সেনাবাহিনীয়ে যোৱা মাজনিশা ১ বাজি ৫ মিনিটৰ পৰা ডেৰ বজাৰ ভিতৰত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯টা স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। পাকিস্তানৰ বাহাৱালপুৰৰ মাৰ্কাছ ছুভান আল্লা, মাৰ্কাছ টাইবা মুৰিদকে, মেহমুনা জয়া আৰু শিয়ালকোটৰ সৰ্জল সন্ত্রাসবাদী শিবিৰত ক্ষেপণাস্ত্ৰ আৰু ড্রোনেৰে আক্ৰমণ চলোৱা হয়। পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ছাৱাইনালা, মুজফ্ফৰবাদৰ চৈয়দ না বিলাল, কোটলি গুলপুৰ, বিম্বাৰ আৰু কোটলি আব্বাছৰ সন্ত্ৰাসবাদী শিবিৰো ধ্বংস কৰা হয়। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই অভিযানৰ সবিশেষ তথ্য প্ৰকাশ কৰি সেনাবাহিনীৰ কৰ্ণেল ছ’ফিয়া কুৰেশ্বি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যুমিকা সিঙে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীসকলক ন্যায় দিয়াৰ বাবে অপাৰেচন সিন্দূৰ আৰম্ভ কৰা হয় বুলি প্ৰকাশ কৰে। এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি তেওঁলোকে প্ৰকাশ কৰে। সংবাদমেলত বৈদেশিক পৰিক্ৰমা সচিব বিক্রম মিশ্ৰীয়ে ভাৰতে এই অভিযান সীমিত আৰু নিৰ্দিষ্ট লক্ষ্যৰে চলোৱা হৈছিল বুলি উল্লেখ কৰে। তেওঁ কয়, যে জম্মু-কাশ্মীৰৰ পৰ্যটন খণ্ডত ঋণাত্মক প্ৰভাৱ পেলোৱা তথা অঞ্চলটোকে ধৰি সমগ্ৰ দেশত সাম্প্রদায়িক অস্থিৰতা সৃষ্টি কৰাৰ উদ্দেশ্যে পেহেলগামত সন্ত্রাসবাদী আক্ৰমণ চলোৱা হৈছিল। ৰেজিষ্টেঞ্চ ফ্ৰণ্ট নামৰ এটা সন্ত্ৰাসবাদী গোটে পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা বুলি উল্লেখ কৰি শ্ৰী মিশ্ৰীয়ে কয়, যে লস্কৰ-ঈ-তৈবাৰ সৈতে এই গোটৰ সম্পৰ্ক আছে। তদুপৰি এই আক্ৰমণৰ সৈতে পাকিস্তান জড়িত থকাৰ প্ৰমাণো পোৱা গৈছে। পেহেলগাম আক্ৰমণৰ অন্তৰালৰ ষড়যন্ত্ৰকাৰীসকলৰ বিচাৰ কৰাটো আৱশ্যকীয় বুলি তেওঁ প্ৰকাশ কৰে।
Site Admin | May 7, 2025 8:32 PM | operation sindoor pakistan
পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯ স্থানত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’
