আঞ্চলিক সংবাদ

May 17, 2025 8:58 PM

views 11

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলি দলাপাৰাত মৰ্টাৰ বিস্ফোৰণত কিশোৰ নিহত

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলি দলাপাৰাত আজি সংঘটিত মৰ্টাৰ বিস্ফোৰণত এজন কিশোৰ নিহত হোৱাৰ লগতে আন এজন কিশোৰ আৰু এগৰাকী মহিলা আহত হৈছে। জানিব পৰা মতে আজি পুৱাৰ ভাগত মাছ মাৰিবলৈ গৈ মহিলাগৰাকীয়ে এটা ডোঙৰ পৰা মৰ্টাৰটো উদ্ধাৰ কৰি ঘৰলৈ আনে। কিছুসময়ৰ পাছত মৰ্টাৰটোৰ সৈতে খেলি থকা সময়ত বিস্ফোৰি...

May 17, 2025 8:56 PM

views 7

কামৰূপৰ আমিনগাঁৱত নির্মীয়মাণ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আমিনগাঁৱত নির্মীয়মাণ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। ৩৮০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি থকা এই ষ্টেডিয়ামখনলৈ যোৱাৰ বাবে আই আই টিৰ দিশেৰে নতুন পথ নিৰ্মাণ আৰু পাৰ্কিঙৰ কাৰণে পর্যাপ্ত ব্যৱস্...

May 17, 2025 8:54 PM

views 40

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২৪ মে’লৈ বৃদ্ধি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২৪ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি নৱম শ্ৰেণীৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া কাইলৈৰ পৰা ২৪ মে’লৈ মুকলি থাকিব আৰু বিদ্যালয়সমূহে ২৮ মে' পর্যন্ত যাৱতীয় মা...

May 17, 2025 8:53 PM

views 18

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস। বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা স্বাস্থ্য বিভাগ তথা অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে আ...

May 17, 2025 8:50 PM

views 9

সামাজিক মাধ্যমত পাকিস্তান সন্দৰ্ভত মন্তব্য কৰাৰ অভিযোগত কলগাচিয়াৰ যুৱকক গ্ৰেপ্তাৰ

সামাজিক মাধ্যমত পাকিস্তান সন্দৰ্ভত মন্তব্য কৰাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে আজি কলগাচিয়াৰ এজন যুৱকক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ নাম আজাদ ইমৰান হুছেইন। বৰপেটা আৰক্ষীয়ে জনোৱা মতে মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাৰ সহযোগত নটবমাৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ মতে যুৱকজনে সামাজিক মাধ্যমত ...

May 17, 2025 8:49 PM

views 59

জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ উপন্যাস ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ আৰু ‘মামৰে ধৰা তৰোৱাল’ৰ বাংলা অনুবাদ গ্রন্থ উন্মোচন

জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ উপন্যাস ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ আৰু ‘মামৰে ধৰা তৰোৱাল’ৰ বাংলা অনুবাদ গ্রন্থ আজি উন্মোচন কৰা হয়। মহানগৰীৰ গান্ধীবস্তিত দক্ষিণ-পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত বাংলা কবি, অনুবাদক, অধ্যাপক অশোক কুমাৰ সাধুৱে অনুবাদ কৰা গ্ৰন্...

May 17, 2025 8:47 PM

views 21

বিশিষ্ট সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ত্ৰিংশতিতম মৃত্যু দিৱস পালন

বিশিষ্ট সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ত্ৰিংশতিতম মৃত্যু দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মানৱাধিকাৰ সংগ্ৰাম সমিতিয়ে আজিৰ দিনটো ছহিদ দিৱস হিচাপে পালন কৰাৰ লগতে পৰাগ স্মৰণ শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ ৰাজগড়ত স্থাপন কৰা পৰাগ কুমাৰ ...

May 17, 2025 8:43 PM

views 18

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত সকলো ধৰণৰ অনুষ্ঠান, মেলা, সমাৱেশ নিষিদ্ধ

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা চৌকিদিঙি খেলপথাৰত চলি থকা উন্নীতকৰণৰ কাম তথা ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্ত্তী তিনি মাহলৈ খেলপথাৰখনত সকলো ধৰণৰ অনুষ্ঠান, মেলা আদিৰ উপৰি যিকোনো ৰাজহুৱা বা ব্যক্তিগত সমাবেশ নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়াপর্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি ...

May 17, 2025 8:41 PM

views 14

বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ গহীয়া গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ

বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ সৰ্থেবাৰীৰ সমীপৰ গহীয়া গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তত্ত্বাৱধানত সংক্ৰমণ প্ৰতিৰোধৰ বাবে আজি কেইবাটাও গাহৰি নিধন কৰা হয়। এই সন্দৰ্ভত বৰপেটাৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডা...

May 16, 2025 8:59 PM

views 31

অসম লোকসেৱা আয়োগে ২০২৪ বৰ্ষৰ বাবে আবেদন দাখিল কৰা প্ৰাৰ্থীৰ তালিকা ঘোষণা

অসম লোকসেৱা আয়োগে ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে সফলভাবে আবেদন দাখিল কৰা প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। আয়োগৰ ঘোষণা অনুসৰি মুঠ ৫৭ হাজাৰ ২২২ খন আবেদন প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে বৈধ ঘোষণা কৰা হৈছে। প্ৰাৰ্থীসকলে www.apsc.nic.in ৱেৱছাইটত নিজৰ নামসমূহ পৰীক্ষা কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।