আঞ্চলিক সংবাদ

November 8, 2024 6:48 PM November 8, 2024 6:48 PM

views 3

দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত অংগনৱাড়ী কৰ্মী-সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান

দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত ৪৪টা অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত ১০টা কেন্দ্ৰত অংগনৱাড়ী কৰ্মী আৰু ৩৪ টা কেন্দ্ৰত অংগনৱাড়ী সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্রার্থীসকলে প্রয়োজনীয় নথি-পত্ৰ আৰু পাছপোৰ্ট আকাৰৰ ফটোৰ দুটা ক’পীৰ লগতে নিৰ্ধাৰিত আৰ্হিত আৱেদন দাখিল কৰিব লাগি...

November 8, 2024 6:47 PM November 8, 2024 6:47 PM

views 6

গুৱাহাটীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীত তামিলনাডুৰ বিৰুদ্ধে অসমৰ প্রথম ইনিংছত ১০৭ ৰানৰ অগ্রগতি

তামিলনাডুৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত চলি থকা ৰঞ্জি ট্ৰফীৰ চাৰিদিনীয়া খেলখনত অসমে প্রথম ইনিংছত ১০৭ ৰানৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। তামিলনাডুৰ প্ৰথম ইনিংছত কৰা ৩৩৮ ৰানৰ প্ৰত্যুত্তৰত অসমে আজি তৃতীয় দিনা প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে। দিনটোৰ খেলৰ সামৰণিত তামিলনাডুৱে এটাও উইকেট নেহেৰুৱাকৈ ৮ ...

November 8, 2024 11:57 AM November 8, 2024 11:57 AM

views 17

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ মনোনয়ন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ

অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াই গতি লাভ কৰিছে। ২০২৫-২৭ বৰ্ষৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে কালিৰে পৰা মনোনয়ন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে। সাহিত্য সভাৰ সূত্ৰই জনোৱা অনুসৰি প্ৰথম দিনা দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ গুৱাহাটীৰ কাৰ্যালয়ত জমা দিছে। উপ-সভাপতি পদৰ বাবে এজন প্ৰাৰ্থী ...

November 8, 2024 11:54 AM November 8, 2024 11:54 AM

views 5

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ...

November 8, 2024 11:53 AM November 8, 2024 11:53 AM

views 18

ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে কয় যে যোৱা অক্টোবৰৰ শেষ ভাগলৈ ব্ৰাজিলৰ পৰা আমদানি কৰা মাটি মাহৰ দাইলৰ পৰিমাণ ৪ হাজাৰ ১০২ মেট্রিক টনৰ পৰা ২২ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কয় যে শেহতীয়া কেইটামান বছৰত ব্ৰাজিলৰ মাটি মাহৰ দাইলৰ গুৰুত্বপূৰ্ণ যোগানকাৰী ৰূপে পৰ...

November 8, 2024 11:51 AM November 8, 2024 11:51 AM

views 10

যোৰহাটৰ কাকজান আৰু মেলেঙৰ লগতে জিলাখনৰ ভিন্ন স্থানত বেৰিকেডৰ ব্যৱস্থা

শীতকাল আৰু কুঁৱলীৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পথ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা যোৰহাটৰ কাকজান আৰু মেলেঙৰ লগতে জিলাখনৰ ভিন্ন স্থানত বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত ভিন্ন স্থানত ঘাইপথসমূহৰ নিৰ্মাণকাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত চালকৰ সুবিধাৰ...

November 8, 2024 11:47 AM November 8, 2024 11:47 AM

views 5

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি পূৰ্বোত্তৰ আদি মহোৎসৱ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পূৰ্বোত্তৰ আদি মহোৎসৱ মুকলি কৰিব। জনজাতীয় শিল্প-সংস্কৃতি, খাদ্য আৰু পণ্য প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে জনজাতীয় পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ট্রাইফইডে এই মহোৎসৱৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষা তথা জনজাত...

November 8, 2024 11:45 AM November 8, 2024 11:45 AM

views 11

বৰ্ণাঢ্য কাৰ্যসূচীৰ কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। কাইলৈ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। দিনৰ ভাগত বৰ...

November 8, 2024 11:35 AM November 8, 2024 11:35 AM

views 4

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তেল খননৰ প্ৰস্তাৱ নাকচ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত তেল খননৰ প্ৰস্তাৱ নাকচ কৰিছে। মন্ত্ৰালয়ে গোচৰৰ মাজতে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি তেল খননৰ প্ৰস্তাৱ বাতিল কৰাৰ কথা ব্যক্ত কৰে। উল্লেখযোগ্য যে ২০২০ চনৰ ১১ মে'ত পৰিবেশ, বন আৰু জলবায...

November 8, 2024 12:24 PM November 8, 2024 12:24 PM

views 16

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।