ডাউনলোড
মোবাইল এপ

android apple
signal

সিন্দূৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীৰ ইতিহাস ৰচনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

সিন্দূৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীসমূহে ইতিহাস ৰচনা কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। নতুন দিল্লীত আজি সীমান্ত পথ সংস্থাই ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৰূপায়ণ কৰা ৫০টা প্ৰকল্প উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই অভিযানৰ অধীনত সশস্ত্র বাহিনীসমূহে নিখুঁত, সতৰ্ক আৰু সংবেদনশীলতাৰে ব্যৱস্থা গ্ৰহণ কৰি পৰিকল্পিত কৌশলৰ অংশ হিচাপে নিৰ্ধাৰিত লক্ষ্য ধ্বংস কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয় যে এই অভিযানৰ সময়ত অসামৰিক লোকৰ হানি-বিঘিনি নোহোৱাটো নিশ্চিত কৰি সশস্ত্র বাহিনীয়ে সংবেদনশীলতাৰ পৰিচয় দিছে। ভাৰতে সিন্দূৰ অভিযান চলোৱাৰ বাবে সঁহাৰি জনোৱাৰ অধিকাৰ প্ৰয়োগ কৰিছে আৰু সুবিবেচনাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শ্রীসিঙে প্ৰকাশ কৰে। তেওঁ কয় যে সন্ত্রাসবাদীসকলক সমুলঞ্চে উৎখাত কৰাৰ বাবে সিন্দূৰ অভিযান ৰূপায়ণ কৰা হয়। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সশস্ত্র বাহিনীসমূহে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি সমীচীন প্ৰত্যুত্তৰ দিছে।

অধিক পঢ়ক

সকলো চাওক