্রতীচ্য আৰু শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে চিঠি এখন লিখিবনে আপুনি শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰে। উল্লেখযোগ্য যে গ্ৰন্থ উন্মোচনী সভাত...