আঞ্চলিক সংবাদ

May 7, 2025 8:24 PM

views 11

সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

সিন্দূৰ অভিযানৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জম্মু-কাশ্মীৰ, পাঞ্জাব, ৰাজস্থান, গুজৰাট, ছিকিম, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ লগতে লাডাখ আৰু জম্মু-কাশ্মীৰৰ উপ...

May 7, 2025 8:23 PM

views 10

সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰা প্ৰতিৰক্ষা বাহিনীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন

সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত সফলতাৰে চলোৱা আক্রমণ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিৰক্ষা বাহিনীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত সমগ্ৰ ভাৰতবাসী এক হৈ থাকিব আৰু কোনো কাৰণতে দেশৰ স্বাভ...

May 7, 2025 8:21 PM

views 24

সম্ভাব্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৰাজ্যৰ ভিন্ন স্থানত সতর্কতামূলক অনুশীলন

সম্ভাব্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন চলোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি দেশৰ ২৫৯টা স্থানত সতর্কতামূলক অনুশীলন চলোৱা হৈছে। ইয়াৰ ভিতৰত ৰাজধানী দিছপুৰ, গুৱাহাটীৰ বাকী অংশ, বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, তে...

May 7, 2025 8:18 PM

views 35

মধ্য আৰু নামনি অসমৰ ১৩খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰ অনুসৰি বিয়লি ৩.৩০ বজালৈকে নলবাৰী জিলাত ৫৯ দশমিক ৪- ৫ শতাংশ, দক্ষিণ শালমাৰা জিলাত ৫৮ শতাংশ, গোৱালপাৰা জিলাত ৫৬ দশমিক ২-২ শতাংশ, বঙাইগাঁও জিলাত ৬২ দশমিক...

May 7, 2025 8:16 PM

views 23

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ভোটদান

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কৰে। মন্ত্ৰী পীযূষ হাজৰিকাই মৰিগাঁও জিলাৰ আঁহতগুৰিৰ মৰাকলং এল পি স্কুলৰ ভোটকেন্দ্ৰত ভোটদান ক...

May 7, 2025 8:14 PM

views 11

কাছাৰৰ শালচাপৰাৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক

কাছাৰ আৰক্ষীয়ে আজি জিলাখনৰ শালচাপৰা অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। গোপন সূত্ৰৰ ভিত্তিত কালি বিয়লি আৰক্ষীয়ে অভিযান আৰম্ভ কৰি অঞ্চলটোত এখন চাৰিচকীয়া বাহনত তালাচী চলায়। বাহনখনৰ পৰা ৮৪৭ গ্রাম হেৰ'ইন আৰু ৪ কিলোগ্ৰামৰো অধিক আফিং জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে...

May 7, 2025 8:13 PM

views 13

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সমাজকর্ম বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাক ৯০ দিনৰ বাবে নিলম্বন

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সমাজকর্ম বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাক ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ‍ই ৯০ দিনৰ বাবে সাময়িকভাৱে নিলম্বন কৰিছে বিশ্ববিদ্যালয়খনৰ তিনিগৰাকী ছাত্ৰীয়ে অধ্যাপকজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই তদন্তৰ আওতালৈ আনি আৰক...

May 7, 2025 8:11 PM

views 22

গুৱাহাটী ৰে’ল ষ্টেচনত ২০ হাজাৰ নিচাযুক্ত টেবলেটসহ এগৰাকী মহিলাক আটক

পাণবজাৰ আৰক্ষীয়ে আজি গুৱাহাটীৰ ৰে'ল ষ্টেচনত শিলচৰ-কইম্বাটুৰ এক্সপ্ৰেছৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৰে'লগাড়ীখনত অভিযান চলাই পাৰবিনা খাতুন বিবি নামৰ মহিলা এগৰাকীৰ পৰা ২০ হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখ...

May 7, 2025 1:15 PM

views 33

২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১১ খন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেই ২০২৪-২৫ বিত্তীয় বৰ্ষত ইয়াৰ মণ্ডলসমূহত ১১ খন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে। ৰোড অভাৰব্ৰীজ নিৰ্মাণৰ জৰিয়তে সমগ্ৰ সংমণ্ডলত সুৰক্ষা আৰু যোগাযোগ বৃদ্ধিৰ ক্ষেত্ৰত ৰে'লৱেই উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ পূৱ সীমান্ত ৰেলৱে এই ৰো...

May 7, 2025 1:11 PM

views 42

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কালি সামৰণি পৰে। কালিৰ অনুষ্ঠানত মৰাণসকলৰ অন্তিমগৰাকী ৰজা বডৌচাৰ স্মৃতি বিজড়িত বডৌচা সমন্বয় বঁটা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰি মন্ত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।