শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত কালিৰে পৰা অনুষ্ঠিত বার্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ অনুষ্ঠানৰ আজি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰ উপলক্ষে কালি জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৰবি ডেকা হাজৰিকাই মুখ্য বক্তা হিচাপে অংশ লৈ দিয়া ভাষণত আজানপীৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্বল নিদৰ্শন বুলি উল্লেখ কৰে। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচি মহন্তই উদ্বোধন কৰা মুকলি সভাত মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়াই সৰাগুৰিৰ আজান শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই সভাতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যশ্ৰী ড° সৌমাৰজ্যোতি মহন্তই আন এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° কন্দৰ্প কুমাৰ ডেকা জিকিৰ গৱেষক হকীকুৰ ৰহমানকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | February 9, 2025 7:26 PM | Sivasagar Aajanpeer Dargah
শিৱসাগৰৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বার্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ অনুষ্ঠানৰ সামৰণি