আঞ্চলিক সংবাদ

February 9, 2025 11:51 AM

views 36

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে। উদ্যানখনৰ লাওখোৱা বুঢ়াচাপৰিৰ লগতে কেইবাটাও এলেকাত এই কাম সম্পন্ন হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে প্রকাশ কৰে। তেওঁ কয়, যে পশু-পক্ষীৰ বিচৰণৰ সুবিধাৰ্থে নিয়ন্ত্ৰিতভাৱে বনাঞ্চল...

February 9, 2025 11:45 AM

views 36

এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎকালত তেওঁলোকক অসম চৰকাৰে শেহতীয়াকৈ ষ্টাৰ্ট আপ আৰু উদ্ভাৱ...

February 9, 2025 11:31 AM

views 39

ত্ৰিপুৰা চৰকাৰৰ শিক্ষা, স্বাস্থ্য, কৃষি আৰু তথ্য প্ৰযুক্তিখণ্ডত ৮৭ গৰাকী ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে ৩,৭০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ত্ৰিপুৰা চৰকাৰে শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু তথ্য প্ৰযুক্তিখণ্ডত ৮৭ গৰাকী ব্যক্তিগত বিনিয়োগকাৰীৰ সৈতে ৩,৭০০ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আগৰতলাত দুদিনীয়াকৈ আয়োজিত ডেষ্টিনেচন ত্ৰিপুৰা বাণিজ্য সন্মিলনত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। কালি এই সন্মিলনৰ সামৰণি পৰে। কেইবাটাও ব্যক্তিগত খ...

February 8, 2025 9:35 PM

views 12

তিনি দশকৰ পাছত দিল্লীৰ ক্ষমতা দখল বিজেপিৰ

বিজেপিয়ে দিল্লীত তিনি দশকৰ পাছত ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। আজি অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ তথ্য অনুসৰি দলটোৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত আম আদমী পাৰ্টীয়ে পৰাজয় বৰণ কৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাত বিজেপিয়ে ৪৮ খন, আম আদমী পাৰ্টীয়ে ২২ খন আসন লাভ কৰে। কংগ্ৰ...

February 8, 2025 8:49 PM

views 23

শংকৰদেৱ সংঘৰ অধিৱেশনথলী লোকাৰণ্য, সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ সহস্ৰাধিকৰ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনাও যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ লোকাৰণ্য হৈ পৰে। আজি পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই সংঘৰ মূল পতাকা উত্তোলন কৰে। ইয়াৰ লগতে ৩৫ খন জিলা শাখাৰ পতাকাও উত্তোলন কৰা হয়। ইয়াৰ ...

February 8, 2025 8:48 PM

views 11

মানকাচৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ ৩জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মানকাচৰৰ জোৰদাংগা দ্বিতীয় খণ্ডত মানকাচৰ আৰক্ষীৰ নেতৃত্বত চলোৱা এটা অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগয়াৰী আৰু উপ-পৰিদৰ্শক নয়নজ্যোতি গগৈৰ সহযোগত গোপন সূত...

February 8, 2025 8:47 PM

views 17

ৰাজ্যৰ কেইবাখনো জিলাত খেল মহাৰণৰ দ্ৱিতীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

খেল মহাৰণ দ্বিতীয় পৰ্যায়ত শোণিতপুৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হয়। তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই প্রতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালীও উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে ভাষণ ...

February 8, 2025 8:45 PM

views 14

সৰুপেটাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহত বিহাৰ আৰু পশ্চিমবংগৰ নাট্যগোষ্ঠীৰ নাট মঞ্চস্থ

অপেচাদাৰী নাট্যগোষ্ঠী মঞ্চ সৰুপেটাৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহৰ আজি দ্বিতীয় দিনা বিহাৰ আৰু পশ্চিমবংগৰ নাট্যগোষ্ঠীয়ে নাটক মঞ্চস্থ কৰে। কালিৰে পৰা অনুষ্ঠিত এই নাট সমাৰোহ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে উদ্বোধন কৰে। মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস আৰু ভবানীপুৰ সমষ...

February 8, 2025 8:43 PM

views 17

সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰত থকা কৃষ্ণগুৰু সেৱাশ্ৰমত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একনাম অখণ্ড পালনামৰ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰে। আজি দুপৰীয়া সেৱাশ্ৰমখনত উপস্থিত হৈ শ্ৰীসোণোৱালে গুৰুলৈ ৰীতি অনুসাৰে শ্ৰদ্ধা জনোৱাৰ উপৰি উপাসনা গৃহত অনুষ্ঠিত প্ৰাৰ্থনাত ভাগ লয়। তাৰ পাছতে তেওঁ ধর্মালোচ...

February 8, 2025 8:42 PM

views 13

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ ‘চলন্তিকা’ত ‘গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা’ শৃংখলাৰ প্ৰথমটো অনুষ্ঠান

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত তথাকথিত সৰু সৰু মানুহৰ জীৱন সংগ্ৰাম- তেওঁলোকৰ নিজ মুখেৰেই শুনিবলৈ পাব। অনুষ্ঠানটোৰ উপস্থাপন আৰু পৰিকল্পনা আকাশবাণীৰ বাতৰি বিভাগৰ মু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।