আঞ্চলিক সংবাদ

May 16, 2025 11:26 AM

views 12

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত শোণিতপুৰ জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা অন্বেষা গোস্বামীলৈ নির্মল চন্দ্ৰ শ‍ইকীয়া সোঁৱৰণী শৈক্ষিক মেধা বঁটা

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত শোণিতপুৰ জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা অন্বেষা গোস্বামীলৈ নির্মল চন্দ্ৰ শ‍ইকীয়া সোঁৱৰণী শৈক্ষিক মেধা বঁটা আগবঢ়োৱা হৈছে। অন্বেষাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯২ দশমিক ৬ শতাংশ নম্বৰ লাভ কৰিছিল। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱস...

May 16, 2025 11:25 AM

views 22

আই পি এল ক্রিকেট প্রতিযোগিতাৰ স্থগিত ৰখা খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব

ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে সাময়িকভাৱে স্থগিত ৰখা আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ চেন্নাইৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। ৮ মে'ত খেল...

May 16, 2025 11:23 AM

views 23

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থাকিব, বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ সামগ্ৰিকভাৱে ডাৱৰীয়া হৈ থাকিব। লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ...

May 16, 2025 11:20 AM

views 10

চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ-পত্ৰ বৈধ নথি নহয়ঃ উচ্চ শিক্ষা বিভাগ

চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ বৈধ নথি হিচাপে গ্ৰহণ কৰা নহ'ব বুলি অসম চৰকাৰ উচ্চ শিক্ষা বিভাগে জানিবলৈ দিছে। এই সন্দৰ্ভত জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুযায়ী বিনামূলীয়া নামভৰ্তিৰ যোগ্যতা বিবেচনা কৰাৰ ক্ষেত্ৰত একমাত্ৰ ৰেচন ...

May 15, 2025 9:03 PM

views 18

গোৱালপাৰাৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ বালিজানা চক্ৰ ভাণ্ডাৰা গাঁৱত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। ড° শৰ্মাই যাতায়াতৰ ব্যৱস্থা, অন্যান্য সা-সুবিধাকে ধৰি বিভিন্ন দিশৰ বুজ লৈ সকলো কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। মুখ্...

May 15, 2025 9:01 PM

views 14

মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতপ্রোতভাৱে জড়িত বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মন্তব্য

মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে আৰু ৰাজ্যখনৰ উন্নয়নত কৃষি খণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনত উদ্যান শস্য মহাবিদ্যালয়ৰ বিদ্যায়তনিক চৌহদ ভিডিঅ’ ক...

May 15, 2025 8:59 PM

views 15

অপাৰেচন সিন্দূৰৰ সফলতা উদযাপনৰ উদ্দেশ্যেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা

পেহেলগামৰ বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ সফলতা উদযাপনৰ উদ্দেশ্যেৰে বিজেপিয়ে আৰম্ভ কৰা ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে। ধেমাজি জিলাত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই যাত্ৰাৰ নেতৃত্ব দিয়ে। চিলাপথাৰত প্ৰাক...

May 15, 2025 8:55 PM

views 13

অপাৰেচন সিন্দূৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ বাবে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ বিশেষ ব্যৱস্থা

অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলা প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে আজিৰে পৰা বাতৰি বুলেটিনসমূহত দেশৰ হকে অপ...

May 15, 2025 8:52 PM

views 11

সন্ত্ৰাসবাদী দমনত সফলতা প্ৰদৰ্শন কৰা সামৰিক বাহিনীৰ বীৰ জোৱানসকললৈ কৃতজ্ঞতাস্বৰূপে পৰিবহন বিভাগৰ বিশেষ সেৱা কাৰ্যসূচী

পাকিস্তানত আশ্রয় গ্রহণ কৰা সন্ত্ৰাসবাদীক কঠোৰভাৱে দমন কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা প্ৰদৰ্শন কৰা সামৰিক বাহিনীৰ বীৰ জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰি পৰিবহণ বিভাগে আজিৰে পৰা বিশেষ সেৱা কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত স্থলসেনা, নৌসেনা, আৰু বায়ু সেনাত কৰ্মৰত তথা প্রাক্তন বিষয়া, কৰ্মী আৰু...

May 15, 2025 8:49 PM

views 21

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫৭ চনৰ আজিৰ তাৰিখতে বিভাগটোৱে কামকাজ আৰম্ভ কৰিছিল। প্ৰায় সাত দশকজুৰি আঞ্চলিক বাতৰি বিভাগে শ্রোতাক নির্ভুল আৰু নিৰ্ভৰযোগ্য তথ্য আৰু সংবাদ প্ৰদানৰ কামত ব্ৰতী হৈ আছে। দেশৰ শেহতীয়া সংকটকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বাতৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।