আঞ্চলিক সংবাদ

June 7, 2025 7:50 PM

views 32

দেশবিৰোধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত এতিয়ালৈ ৯০জন লোকক গ্ৰেপ্তাৰ

সামাজিক মাধ্যমত সাম্প্রদায়িক মন্তব্য কৰাৰ অভিযোগত কামৰূপ আৰক্ষীয়ে বকোৰ পথালিপাৰাৰ ছানিদুল ইছলাম নামৰ এজন লোকক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। কেইদিনমান পূর্বে ছানিদুল ইছলামে সামাজিক মাধ্যমত এটা ভিডিঅ'যোগে সাম্প্ৰদায়িক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত সামাজিক মাধ্যমত উল্লেখ...

June 7, 2025 7:48 PM

views 25

কাইলৈৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা পুনৰ আৰম্ভ

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা কাইলৈৰ পৰা পুনৰ আৰম্ভ হব। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ তললৈ নামি অহাৰ পৰিপ্ৰেক্ষিতত অভ্যন্তৰীণ জল পৰিবহন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে জলপৃষ্ঠ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে বিগত ৫ দিন গুৱাহাটী-উত্তৰ গুৱা...

June 7, 2025 7:47 PM

views 27

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আঁতাৰ দুদিনীয়াকৈ অনুষ্ঠিত জন্মোৎসৱ কাৰ্যসূচীৰ সামৰণি

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আঁতাৰ দুদিনীয়াকৈ অনুষ্ঠিত জন্মোৎসৱ কাৰ্যসূচীৰ আজি সামৰণি পৰে। সত্ৰখনৰ চৌহদত কালিৰে পৰা অনুষ্ঠিত এই জন্মোৎসৱ উপলক্ষে নিতৌ চৈধ্য প্ৰসংগৰ উপৰি ধৰ্মালোচনী সভাও অনুষ্ঠিত কৰা হয়। আনহাতে, থুল দক্ষিণহাটিৰ গায়ন বায়নসকলে গুৰু আসনৰ সন্মুখত সৰু ধে...

June 7, 2025 7:18 PM

views 27

ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় অনুষ্ঠান কাব্যনন্দিনী অনুষ্ঠিত

ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান কাব্যনন্দিনী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেৰ কুৰিতকৈও অধিক প্রতিষ্ঠিত কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ।

June 7, 2025 7:17 PM

views 20

লখিমপুৰ জিলা সুত সন্মিলনৰ উদ্যোগত ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

লখিমপুৰ জিলা সুত সন্মিলনৰ উদ্যোগত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ সুত সম্প্ৰদায়ৰ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অ...

June 7, 2025 7:15 PM

views 24

ধেমাজী ৰাজহুৱা প্ৰেক্ষাগৃহত অভিনন্দন কার্যসূচী অনুষ্ঠিত

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজী জিলা সমিতিয়ে আজি ধেমাজী ৰাজহুৱা প্ৰেক্ষাগৃহত অভিনন্দন কার্যসূচী অনুষ্ঠিত কৰি এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ জিলাখনৰ ৪৫০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়। অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্রী ড...

June 7, 2025 7:13 PM

views 20

ধেমাজী জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জিঅ' টেক্সটাইল প্রযুক্তিৰে নিৰ্মাণ কৰা ধেমাজী জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। ধেমাজী, চমৰাজান, জীয়াঢল, হাতীগড়, বাটঘৰীয়া আদি কেইবাটাও পঞ্চায়ত আৰু ধেমাজী নগৰৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা জীয়াঢলৰ নৱ নিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰি ডাঃ পেগুৱে মথাউৰিটোৰ ...

June 7, 2025 7:11 PM

views 30

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন অনুষ্ঠিত হ'ব। অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড° ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিবেশনতে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে।

June 7, 2025 6:40 PM

views 33

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত কাইলৈ সন্ধিয়া বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এন ডি এ চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অসম শক্তি...

June 7, 2025 6:38 PM

views 21

পশ্চিম কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলঙত আজি বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। যোৱা শুকুৰবাৰে বিষাক্ত কাঠফুলা খাই ৫ গৰাকী লোক বিষক্ৰিয়াত অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ একাংশ স্বাস্থ্য কর্মীয়ে বিভিন্ন অঞ্চলত এই সজাগতা প্রদান কার্যসূচী অনুষ্ঠিত কৰে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।