আঞ্চলিক সংবাদ

May 16, 2025 8:55 PM

views 25

অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ বিশেষ কার্যসূচী

নাগালেণ্ডৰ লংলেং জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ য়ংলক ৰাজহুৱা খেলপথাৰত আজি অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ এক বিশেষ কার্যসূচী অনুষ্ঠিত হয়। দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু সমন্বয় অধিক মজবুত কৰাৰ উদ্দেশ্যে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই কাৰ্যসূচীত নাগালেণ্ডৰ তামলু বিধানসভা সম...

May 16, 2025 8:52 PM

views 14

উত্তৰ পূৱ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া গুৱাহাটীত উপস্থিত

উত্তৰ পূৱ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আজি গুৱাহাটীত উপস্থিত হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীসিন্ধিয়াই পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰদলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে...

May 16, 2025 8:44 PM

views 2

অপাৰেচন সিন্দুৰৰ সফলতা উপলক্ষে বিজেপিৰ ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচীৰ আয়োজন

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপন কৰি বিজেপিয়ে আয়োজন কৰা ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। পশ্চিম কাৰ্বি আংলং জিলাত আজি জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙৰ নেতৃত্বত জিলা সদৰ হামৰেন ছয়আলিৰ পৰা নতুন বজাৰলৈ ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। কাৰ্বি পৰিষদৰ কার্যবাহী সদস্য প্রভাত চন্দ্ৰ তা...

May 16, 2025 8:25 PM

views 18

বিশিষ্ট কণ্ঠশিল্পী গায়ত্রী হাজৰিকাৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী গায়ত্রী হাজৰিকাৰ আজি আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৪৩ বছৰ। সৰা পাতে পাতে ফাগুন নামে, জোনাক নাছিল বনত, মন মোৰ উৰি ফুৰে, যেতিয়া জোনাক নামিছিল, মাথো এজাক বৰষুণ আদিকে ধৰি বহুকেইটা...

May 16, 2025 8:20 PM

views 15

২০ বিঘা ভূমি আমূল কোম্পানীক লীজত দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ অনুমোদন

ৰাজ্যৰ দুগ্ধ উৎপাদন ক্ষেত্ৰক অধিক উজ্জীৱীত কৰি তোলাৰ লক্ষ্যৰে অসম মন্ত্রীসভাই ৰাণীৰ ফাৰ্ম মেনেজমেণ্ট প্ৰতিষ্ঠানৰ ২০ বিঘা ভূমি আমূল কোম্পানীক লীজত দিয়াৰ বাবে অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। মন্ত...

May 16, 2025 11:48 AM

views 14

অপাৰেচন সিন্দূৰ অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ইতিহাসৰ সবাতোকৈ বৃহৎ ব্যৱস্থাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী নীতিৰ নতুন সংজ্ঞা দিছে আৰু ভাৰতৰ ভূমিত হোৱা যিকোনো সন্ত্রাসবাদী আক্রমণক যুদ্ধ বুলি গণ্য কৰাৰ কথা স্পষ্ট কৰি দিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রকাশ কৰিছে। তেওঁ লগতে সিন্দূৰ অভিযানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ইতিহাসৰ সবাতোকৈ বৃ...

May 16, 2025 11:36 AM

views 19

ৰাজ্যৰ উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমে আদা, লিচু, মাটিকঁঠাল, কাজি নেমু, ৰঙালাউ, জহা চাউলকে ধৰি ৰাজ্যত উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত কাৰ্বি আংলঙৰ খেতিয়কে উৎপাদন কৰা ১০ মেট্রিক টন আদা কাটাৰ আৰু ওমানলৈ ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...

May 16, 2025 11:33 AM

views 10

কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া হাতীখুলি চাহ বাগিচা পৰিদৰ্শন

কেন্দ্রীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ ইয়াৰ কাষৰীয়া হাতীখুলি চাহবাগিচা পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাগিচাখনৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সা-সুবিধাৰ বুজ লয়। তেওঁ চৰকাৰী আঁচনিৰ সুবিধা লাভ নক...

May 16, 2025 11:31 AM

views 27

গুৱাহাটীৰ নলা-নৰ্দমা পৰিষ্কাৰকৰণ অহা দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহ’লে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ নলা-নৰ্দমাসমূহ পৰিষ্কাৰকৰণৰ কাম অহা দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহ'লে গুৱাহাটী পৌৰ নিগমৰ বিষয়া তথা সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কেইবাটাও কৃত্রিম বানপ্ৰৱণ অঞ্চল পৰিদৰ্শন ক...

May 16, 2025 11:28 AM

views 12

অপাৰেচন সিন্দূৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ বাবে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ বিশেষ ব্যৱস্থা

অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলা প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।