আঞ্চলিক সংবাদ

October 31, 2024 11:53 AM October 31, 2024 11:53 AM

views 15

ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় প্ৰদূষণমুক্ত চহৰ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশা প্রকাশ

কেন্দ্ৰীয় জাহাজ পৰিবহণ, বন্দৰ আৰু জল পথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় চহৰখন প্ৰদূষণমুক্ত চহৰ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, ডিব্ৰুগড়ৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়ত ইয়া...

October 31, 2024 11:44 AM October 31, 2024 11:44 AM

views 9

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া  ৮ নৱেম্বৰৰ পৰা আৰম্ভ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰিক্ষাৰ্থীসকলৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া ৩০ নৱেম্বৰত অন্ত পৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী-মার্চ মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। সেই অনুসৰি প্ৰ...

October 31, 2024 11:40 AM October 31, 2024 11:40 AM

views 6

ৰাজ্যৰ ৫ টা সমষ্টিত ১৩ নৱেম্বৰত হবলগীয়া উপ নির্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ প্রতিদ্বন্দিতা

ৰাজ্যৰ ৫ টা সমষ্টিত অহা ১৩ নৱেম্বৰত হবলগীয়া উপ নির্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা কৰাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা ধলাই বিধানসভা সমষ্টিৰ এজন নির্দলীয় প্রার্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ ফলত সমাগত উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থী...

October 30, 2024 9:14 PM October 30, 2024 9:14 PM

views 5

দীঘলীপুখুৰীপাৰৰ গছ নকটাকৈ উৰণ সেতু নিৰ্মাণ সম্পর্কে প্ৰতিবেদন দাখিল কৰিবলৈ লোক নিৰ্মাণ পথ বিভাগক মুখ্য সচিবৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে দীঘলীপুখুৰীৰ পশ্চিম আৰু পূব পাৰৰ পথ দুটা ব্যৱহাৰ নকৰাকৈ জি এন বি পথত উৰণ সেতু নিৰ্মাণৰ বিষয়টো সম্পৰ্কে আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব ড০ ৰবী কোটা আজি লোক নিৰ্মাণ পথ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন আলোচনাত মিলিত হয়। এই বৈঠকত দীঘলীপুখুৰীৰ আশে-পাশে থকা ...

October 30, 2024 8:44 PM October 30, 2024 8:44 PM

views 11

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৩৪গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ৰাজনৈতিক দলৰ প্ৰচাৰ অব্যাহত

অহা ১৩ নৱেম্বৰত উপ-নিৰ্বাচন হ’বলগীয়া ধলাই বিধানসভা সমষ্টিৰ এজন নির্দলীয় প্রার্থীয়ে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ইয়াৰ ফলত ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৪গৰাকী হয়। উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ ভিতৰত ধলাইত ৮ জন,...

October 30, 2024 8:36 PM October 30, 2024 8:36 PM

views 4

কালী পূজা-দীপাৱলী উপলক্ষে জনসাধাৰণৰ ব্যাপক উৎসাহ, প্রদূষণ নিয়ন্ত্রণ ব’র্ডৰ সেউজ দীপাৱলী উদযাপনৰ আহ্বান

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাট-পথসমূহো আলোকমালাৰে সজ্জিত কৰি তোলা ...

October 30, 2024 8:33 PM October 30, 2024 8:33 PM

views 6

মিচিং ভাষা দিৱস উপলক্ষে জনগোষ্ঠীটোৰ লোকসকললৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

মিচিং ভাষা দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীটোৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ অন্যতম নৃগোষ্ঠী, চহকী লোকসংস্কৃতি, বাচকবনীয়া হস্তশিল্প, বয়নশিল্প আৰু সাংস্কৃতিক সম্ভাৰেৰে সমৃদ্ধ মিচিংসকলে অসমৰ জনজীৱনলৈ উল্লেখন...

October 30, 2024 8:31 PM October 30, 2024 8:31 PM

views 8

ৰাজ্যত ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্যঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

অসমে ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে লগতে সৌৰ শক্তিৰ সঞ্চয় আৰু বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবেও পদক্ষেপ লৈছে। তেওঁ কয় যে বৰ্ধিত ঘৰুৱা আৰু উদ্যোগিক চাহিদা পূৰণৰ বাবে অসমে ৰাজ্য...

October 30, 2024 8:30 PM October 30, 2024 8:30 PM

views 5

দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণত অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে চৰকাৰে কাম কৰি আহিছেঃ মুখ্যমন্ত্ৰী

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীপাৰৰ বহু পুৰণি গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে সচেতন ৰাইজে প্ৰতিবাদ কৰাৰ পাছতে ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বসহকাৰে লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে, দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য ...

October 30, 2024 8:28 PM October 30, 2024 8:28 PM

views 6

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি ১৬ বছৰ, গণেশগুৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসমত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ সম্পূৰ্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্রাণ হেৰুৱাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।