আঞ্চলিক সংবাদ

December 14, 2024 8:01 PM

views 33

আজি ৰাষ্ট্ৰীয় লোক আদালতত কামৰূপ মহানগৰ জিলাৰ ৪,৪৫৬টা গোচৰ নিষ্পত্তি

জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় লোক আদালত কামৰূপ মহানগৰ জিলাৰ ৪ খন আদালতত চলি থকা দেৱানী, ফৌজাদাৰী, পাৰিবাৰিককে ধৰি অন্যান্য ২৫ হাজাৰ ৯৮২ টা গোচৰৰ ৪ হাজাৰ ৪৫৬ টা গোচৰ নিষ্পত্তি কৰা হয়। ধুবুৰী জিলা ন্যায়িক আদালতত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণ...

December 14, 2024 7:58 PM

views 7

গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত কৃষ্ণ বৰ্মন নামৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে বৰাগাওঁত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষ্ণ বৰ্মন নামৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্ত কৃষ্ণ বর্মনক ধুবুৰীৰ গোলকগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰে। বৰাগাঁৱৰ ঘটনাটোৰ সৈতে জড়িত থকা তথ্য প্ৰমাণৰ আধাৰত আৰক্ষীয়ে কালি ৮জনক গ্ৰেপ্তাৰ কৰিছিল। ইয়াকে...

December 14, 2024 7:56 PM

views 12

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আজিৰে পৰা ১৬ বছৰ অনুৰ্ধ্বৰ আন্তঃবিদ্যালয় প্রশিক্ষণ কেন্দ্র প্রাইজমানী ক্রিকেট প্রতিযোগিতা

অসম ক্রীড়া সাংবাদিক সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ১৬ বছৰ অনুৰ্ধ্বৰ আন্তঃবিদ্যালয় প্রশিক্ষণ কেন্দ্র প্রাইজমানী ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। আজিৰ উদ্বোধনী খেলত মাছখোৱা ক্রিকেট প্রশিক্ষণ কেন্দ্রই গুৱাহাটী ক্রিকেট প্রশিক্ষণ কেন্দ্রক দুই উইকেটত পৰাস্ত কৰে। প্রতিযোগিতাত মুঠ ...

December 14, 2024 3:44 PM

views 23

দেশ বিদেশৰ পৰ্যাটকৰ বাবে কাজিৰঙাত প্ৰথমখন চৰকাৰী অৰ্কিড পার্ক মুকলি হ’ব

দেশ বিদেশৰ পৰ্যাটকৰ বাবে কাজিৰঙাত প্ৰথমখন চৰকাৰী অৰ্কিড পার্ক মুকলি হ'ব। ২০২৫ চনৰ জুলাই মাহত এই চৰকাৰী অৰ্কিড পাৰ্কৰ আৰম্ভণি কৰা হ'ব। কাজিৰঙাত নিৰ্মাণ হৈ থকা চৰকাৰী অৰ্কিড পাৰ্কৰ কাম-কাজ নিৰীক্ষণ কৰি বিভাগীয় মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।

December 14, 2024 3:23 PM

views 26

ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ

ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত কালিৰেপৰা ষষ্ঠ ডিব্ৰুগড় গ্রন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্য কান্ত হাজৰিকাই কালি বিয়লি এই গ্ৰন্থ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শক্তি আৰু দক্ষতা বিকাশ মন্ত্রী প্রশান্ত ফুকনো উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ভাষাবিদ ড০ভ...

December 14, 2024 3:10 PM

views 35

অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত জিলাখনৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কেইবাগৰা...

December 14, 2024 3:06 PM

views 70

ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত ওজৰ আপত্তিসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব

অসমত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা সন্দৰ্ভত থকা ওজৰ আপত্তিসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। এইবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ দুহেজাৰ ৭৮১ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু পৌৰ সভা এলেকাক বাদ দি ৰাজ্যখনৰ ২৭খ...

December 14, 2024 3:05 PM

views 34

বতৰৰ বতৰাঃ বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

বতৰৰ বতৰাঃ বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ৰাজ্যত পুৱা আৰু নিশাৰ ভাগত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীত সর্বোচ্চ তাপমাত্ৰা আছিল ২৫.৫ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.১ ডিগ্রী চেলছিয়াছ। আজিৰ দিনটোত গুৱাহাটীৰ...

December 14, 2024 2:16 PM

views 26

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতাৰ বাবে আগ্ৰহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...

December 14, 2024 2:11 PM

views 29

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ বিষয়ক এটি অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটিত Whatsapp নম্বৰ ৯৮৬৪০-৫৫৫৬৬ যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ০৩৬১-২৬৬১...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।