আঞ্চলিক সংবাদ

February 22, 2025 12:14 PM

views 32

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ পৰ্যটন, কৃষি, ছে...

February 22, 2025 11:33 AM

views 21

পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ অসমৰ চাহৰ ২০০ বছৰীয়া ঐতিহ্য উদযাপনৰ উদ্দেশ্যে হ'বলগীয়া ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান উপভোগ কৰাৰ বাবে গুৱাহাটীলৈ আহিব। সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীতো ভাগ ল'ব। প্রধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ...

February 21, 2025 7:31 PM

views 22

চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্রালয়, অসম পর্যটন বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰহিলৈ চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ তথা মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্রতিযোগিতা ২১ কিলোমি...

February 21, 2025 7:30 PM

views 17

মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ সামৰণি

মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত উদ্যানশস্যৰ নাৰ্ছাৰী ব্যৱস্থাপনা আৰু মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ আজি সামৰণি পৰে। মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকীও উদ্যমী কৃষকে অংশগ্ৰহণ কৰে। জিলা কৃষি বিজ্ঞান কেন্দ...

February 21, 2025 7:28 PM

views 23

ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত চৰাইদেউত জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি বিনিয়োগ আন্তগাথনি শীর্ষ সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অধীনৰ সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আয়ুক্তগৰাকীক বিভাগীয় বিষয়াসকলে নিজ নিজ বিভাগৰ অন্...

February 21, 2025 7:23 PM

views 22

প্ৰয়াগৰাজৰ ত্রিবেণী সংগমত পৰিয়ালসহ মুখ্যমন্ত্রীৰ পবিত্ৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ উপলক্ষে আজি ত্রিবেণী সংগমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সৈতে পবিত্ৰ স্নান কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড° শৰ্মাই কয় যে ত্রিবেণী সংগম কেৱল নদীৰ সংগম নহয়, ই হৈছে কোটি কোটি সনাতনীৰ বিশ্বাস, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ এটা সমন্বয়। এই পবিত্র স...

February 21, 2025 6:59 PM

views 31

ধেমাজি বিধানসভা সমষ্টিৰ মণ্ডল সমিতিৰ বিষয়ববীয়াৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ মণ্ডল সমিতিৰ বিষয়ববীয়া, শক্তিকেন্দ্ৰৰ আহ্বায়ক আৰু বুথ পৰ্যায়ৰ সভাপতি-সম্পাদকসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে এখন বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত মন্ত্ৰীগৰাকীয়ে সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰাৰ উপৰি অহা ২৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ...

February 21, 2025 6:57 PM

views 35

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্মচাৰী সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্মচাৰী সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন কৰাৰ পাছত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত চিকিৎসা মহাবিদ্যালয়খনৰ ভালেমান কৰ্মচাৰীয়ে ৰ...

February 21, 2025 6:56 PM

views 26

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ পদৰ বাবে অভিজিত ক্ৰ’য়ৰ মনোনয়ন পত্ৰ দাখিল

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ পদৰ বাবে চিনঠং সমষ্টিৰ এম এ চি অভিজিত ক্ৰ'য়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। বিধায়িনী দপ্তৰৰ যুটীয়া সচিবৰ হাতত মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাম, সাংসদ অমৰ সিং টিছো, কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰ...

February 21, 2025 6:52 PM

views 14

ঐতিহাসিক উপদ বিলক আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনৰ বিশেষ ব্যৱস্থা

গোৱালপাৰা জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঐতিহাসিক উপদ বিলক অন্যতম আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে লোক নিৰ্মাণ বিভাগে ১৮ কোটি টকা ব্যয় সাপেক্ষে বিলখনৰ চাৰিওফালে মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে পর্যটকসকলে বিলখনৰ চাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।