আঞ্চলিক সংবাদ

April 11, 2025 8:47 PM

views 23

বোকাখাটৰ লখৌজান চাহ বাগিছাৰ মাজত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ

গোলাঘাট জিলাৰ বোকাখাটৰ লখৌজান চাহ বাগিছাৰ মাজত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো বিগত দুটা দিন ধৰি নিখোজ হৈ থকা বোকাখাটৰ শিলভেটাৰ ৪০ বছৰীয়া বুদ্ধেৰে হাছদাৰৰ বুলি চিনাক্ত কৰা হৈছে। এই সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে।

April 11, 2025 8:43 PM

views 18

পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বন্ধৰ দিনসমূহতো সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয়, শিক্ষানুষ্ঠান আদি খোলা ৰাখিবলৈ নিৰ্দেশ

সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বন্ধৰ দিনসমূহতো সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয়, শিক্ষানুষ্ঠান আদি খোলা ৰাখিবলৈ নিৰ্দেশ দিছে। পঞ্চায়ত নির্বাচন সূচাৰুৰূপে পৰিচালিত কৰাৰ বাবে দিয়া নিযুক্তিপত্ৰ আৰু নিৰ্দেশসমূহ নিৰ্বাচনী কামৰ সৈতে জড়িত কৰ্মচাৰীসকলক...

April 11, 2025 8:39 PM

views 34

দৰং জিলাৰ দলগাওঁস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ত ২খনকৈ গ্ৰন্থৰ লগতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী বীক্ষণ উন্মোচন

দৰং জিলাৰ দলগাওঁস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ত আজি দুখনকৈ গ্ৰন্থৰ লগতে মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ৰীক্ষণৰ চতুৰ্থ সংখ্যা উন্মোচন কৰা হয়। অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই গ্রন্থ দুখন উন্মোচন কৰে। এই গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্র-ছা...

April 11, 2025 8:36 PM

views 44

অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াৰ দুটাকৈ মানহানি গোচৰ আজি উচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰে

গুৱাহাটী উচ্চ ন্যায়ালয় কর্তৃপক্ষ আৰু ন্যায়াধীশক উদ্দেশ্যি বিৰূপ মন্তব্য আগবঢ়োৱাৰ অভিযোগ তুলি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই তৰা দুটাকৈ মানহানি গোচৰ আজি উচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে ...

April 11, 2025 8:31 PM

views 30

কাইলৈ অৰ্থাৎ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্...

April 11, 2025 8:27 PM

views 37

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত অনুষ্ঠিত সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত আজি নিগমৰ উজান বজাৰৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে ঘোষণা কৰা হয়। এই অনুসৰি ১৫ মিলিমিটাৰ ব্যাসৰ নল সংযোগৰ বাবে গুৱাহাটী পৌৰ নিগমৰ জল সংযোগকাৰী গ্ৰাহকসকলক গুৱাহাটী জলবোৰ্ডৰ সংযোগলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ৯,৫০০...

April 11, 2025 8:03 PM

views 34

আজি বিয়লি ৩ বজাত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰে

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি আবেলি ৩ বজাত সামৰণি পৰে। আজি অন্তিম দিনা ভালেসংখ্যক প্রার্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাত বিজেপিৰ প্ৰাৰ্থীসকলে জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদ, ২৭ টা পঞ্চায়ত আ...

April 11, 2025 8:00 PM

views 34

শিক্ষা সেঁতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ

শিক্ষা সেঁতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিত কুমাৰ শৰ্মাই এই নিৰ্দেশ জাৰি কৰিছে। যোৱা ৯ এপ্ৰিলত এই শিক্ষকসকলৰ উপস্থিতি শিক্ষা সেঁতু এপত লাভ নকৰাৰ বাবে তেওঁলোকৰ দৰমহা কৰ্তন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক প...

April 11, 2025 7:57 PM

views 66

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ শুভেচ্ছা জ্ঞাপন

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত এখন সংবাদমেলত অংশ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। ডাঃ পেগুৱে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জনাই উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহৰ আয়ুক্তক এই বিষয়টো পৰ্যাল...

April 11, 2025 7:51 PM

views 26

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লাখ ২২ হাজাৰ ৭৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৯ হাজাৰ ৪১ গৰাকী শিক্ষার্থী প্ৰথম বিভাগত, এক লাখ ৩৫ হাজাৰ ৫৬৮ গৰাকী দ্বিত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।