আঞ্চলিক সংবাদ

June 6, 2025 7:08 PM

views 57

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২দিনলৈ বৃদ্ধি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা দুদিন বৃদ্ধি কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ৯ আৰু ১০ জুনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ বাবে প'ৰ্টেল মুকলি কৰিব। এই সময়ছোৱাত সকলো বিদ্যালয়কে পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ...

June 6, 2025 7:04 PM

views 38

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত জনশতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে’ল যাত্ৰী সন্থাৰ আহ্বান

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰে'ল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে'ল যাত্ৰী সন্থাই আহ্বান জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য যাত্ৰী পৰিবহন প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰে'ল যাত্ৰী সংগঠনটোৱে ...

June 6, 2025 6:58 PM

views 33

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত কালি খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ হৈ পৰাৰ পাছত জিলা স্বাস্থ্য বিভাগে মোৱামাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকা ৬ জন ৰোগীক আজি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰে। গাঁওখনৰ লক্ষ্মী মন্দিৰত অনুষ্ঠিত জেঠমহীয়া মাংগলি...

June 6, 2025 6:55 PM

views 32

ৰাজ্যৰ ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক বৰ্তমান বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। আজিৰ দিনটোত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে। এই বানত ৰাজ্যখনৰ এহেজাৰ ৪০০ ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ১,৯০০ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে।...

June 6, 2025 6:39 PM

views 46

জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি কাট্ৰাত আঞ্জি খাদ দলঙো উদ্বোধন কৰে। কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে ৰে'ল সংযোগ ঘটোৱাৰ বাবে আৰম্ভ কৰা এই ৪২ বছৰ পুৰণি প্ৰকল্পটোৰ অ...

June 6, 2025 1:05 PM

views 20

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীক তিনি মাহৰ আৱণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত

ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ মাজত জুন, জুলাই আৰু আগষ্ট মাহৰ আৱণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে। ডিব্ৰুগড়ৰ ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে আৱণ্টিত চাউল বিতৰণ নিশ্চত কৰিবলৈ খোৱাং, দুলীয়াজান আৰু নাহৰকটীয়া সম-জিলাৰ সুলভ মূলৰ দ...

June 6, 2025 1:04 PM

views 27

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলা জনশতাব্দী এক্সপ্ৰেছখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে’ল যাত্রী সন্থাৰ আহ্বান

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰে'ল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰে'লগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে'ল যাত্রী সন্থাই আহ্বান জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য যাত্ৰী পৰিবহন প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰে'ল যাত্রী সংগঠনটোৱে...

June 6, 2025 1:02 PM

views 40

বছৰৰ প্ৰথমটো বানৰ কবলত পবিতৰা অভয়াৰণ্য

বছৰটোৰ প্ৰথমটো বানে সংহাৰি ৰূপ ধাৰণ কৰাৰ সময়তে গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য বানৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নি পানীয়ে অভয়াৰণ্যখনৰ ৭০ শতাংশ বনাঞ্চল বুৰাই পেলাইছে। টুপলুং, হাঁহচৰা, পাগলাডুবা, হাদুক, শিলডুবি আদি কেইবাটাও বন শিবিৰ বানৰ কবলত পৰিছে। গড়কে ধৰি অভয়াৰণ্যখনৰ আন আন জীৱ-জন্...

June 6, 2025 12:45 PM

views 32

মণিপুৰৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত

মণিপুৰত সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। অৰুণাচলতো বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে বুলি আমাৰ আকাশবাণীৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে, সাম্প্রতিক বানত অৰুণাচলত ৩৩ হাজাৰ ২০০ লোক ক্ষতিগ্ৰস্ত হৈছে । একেদৰে ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু নাগালেওতো সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈ...

June 6, 2025 12:33 PM

views 21

তিনিচুকীয়াত বিৰল প্ৰজাতিৰ পখিলাৰ সন্ধান

তিনিচুকীয়া জিলাৰ নিকটৱৰ্তী অৰুণাচলৰ সীমান্তত এবিধ বিৰল প্ৰজাতিৰ পখিলাৰ সন্ধান পোৱা গৈছে। ইউথেলিয়া মালাকানা নামকৰণ কৰা পখিলাবিধৰ সংযোজনে ভাৰতত পোৱা পখিলাৰ প্ৰজাতি সৰ্বমুঠ এহেজাৰ ৩২৮ লৈ বৃদ্ধি কৰিলে। আৰক্ষী জোৱান ৰৌচন উপাধ্যায়ৰ প্ৰচেষ্টাত পখিলাৰ এই প্ৰজাতিটোৰ প্ৰায় ১০০ বছৰৰ পাছত পুনৰ সন্ধান পোৱা গ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।