আঞ্চলিক সংবাদ

May 6, 2025 6:45 PM

views 44

বিশ্বনাথ জিলাৰ বিহালীত আজি পুৱাৰ ভাগত অহা ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি

বিশ্বনাথ জিলাৰ বিহালীৰ গাংমৌ থান অঞ্চলৰ বাঁহবাৰীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত আজি পুৱাৰ ভাগত অহা ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়। ধুমুহাৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ বাগৰি পৰাৰ ফলত একাধিক লোক আহত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এজন যুৱক আৰু এগৰাকী মহিলাক স্থানীয় ৰাই...

May 6, 2025 6:41 PM

views 20

ধেমাজি জিলাৰ ক্ৰিকেট এছোচিয়েচনৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ ক্ৰিকেট এছোচিয়েচনৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ধেমাজি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন সভাত ডাঃ পেগুৱে দায়িত্বভাৰ গ্ৰহণ কৰি জিলাখনত ক্রিকেট খেলৰ আন্তঃগাঁথনি উন্নয়ন, খেলুৱৈক উপযুক্...

May 6, 2025 6:39 PM

views 20

পশু চিকিৎসক ডা° মৃগেন শ‍ইকীয়াৰ দেহাৱসান

অসম লোকসেৱা আয়োগৰ নিযুক্তি সম্পৰ্কীয় অনিয়মৰ গোচৰত অন্যতম অভিযুক্ত পশু চিকিৎসক ডা° মৃগেন শ‍ইকীয়াৰ আজি হৃদৰোগত আক্ৰান্ত হৈ পাঞ্জাবাৰীৰ বতাহঘূলিৰ নিজ বাসগৃহত মৃত্যু হয়। অসুস্থ হৈ পৰা ডা° শ‍ইকীয়াক পৰিয়ালৰ লোকে তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে অ...

May 6, 2025 6:37 PM

views 27

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি সামৰণি

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰেপৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি সামৰণি পৰিব। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। কালিৰ...

May 6, 2025 6:35 PM

views 8

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ঘোষণা

 অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পার্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই অনুসৰি ২৩ মে’ত কম্পার্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব আৰু ২৯ মে'ত অন্ত পৰিব। পৰিষদৰ তথ্য অনুসৰি কম্পার্টমেণ্টেল পৰীক্ষাৰ বাবে ৫৪ হাজাৰ ৯৯৪ গৰাকী শিক্ষাৰ্থীয়ে আবেদন কৰিছে আৰু ৰাজ্যৰ মুঠ ১১০টা কেন্দ্ৰত এই পৰীক্ষা অন...

May 6, 2025 6:33 PM

views 40

কাইলৈ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত কাইলৈ ১৩ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ভোটগ্রহণ হ'বলগীয়া জিলাকেইখনলৈ প্রিজাইডিং আৰু প’লিং বিষয়াসকল ৰাওনা হৈছে। নিৰ্বাচনৰ বাবে জিলা প্রশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সম জিলাৰ পৰা বেলট ...

May 6, 2025 9:43 AM

views 44

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব: মুখ্যমন্ত্রী

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব। বজালীত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। বজালীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে মিত্ৰতা অটুত থাকিলেও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা কম-বেছি...

May 6, 2025 8:59 AM

views 44

সোমবাৰৰ পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

—তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰেপৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। কালিৰ অনু...

May 6, 2025 8:54 AM

views 27

ঢকুৱাখনাৰ মহঘূলি চাপৰিত ৯ মে’ৰ পৰা ৩ দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন

■ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত অহা ৯ মে'ৰ পৰা তিনি দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। ৯ মে'ৰ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শ‍ইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম'হঘূলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ...

May 6, 2025 8:22 AM

views 38

বহুকেইখন ৰাজ্যত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, সৌৰাষ্ট্ৰ, তামিলনাড়ু, পুডুচেৰী, উত্তৰাখণ্ড আৰু পশ্চিম ৰাজস্থানৰ বিভিন্ন অঞ্চলত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। ইপিনে দিল্লী, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, পঞ্জাব, ছিকিম আৰু পশ্চিমবংগৰ বি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।