আঞ্চলিক সংবাদ

May 6, 2025 6:33 PM May 6, 2025 6:33 PM

views 23

কাইলৈ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত কাইলৈ ১৩ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ভোটগ্রহণ হ'বলগীয়া জিলাকেইখনলৈ প্রিজাইডিং আৰু প’লিং বিষয়াসকল ৰাওনা হৈছে। নিৰ্বাচনৰ বাবে জিলা প্রশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সম জিলাৰ পৰা বেলট ...

May 6, 2025 9:43 AM May 6, 2025 9:43 AM

views 25

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব: মুখ্যমন্ত্রী

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব। বজালীত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। বজালীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে মিত্ৰতা অটুত থাকিলেও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা কম-বেছি...

May 6, 2025 8:59 AM May 6, 2025 8:59 AM

views 18

সোমবাৰৰ পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

—তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰেপৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। কালিৰ অনু...

May 6, 2025 8:54 AM May 6, 2025 8:54 AM

views 3

ঢকুৱাখনাৰ মহঘূলি চাপৰিত ৯ মে’ৰ পৰা ৩ দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন

■ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত অহা ৯ মে'ৰ পৰা তিনি দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। ৯ মে'ৰ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শ‍ইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম'হঘূলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ...

May 6, 2025 8:22 AM May 6, 2025 8:22 AM

views 7

বহুকেইখন ৰাজ্যত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, সৌৰাষ্ট্ৰ, তামিলনাড়ু, পুডুচেৰী, উত্তৰাখণ্ড আৰু পশ্চিম ৰাজস্থানৰ বিভিন্ন অঞ্চলত আজি মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। ইপিনে দিল্লী, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, পঞ্জাব, ছিকিম আৰু পশ্চিমবংগৰ বি...

May 5, 2025 8:59 PM May 5, 2025 8:59 PM

views 11

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীকত’ আজি নিশা ৯.৩০ বজাত গ্ৰীষ্মৰ দিনত সুৰক্ষিতভাৱে থকা সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড° আৰ কে জেনামানি আৰু লেডী হার্ডিঞ্জ চিকিৎ‍সা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ড° অনুপম প্রকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। ...

May 5, 2025 8:16 PM May 5, 2025 8:16 PM

views 38

পবিতৰা অভয়াৰণ্যত এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে

পবিতৰা অভয়াৰণ্যত আজি এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে। চৰাইটোৰ বৈজ্ঞানিক নাম- পিট্টা ব্ৰাচুৰিয়া আৰু এই চৰাইটোৰ পাখিত ৯টা ৰং আছে। পক্ষী অন্বেষণকাৰী আৰু পক্ষী সম্পৰ্কীয় আলোকচিত্ৰ গ্ৰহণকাৰী যুৱক দেৱজিৎ নাথ ধুনু, পল্লব প্ৰাঞ্জল শৰ্মা আৰু উমেশ ডেকা...

May 5, 2025 8:11 PM May 5, 2025 8:11 PM

views 5

মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন টাকাম মিচিং পৰিন কেবাং চমুকৈ টি এম পি কে দাবী দিৱস পালন

ৰাজ্যৰ মিচিং বসতিপ্রধান অন্যান্য জিলাৰ লগতে ধেমাজি জিলাটো মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন টাকাম মিচিং পৰিন কেবাং চমুকৈ টি এম পি কে দাবী দিৱস পালন কৰে। ১৯৮৪ চনৰ পৰা প্ৰতি বছৰে আজিৰ দিনটোত জনগোষ্ঠীটোৰ দল-সংগঠনসমূহে এই দিৱস পালন কৰি আহিছে। জনগোষ্ঠীটোৰ অমীমাংসিত ১৪ দফীয়াসমূহ মীমাংসাৰ বাবে এই কাৰ্যসূচী লোৱ...

May 5, 2025 8:08 PM May 5, 2025 8:08 PM

views 3

আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। আজি কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত ...

May 5, 2025 8:02 PM May 5, 2025 8:02 PM

views 8

পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্যৰ অভিযোগত অসম আৰক্ষীয়ে বৰ্তমানলৈকে ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নালউদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্রাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ব...