আঞ্চলিক সংবাদ

April 11, 2025 11:28 AM

views 15

ৰাজ্যত নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰে’ল মন্ত্ৰালয়ৰ অনুমোদন

গুৱাহাটীৰ আগিয়াঠুৰীৰ পৰা তেজপুৰৰ ডেকাৰগাঁৱলৈ ১৫৫ কিলোমিটাৰ আৰু তেজপুৰৰ পৰা তেজপুৰ-শিলঘাট সংযোগী ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰে'ল মন্ত্ৰালয়ে অনুমোদন জনাইছে। বিগত চাৰিটা বৰ্ষত অসমৰ ১৯টা জৰীপত অনুমোদন জনোৱা হৈছে। ইয়াৰে ভিতৰত ৯টা নতুন ৰেলপথ আৰু পাঁচটা দ্বৈত ৰেলপথল...

April 11, 2025 11:24 AM

views 15

অসম মহিলা বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমাজ আৰু দেশৰ হিতৰ বাবে মেধা শক্তিৰ প্ৰয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। যোৰহাটৰ ৰৰৈয়াত অনুষ্ঠিত অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত চতুৰ্থ সমাৱৰ্তনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে আহ্বান জনায়। ৰাজ্যপাল আচাৰ্যই প্রাচীন ভাৰতৰ গাৰ্গী, লোপামুদ...

April 11, 2025 11:17 AM

views 38

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ হাৰ ৬৩.৯৮%

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ঘোষিত ফলাফল অনুসৰি  মেধাৰ তালিকাত যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই প্ৰথম, কামৰূপ মহানগৰৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্শ্ব বৰদলৈয়ে দ্বিতীয় আৰু যোৰহাটৰ প...

April 11, 2025 11:08 AM

views 21

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পৰ্বৰ আজি সামৰণি

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পৰ্বৰ আজি সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত ...

April 10, 2025 8:11 PM

views 21

তিনিচুকীয়া উকিল সন্থাৰ নতুন সমিতি গঠন

তিনিচুকীয়া উকিল সন্থাৰ নতুন সমিতিখন আজি গঠন কৰা হয়। জ্যেষ্ঠ অধিবক্তা প্রমোদ কুমাৰ বৰা সভাপতি হিচাপে লৈ এই সমিতিখন গঠন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উকিল সন্থাৰ নতুন সমিতি গঠনৰ বাবে কালি নিৰ্বাচন সম্পন্ন হৈছিল।

April 10, 2025 8:09 PM

views 10

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° নগেন ঠাকুৰৰ দেহাৱসান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, ভাষাতত্ববিদ, লেখক, কবি, সম্পাদক ড° নগেন ঠাকুৰৰ আজি দেৰগাঁৱৰ নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। ১৯৩৯ চনত ২৯ আগষ্টত জন্মগ্ৰহণ কৰা প্ৰয়াত ঠাকুৰৰ অসমীয়া ভাষা বিষয়ক ১৩ খন গ্রন্থ প্রণয়ন কৰি উলিওৱাৰ লগতেপালি প্ৰাকৃত অপভ্ৰংশ আৰু অসম...

April 10, 2025 8:08 PM

views 15

আছাম ট্রিবিউন এম্পলইজ ইউনিয়নৰ ৬৮ সংখ্যক অধিৱেশন অনুষ্ঠিত

অসমৰ বাতৰিকাকত প্ৰতিষ্ঠানৰ আটাইতকৈ পুৰণি শ্রমিক সংগঠন আছাম ট্রিবিউন এম্পলইজ ইউনিয়নৰ ৬৮ সংখ্যক অধিৱেশন আজি অনুষ্ঠিত হয়। আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ চৌহদত অনুষ্ঠিত অধিৱেশনত ৰাজ্যৰ বিশিষ্ট আইনজীৱি শান্তনু বৰঠাকুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাম্প্রতিক সময়ত সংবাদপত্ৰ আৰু ইয়াৰ কৰ্মীসকলৰ সংকট, শ্রম ...

April 10, 2025 8:06 PM

views 27

শংকৰ ভাই চৌধুৰীৰ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন

গুজৰাট বিধানসভাৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰীয়ে আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁৰ সৈতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ দ্ৰংগাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীৰ লগতে ভালেমান ব্যক্তি উপস্থিত থাকে। তেওঁ জিলাখনৰ বগাজুল...

April 10, 2025 8:04 PM

views 29

ওদালগুৰিত অসমী ৰুৰেল মাৰ্ট বিপনী মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু নাবাদৰ সহযোগত আজি ওদালগুৰি জিলাত অসমী ৰুৰেল মাৰ্ট নামৰ এখন বিপনী মুকলি কৰা হয়। জিলা আয়ুক্ত পুলক পাটগীৰিয়ে এই বিপনী মুকলি কৰি ইয়াৰ জৰিয়তে জিলাৰ মহিলাসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰে আত্ম নিৰ্ভৰশীল হ'বলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। জিলাখনৰ বেথেল...

April 10, 2025 8:03 PM

views 36

আজিৰেপৰা ‘বিকশিত অসম, ২০৪৭’ শীৰ্ষক কৰ্মশালাৰ আয়োজন

ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগ আৰু ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ সহযোগত নিটি আয়োগে আজিৰেপৰা গুৱাহাটীত ‘বিকশিত অসম, ২০৪৭' শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। ২০৪৭ চনৰ ভিতৰত অসমক এখন বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ পৰামৰ্শ তথা অৰিহণা যোগাবৰ বাবে আগ্রহীসকলক এই কর্মশালা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।