আঞ্চলিক সংবাদ

February 10, 2025 11:01 AM

views 25

আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ

■ গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত-বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছ...

February 10, 2025 10:50 AM

views 25

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগ

■ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি পদত্যাগপত্র দাখিল কৰে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰ...

February 9, 2025 9:08 PM

views 9

মুক্তিযুঁজাৰু প্ৰয়াত নিধিৰাম চহৰীয়াৰ জন্ম শতবার্ষিকী দিনজোৰা কাৰ্যসূচীৰে মঙলদৈত অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্ত্তী চপাইত মুক্তিযুঁজাৰু প্ৰয়াত নিধিৰাম চহৰীয়াৰ জন্ম শতবার্ষিকী আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত চপাই যুৱ কল্যাণ কেন্দ্ৰ প্ৰাঙ্গনত আয়োজিত জন্ম শতবার্ষিকী অনুষ্ঠান উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত দূৰ...

February 9, 2025 8:55 PM

views 50

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ৩৫খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই আজি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ৩৫খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যিক সভাপতি শ্ৰীশ‍ইকীয...

February 9, 2025 8:50 PM

views 20

গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত কেইবাখনো চলচ্চিত্ৰৰ প্ৰদৰ্শনৰ লগতে আলোচনা চক্র অনুষ্ঠিত

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আজি কেইবাখনো চলচ্চিত্ৰৰ প্ৰদৰ্শনৰ লগতে আলোচনা চক্রও অনুষ্ঠিত হয়। মহোৎসৱত আজি Teach Me, Second Chance, The Light within, Bahadur The Brave আদি কেইবাখনো চিনেমা প্রদর্শিত হয়। পুৱা অনুষ্ঠিত এখন আলোচনাচক্রত চলচ্চিত্ৰ পৰিচালক অ'নিৰ উপ...

February 9, 2025 8:42 PM

views 32

এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণে ৰাজ্যখনৰ নৱ প্ৰজন্মক সময়োপযোগী বাণিজ্যৰ বাবে দক্ষ কৰি তুলিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ

এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণে নতুন প্ৰজন্মৰ বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে উপযুক্ত স্থান দিয়াৰ লগতে ৰাজ্যখনৰ নৱ প্ৰজন্মক সময়োপযোগী বাণিজ্যৰ বাবে দক্ষ কৰি তুলিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাজ্যখনৰ বিনিয়োগ আৰু আন্তঃগাথনি বিকাশৰ বাবে আয়োজিত এই সন্মি...

February 9, 2025 7:38 PM

views 28

তিনিচুকীয়া জিলাৰ শদিয়াত শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়াত আজি শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। সদ্যপ্রয়াত শিল্পীগৰাকীৰ টোপচিঙা গাঁৱত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক সমবেত হৈছে। ধৰ্মীয় পৰম্পৰাৰে আয়োজিত আদ্যশ্ৰাদ্ধ উপলক্ষে এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়। এই সভাত শিল্পী মহে...

February 9, 2025 7:33 PM

views 20

যোৰহাটত মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা বহুসংখ্যক খেলুৱৈৰ অংশগ্ৰহণ

ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা ক্ৰীড়া প্রতিভা বিকাশৰ বাবে অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ বিভিন্ন জিলাত চলি আছে। যোৰহাট সাঁতোৰ সন্থাৰ জলক্রীড়া প্ৰকল্পত আজি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত যোৰহাট, গোলাঘাট, মাজুলী আৰু শিৱসাগৰ জিলা...

February 9, 2025 7:30 PM

views 32

মাজুলীত বৃক্ক তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

মাজুলী মীন শিল্প সমবায় সমিতি লিমিটেড আৰু ইষ্টার্ণ ষ্টন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত বৃক্ক তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মাজুলীৰ মহকিনাত থকা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই শিবিৰত ৬৫০গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য শিবিৰটোত লেজাৰমেন খ্যাত ড...

February 9, 2025 7:26 PM

views 15

শিৱসাগৰৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বার্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ সামৰণি

শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত কালিৰে পৰা অনুষ্ঠিত বার্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ আজি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰ‍ উপলক্ষে কালি জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।