আঞ্চলিক সংবাদ

February 21, 2025 12:16 PM

views 13

মাজুলীত আজিৰে পৰা বিভিন্ন গাঁও পঞ্চায়তৰ কৃষক পঞ্জীয়ন শিবিৰ

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈকে বিভিন্ন গাঁও পঞ্চায়ত কৃষক পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হ'ব। কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা লাভ কৰিব পৰাকৈ জিলাখনত কমলাবাৰী, দক্ষিণ কমলাবাৰী, বনগাঁও, কৰতীপাৰ, শ্ৰীলুইত, চিলাকলা, গড়মূৰ, পকাজৰা, জেংৰাই, চেৰপাই, লুইতপৰীয়া, ৰতনপুৰ মিৰি, শ্ৰী...

February 21, 2025 12:14 PM

views 37

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ ‘দৃষ্টিপাত’ত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰে মত বিনিময়ৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিবলগীয়া দৃষ্টিপাতত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰ সৈতে মত বিনিময়ৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 21, 2025 12:13 PM

views 37

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৰু দিনৰ ভাগত বতৰ ফৰকাল থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ২৭ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৪ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ...

February 21, 2025 11:18 AM

views 11

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ২০২৭ চনৰ ভিতৰত ৰে’ল আৰু বিমান সেৱাৰে দিল্লীৰ সৈতে সংযুক্ত কৰা হ’বঃ অমিত শ্বাহ

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ২০২৭ চনৰ ভিতৰত ৰে'ল আৰু বিমান সেৱাৰে দিল্লীৰ সৈতে সংযুক্ত কৰা হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত কালি একতা উৎসৱ- এটা কণ্ঠ, এখন ৰাষ্ট্ৰত ভাষণ দি শ্রীশ্বাহে কয়, যে কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ পৰা প্ৰযুক্তিলৈ, ক্ৰীড়াৰ পৰা মহাকাশলৈ প্ৰতিট...

February 20, 2025 9:10 PM

views 29

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিবলগীয়া দৃষ্টিপাতত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰ সৈতে মত বিনিময়ৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 20, 2025 9:08 PM

views 20

মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডৰ জালুগুটিৰ খণ্ড সমল কেন্দ্ৰত ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইলচেয়াৰৰ লগতে আন সঁজুলি বিতৰণ

মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ জালুগুটিত থকা খণ্ড সমল কেন্দ্ৰত আজি ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইলচেয়াৰৰ লগতে আন সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁৱৰ অতিৰিক্ত শিক্ষা আয়ুক্ত অনুসূয়া শৰ্মাই এই বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, মৰিগাঁও জিল...

February 20, 2025 9:05 PM

views 16

গোৱালপাৰাৰ বৰজুলিত আৰক্ষীৰ অভিযানত নিচাযুক্ত সামগ্ৰী জব্দ

গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত বৰজুলিত আজি আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰে। অভিযানত আৰক্ষীয়ে নিষিদ্ধ কফ ছিৰাপৰ বটলসহ দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটক কৰা দুয়োজনক জেৰা অব্যাহত ৰাখিছে।

February 20, 2025 9:04 PM

views 22

ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

বিশিষ্ট কথাশিল্পী, চলচ্চিত্র নির্মাতা, নাট্যকাৰ, পৰিচালক ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। সুক্ষ্ম অনুভূতি সম্পন্ন ৰচনাৰে পঢ়ুৱৈৰ চেতনাক স্পন্দিত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহি...

February 20, 2025 9:00 PM

views 22

অসম চৰকাৰে ই-ষ্টাম্পসমূহত আৰোপ কৰা সেৱাকৰ আৰু জি এছ টিসহ ষ্টাম্পসমূহ স্বীকৃত কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে

অসম চৰকাৰে ই-ষ্টাম্পসমূহত আৰোপ কৰা সেৱাকৰ আৰু জি এছ টিসহ এই ষ্টাম্পসমূহ স্বীকৃত কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি ৫০ টকা পৰ্যন্ত ষ্টাম্পত অতিৰিক্ত দহ টকা, ৯৯ টকা পৰ্যন্ত ১৫, ৯৯ৰ পৰা ৪৯৯ টকা পৰ্...

February 20, 2025 8:58 PM

views 25

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।