আঞ্চলিক সংবাদ

February 19, 2025 7:54 PM

views 37

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পাছত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিন ঘোষণা কৰা হ'ব বুলি ...

February 19, 2025 7:52 PM

views 22

যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৩০, ১১৫ জন বিদেশীক বহিষ্কাৰ কৰা হৈছে বুলি অতুল বৰাৰ প্ৰকাশ

অসম চুক্তিৰ ৬ নম্বৰ দফাত থকা অসমীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যে এতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ সন্দৰ্ভত এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হ'ব পৰা নাই। অসম বিধানসভাত আজি বিধায়ক আমিনুল ইছলামৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰি কয়, ...

February 19, 2025 7:50 PM

views 52

অসম বিধানসভাত শাসক-বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱৰ দাবীত সদন তিনিবাৰলৈ স্থগিত

অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হৈছে। এদিনৰ বিৰতিৰ মূৰত আজি অনুষ্ঠিত দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে বিৰোধী পক্ষৰ কেইবাগৰাকীও সদস্যই কয়লা ছিণ্ডিকেট, অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ, ডিটেনছন শিবিৰ আদি বিভিন্ন প্রসংগ উত্থাপন কৰিবলৈ চেষ্টা কৰে। অধ্যক্ষ বিশ্বজি...

February 19, 2025 7:48 PM

views 18

উমৰাংছ’ৰ কয়লা খনিৰ পৰা পাঁচজন শ্ৰমিকৰ গলিত মৃতদেহ উদ্ধাৰ

উমৰাংছ'ৰ তিন কিলো কয়লা খনিত যোৱা মাহত সংঘটিত শোকাৱহ দুৰ্ঘটনাত নিহত আৰু পাঁচজন শ্রমিকৰ গলিত মৃতদেহ আজি দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয়। আমাৰ হাফলঙৰ সংবাদদাতাই জনোৱা মতে যোৱা ৬ জানুৱাৰীত এন্দুৰৰ গাঁত সদৃশ খনিটোৰ আভ্যন্তৰলৈ পানী সোমোৱাৰ ফলত তাত কাম কৰি থকা কমেও ৯ জন শ্রমিক আবদ্ধ হৈ পৰে। তেওঁলোকক জীৱ...

February 19, 2025 7:00 PM

views 25

বুনিয়াদী শিক্ষাৰ মাধ্যম হব জনগোষ্ঠীয় ৬ টা ভাষা: ৰাজ্য চৰকাৰৰ ঘোষণা

ৰাজ্য চৰকাৰে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাছা আৰু দেউৰী ভাষাক জনগোষ্ঠীকেইটাৰ বসতিপ্রধান অঞ্চলসমূহত বুনিয়াদী শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ স্থানীয় ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত এয়া ৰাজ্য চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে আজি এই ব...

February 19, 2025 7:46 PM

views 25

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই শীর্ষ সন্মিলনে ৰাজ্যখনত অধিক বিনিয়ো...

February 19, 2025 6:53 PM

views 11

মানকাচৰত জিলা প্ৰশাসন আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত

দক্ষিণ শালমাৰা মানকাচৰ জিলাত আজি জিলা প্ৰশাসন আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অনুসূচীত জনজাতীয় লোকৰ অধিকাৰ আৰু সুৰক্ষা আইন সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শ‍ইকীয়াই হাজং, কোচ আৰু গাৰো জনজাতীয় লোকসকলৰ অধিকাৰ আৰু সুৰ...

February 19, 2025 6:51 PM

views 64

পাঞ্জাবাৰীৰ শিল্পগ্রামত আলি-আয়ে-লৃগাঙৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত

মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে আজি জনগোষ্ঠীটোৰ বসতিপ্রধান অঞ্চলসমূহ ঐনিতমৰ সুৰ আৰু গুমৰাগ নৃত্যৰ ছন্দত মুখৰ হৈ উঠিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে ফাগুনৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰে। মিচিং ভাষাত আলি মানে হৈছে শস্যৰ বীজ, আঃয়েৰ অৰ্থ হৈছে ...

February 19, 2025 3:35 PM

views 29

অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থুলীয়া পৰিবেশৰ মাজত আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থলীয়া পৰিবেশৰ মাজত আৰম্ভ হয়। শূন্যকালত বিৰোধী পক্ষই কয়লা ছিণ্ডীকেট, অসম চুক্তিৰ ৬ নম্বৰ দফা, দিটেনছন কেন্দ্ৰক সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে আৰু বিষয়কেইটা সন্দৰ্ভত আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি গৈ ধৰ্ণা দিবলৈ ধৰে। ইয়াৰ বিপৰীতে...

February 19, 2025 3:10 PM

views 36

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলি-আয়ে- লৃগাং পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি-আয়ে- লৃগাং পালন কৰিছে। এই উৎসৱক লৈ মিচিং বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতিবছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।