ডাউনলোড
মোবাইল এপ

android apple
signal

সম্ভাব্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৰাজ্যৰ ভিন্ন স্থানত সতর্কতামূলক অনুশীলন

সম্ভাব্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন চলোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি দেশৰ ২৫৯টা স্থানত সতর্কতামূলক অনুশীলন চলোৱা হৈছে। ইয়াৰ ভিতৰত ৰাজধানী দিছপুৰ, গুৱাহাটীৰ বাকী অংশ, বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, লখিমপুৰ, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, নাজিৰা, টিংখং, নামৰূপ, ৰঙিয়া, উত্তৰ লখিমপুৰ, বোকাখাত, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰকে ধৰি ৰাজ্যৰ ২০টা স্থান আছে।

গুৱাহাটী মহানগৰৰ কাহিলিপাৰাত দশম আৰক্ষী বেটেলিয়ন চৌহদত আজি বিয়লি সতর্কতামূলক অনুশীলন সম্পন্ন হয়। ইয়াৰ জৰিয়তে যুদ্ধকালীন পৰিস্থিতিত আকাশমাৰ্গেৰে হ’ব পৰা আক্ৰমণৰ সময়ত ল’বলগীয়া সতৰ্কতা আৰু উদ্ধাৰ অভিযান কৰা হয়। অনুশীলনত প্রতীকী বোমা বিস্ফোৰণৰ লগে লগে ছাইৰেন বাজি উঠে আৰু ইয়াৰ কিছু সময়ৰ পাছতে অগ্নিনির্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ আৰম্ভ কৰে। একে সময়তে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান ৰূপায়ণ কৰে৷

শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলিৰ লগতে আন দুটা স্থানত আজি এই সতর্কতামূলক অনুশীলন চলোৱা হয়। এই অনুশীলনৰ জৰিয়তে জৰুৰীকালীন অৱস্থাত ৰাইজ কিদৰে সুৰক্ষিত হৈ থাকিব পাৰে সেই বিষয়ে প্ৰদৰ্শন কৰা হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা আজি জিলাখনৰ বি এছ এন এলৰ কাৰ্যালয়ৰ প্ৰাংগণ আৰু নুমলীগড় শোধনাগাৰ লিমিটেড প্ৰাঙ্গনত সতর্কতামূলক অনুশীলন চলোৱা হয়। সন্ধিয়া ৭ বাজি ১০ মিনিটলৈ জিলাখনত ব্লেক আউট বা নিষ্প্রদীপ অনুশীলন চলোৱা হয়। এই সময়ছোৱাত জনসাধাৰণক বাসগৃহ বা অন্য স্থানত লাইট বন্ধ কৰি ৰখাৰ লগতে খিৰিকী বন্ধ কৰি পৰ্দা আঁৰি সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হয়।

যোৰহাট জিলাতো আজি বিয়লি ৪ বজাৰ পৰা মকড্রিল অনুষ্ঠিত হৈছে। জিলাখনত সন্ধিয়া ৭ বজাৰ পৰা ৭ বাজি ১০ মিনিটলৈ ব্লেকআউট অনুশীলন কৰা হয়।

ডিব্ৰুগড় নগৰৰ ক’ল ৰোডত আজি এই সতর্কতামূলক অনুশীলন অনুষ্ঠিত হয়। এই অনুশীলনত অসম আৰক্ষী, এন ডি আৰ এফ, অগ্নিনির্বাপক বাহিনীকে ধৰি বিভিন্ন বিভাগে জৰুৰীকালীন সময়ত সুৰক্ষাৰ বাবে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰে।

কোকৰাঝাৰত জিলা প্ৰশাসনে কোকৰাঝাৰ ৰেল ষ্টেচনত বিশেষ সতর্কতামূলক অনুশীলনৰ আয়োজন কৰে। এই অনুশীলনত অসামৰিক প্ৰতিৰক্ষা, আৰক্ষী, অগ্নিনির্বাপক আৰু জৰুৰীকালীন সেৱা, ৰাজ্যিক দুর্যোগ সঁহাৰি বাহিনী, জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ আৰু তথ্য আৰু জনসংযোগ বিভাগে অংশগ্ৰহণ কৰে ।

অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো আজি এই সতর্কতামূলক অনুশীলন চলোৱা হয়।

ধুবুৰী জিলা প্ৰশাসনে আজি বিয়লি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত মকড্রিল অনুষ্ঠিত হয়। এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ লগতে সাধাৰণ নাগৰিকক যুঁজাৰু বিমানৰ ছাইৰেন বাজিলে তেওঁলোকে কি কৰিব লাগিব সেই সম্পৰ্কে পৰামৰ্শ দিয়া হয়।

কামৰূপ, লখিমপুৰ আৰু কাৰ্বি আংলং জিলাতো আজি মকড্রিল অনুষ্ঠিত হয়। এই অনুশীলনৰ সময়ছোৱাত বিমান আক্ৰমণৰ সময়ত ছাইৰেন ব্যৱস্থাৰ সক্ৰিয়কৰণ, সাধাৰণ লোক বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা, হঠাৎ নিষ্প্রদীপ বা ব্লেকআউট হ’লে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই বিষয়ত সজাগ কৰা, আপাতকালীন পৰিস্থিতিত দ্রুত উদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ কাৰখানা বা ঘাটিত নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়ত প্রশিক্ষণ দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক