আঞ্চলিক সংবাদ

May 8, 2025 11:25 AM

views 30

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ দাবীত প্রধানমন্ত্ৰীলৈ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্মাৰক-পত্ৰ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰটো নামকৰণৰ দাবীত ডিব্ৰুগড় প্ৰেছ ক্লাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত দেশৰ পূব প্ৰান্তত থকা এই বিমান বন্দৰটো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উন্নীত কৰা...

May 8, 2025 11:23 AM

views 81

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ফাট বিহু

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ম'হঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত কাইলৈৰ পৰা তিনিদিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। কাইলৈ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শ‍ইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম'হধূলি চাপবিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে ...

May 8, 2025 11:21 AM

views 39

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজা...

May 8, 2025 11:19 AM

views 19

লখিমপুৰত বিভিন্ন অঞ্চলত ধুমুহা-বতাহ, বিস্তৰ ক্ষতি

লখিমপুৰ জিলাত কালি বিয়লি অহা এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতি সাধন কৰে। জিলাখনৰ নাওবৈচা, দলহাট তিনিআলি, লালুক, অসম-অৰুণাচল সীমান্তৱৰ্তী কাছজুলি, ঢেকীয়াজুলি, ফুলবাৰী আদি অঞ্চলৰ ৰাইজ ক্ষতিগ্ৰস্ত হয়। হঠাৎ অহা প্ৰচণ্ড ধুমুহাৰ ফলত বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলহাট ...

May 8, 2025 11:17 AM

views 20

সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ জনঞ্জয়জ্যোতি হাজৰিকাৰ দ্বিতীয়টো সোণৰ পদক

অসমৰ জনঞ্জয়জ্যোতি হাজৰিকাই বিহাৰত চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ প্ৰতিভাৱান সাঁতোৰবিদগৰাকীয়ে ল'ৰাৰ এশ মিটাৰ বাটাৰফ্লাই শিতানত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে জনঞ্জয়ে ল'ৰাৰ ৫০ মিটাৰ বাটাৰফ্লাই শিতানত প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌ...

May 8, 2025 10:28 AM

views 24

ত্রিদেশীয় মহিলা এদিনীয়া ক্ৰিকেট শৃংখলাত দক্ষিণ আফ্ৰিকাক ২৩ ৰানত পৰাস্ত ভাৰতৰ; ফাইনেলত ভাৰত-শ্ৰীলংকা

ভাৰতৰ মহিলা ক্রিকেট দলে দক্ষিণ আফ্ৰিকাক ২৩ ৰানত পৰাস্ত কৰি চলিত ত্রিদেশীয় এদিনীয়া শৃংখলাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটত ৩৩৭ ৰান কৰে। জেমিমা ৰড্ৰিগেছে সৰ্বাধিক ১২৩ আৰু দীপ্তি শৰ্মাই ৯৩ ৰান কৰে৷ প্ৰত্যুত্...

May 7, 2025 8:34 PM

views 8

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ, সিন্দূৰ অভিযানৰ বিষয়ে অৱগত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু সিন্দূৰ অভিযানৰ বিষয়ে অৱগত কৰে। ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ কেইবাটাও সন্ত্রাসবাদী ঘাটিত সিন্দূৰ অভিযান চলোৱাৰ পাছতেই অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপর্য বহন কৰিছে ।

May 7, 2025 8:32 PM

views 16

পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯ স্থানত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’

সেনাবাহিনীয়ে যোৱা মাজনিশা ১ বাজি ৫ মিনিটৰ পৰা ডেৰ বজাৰ ভিতৰত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯টা স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। পাকিস্তানৰ বাহাৱালপুৰৰ মাৰ্কাছ ছুভান আল্লা, মাৰ্কাছ টাইবা মুৰিদকে, মেহমুনা জয়া আৰু শিয়ালকোটৰ সৰ্জল সন্ত্রাসবাদী শিবিৰ...

May 7, 2025 8:29 PM

views 12

সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ আজি নতুন দিল্লীত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে চলোৱা এই অভিযানৰ বিষয়ে মন্ত্রীসভাক অৱগত কৰে। বৈঠকত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসকলৰো শলাগ লয়। ইপিনে, চৰকাৰে অপাৰেচন সিন্দূৰ...

May 7, 2025 8:27 PM

views 14

সিন্দূৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীৰ ইতিহাস ৰচনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

সিন্দূৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীসমূহে ইতিহাস ৰচনা কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। নতুন দিল্লীত আজি সীমান্ত পথ সংস্থাই ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৰূপায়ণ কৰা ৫০টা প্ৰকল্প উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।