আঞ্চলিক সংবাদ

October 22, 2024 6:07 PM October 22, 2024 6:07 PM

views 16

যুৱ উদ্যমীসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান

যুৱ উদ্যমীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে বহনক্ষম আৰ্থিক উন্নয়নৰ ভেটি সমৃদ্ধিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি কৃষিমন্ত্ৰী অতুল বৰাই আজি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীত এখন বৈঠকত মিলিত হয়। বৈঠকত গ্ৰাম্য অৰ্থনীত...

October 22, 2024 6:05 PM October 22, 2024 6:05 PM

views 12

বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰী সভা

বৰপেটা জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন জৰুৰী সভা জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই সভাত দুৰ্যোগৰ সময়ত ক্ষিপ্ৰতাৰে ল'বলগীয়া সিদ্ধান্ত আৰু গ্ৰহণ কৰিবলগীয়া অন্যান্য ব্যৱস্থা সম্পর্কে আলোচনা কৰা হয়। এই বৈঠকত ৰাজ্যিক দুৰ্যোগ প্ৰতিৰোধ পুঁজি চমুকৈ এছ ডি আৰ এফ আৰু ৰাজ্যিক দুর্যোগ প্রশমন ...

October 22, 2024 6:01 PM October 22, 2024 6:01 PM

views 10

জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ৰাজ্যৰ মুখ্য সচিবৰ বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই আজি ২৭ অক্টোবৰত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পর্যায় সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা চাৰে ৯ বজাৰ পৰা চাৰে ১১ বজালৈ এহেজাৰ ৪৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ৪ বজালৈ ...

October 22, 2024 5:55 PM October 22, 2024 5:55 PM

views 12

ৰাজ্যৰ বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ৰাজ্যত চলি থকা বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয়। বিভিন্ন সংস্থাৰ দ্বাৰা ৰূপায়ণ কৰা ৫৭টা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণৰ্কৰণ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। ...

October 22, 2024 11:33 AM October 22, 2024 11:33 AM

views 13

ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস হোৱাত কমলাবাৰী-নিমাতী ফেৰী ঘাটৰ ফেৰীৰ চলাচল বন্ধ

■ ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত কালিৰে পৰা মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী ঘাটেৰে ফেৰীৰ চলাচল বন্ধ হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী পথ খননৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা এখন ড্ৰেজাৰ মাজুলীলৈ অনা হৈছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান আই আই টি মাদ্ৰাজৰ এটা বিশেষজ্ঞ দলৰ তত্বাৱধানত আজিৰ ...

October 22, 2024 11:29 AM October 22, 2024 11:29 AM

views 18

২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনলাইন পোৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। এই অনুসৰি sebaregistration.org শীৰ্ষক পোৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি পৰিষদৰ স...

October 22, 2024 11:25 AM October 22, 2024 11:25 AM

views 7

৫ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি

■ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ইতিমধ্যে আনুষ্ঠানিকভাবে ঘোষণা কৰে। বিজেপিয়ে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু ...

October 21, 2024 9:23 PM October 21, 2024 9:23 PM

views 5

নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত এই প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই প্রকল্পসমূহৰ ৰূপায়ণে...

October 21, 2024 9:22 PM October 21, 2024 9:22 PM

views 3

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আকাশবাণী গুৱাহাটীৰ ‘তোমাৰ নিবিড় মায়াৰে’ নাট মঞ্চস্থ

আকাশবাণী গুৱাহাটীয়ে ইনলী ফাউণ্ডেচনৰ সহযোগত দৃষ্টিহীনসকলৰ বাবে আজি এখন মঞ্চনাট পৰিৱেশন কৰে। ঋতুপৰ্ণ দাস ৰচিত আৰু পৰিচালিত তোমাৰ নিবিড় মায়াৰে নামৰ এই নাটখন আজি দিনৰ ভাগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত পৰিৱেশন কৰা হয়। এই মঞ্চনাটখনৰ দ্বাৰা দৃষ্টিহীন লোকসকলক অনাত...

October 21, 2024 9:20 PM October 21, 2024 9:20 PM

views 5

তিনিচুকীয়াত কাইলৈ উপস্থিত হ’ব কৃষি আৰু কৃষক বিভাগৰ ৰাজ্য মন্ত্ৰী ভগীৰথ চৌধুৰী

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক বিভাগৰ ৰাজ্য মন্ত্ৰী ভগীৰথ চৌধুৰী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে বৰহাপজানত থকা এখন কৃষি পামো পৰিদৰ্শন কৰিব। ইয়াৰ উপৰি শ্ৰী চৌধুৰীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয...