আঞ্চলিক সংবাদ

February 20, 2025 8:57 PM

views 32

সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক ৰূপহীহাটত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক আজি নগাঁৱৰ ৰূপহীহাটত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। আক্ৰমণৰ ঘটনাৰ পাছতে সাংসদজনৰ নিৰাপত্তা বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ ...

February 20, 2025 8:52 PM

views 30

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এইকথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীগৰাকীয়ে ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলন...

February 20, 2025 8:29 PM

views 47

মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বাঢ়ি অহা মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব৷ বিধায়ক মৃনাল শ‍ইকীয়াই ৰাজ্যত আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি স্বাস্থ্যমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ পাছত স্বাস্থ্য...

February 20, 2025 7:25 PM

views 33

‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভিন্ন জিলাৰ পৰা শিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা

গুৱাহাটীৰ সৰুসজাইত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ পৰা শিল্পীৰ দল ৰাওনা হৈছে। আজি পুৱা মৰাণ মহাবিদ্যালয় আৰু সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা শিল্পীৰ দলটো বাছযোগে গুৱাহাটীলৈ ৰাওনা হয়। এই উপলক্ষে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যে...

February 20, 2025 7:16 PM

views 44

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবঃ শিক্ষামন্ত্রী

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি বিধানসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে উচ্চ প্রাথমিক বিদ্যালয়সমূহকো এই শৈক্ষিক বর্ষতে উচ্চ মাধ্যমিক পর্যায়লৈ উন্নীত কৰাৰ পৰিকল্পন...

February 20, 2025 6:54 PM

views 33

ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব

ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব। স্বাস্থ্যমন্ত্রী অশোক সিংহালে আজি অসম বিধানসভাৰ শূন্যকালত এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্রকাশ কৰে। তেঁও কয়, যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহকে ধৰি চিকিৎসালয়সমূহত প্ৰায় এহেজাৰ ছশ চিকিৎসকৰ...

February 20, 2025 6:12 PM

views 32

কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছেঃ মুখ্যমন্ত্রী

অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই আলোচনাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে কোকৰাঝাৰত অনুষ্ঠিত অধিবেশনে অখণ্ডিত অসমৰ বার্তা দিছে। লগতে...

February 20, 2025 12:22 PM

views 27

বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্র নির্মাতা ড° ভৱেন্দ্ৰনাথ শ‍ইকীয়াৰ আজি ওপজা দিন

বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্র নির্মাতা ড° ভৱেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। অনুভূতি সম্পন্ন আৰু মননশীল ৰচনাৰে অনুৰাগীসকলক আলোড়িত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃ...

February 20, 2025 12:17 PM

views 21

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকৰ পঞ্জীয়ন

সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকে পঞ্জীয়ন কৰিছে। সন্মিলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ শী...

February 19, 2025 7:56 PM

views 13

১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ'ত ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ আজি সামৰণিৰ দিনা কেইবাটাও শিতানত প্রতিযোগিতা অনুষ্ঠিত হয়। তাৰালাংছ'ৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা মহোৎসৱস্থলীত নিৰ্মাণ কৰা বিভিন্ন জ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।