আঞ্চলিক সংবাদ

June 16, 2025 1:35 PM

views 26

শিলিগুড়িৰ পৰা গুৱাহাটীলৈ চাৰিটা লেনযুক্ত তীব্র গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ অভিলাসী প্রকল্প কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থা শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে পশ্চিমবংগৰ শিলিগুড়িৰ পৰা গুৱাহাটীলৈ এটা চাৰিটা লেনযুক্ত তীব্র গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ অভিলাসী প্রকল্প লৈছে। উত্তৰ- পূৰ্বাঞ্চলৰ সৈতে পশ্চিমবংগৰ বিশেষকৈ চিকেন নেকেবে যোগাযোগ স্থাপনত সুবিধা হোৱাকৈ এই প্ৰকল্প ৰূপায়ণ ক...

June 16, 2025 1:32 PM

views 22

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক

দুদিনীয়া ভ্রমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মাজুলী আৰু মাহমৰা বিধানসভা সমষ্টিত ৰূপায়িত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত সুকীয়া সুকীয়াকৈ পর্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে মাজুলীৰ যাতা...

June 16, 2025 1:30 PM

views 13

তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ কিছু সালসলনি

বৰ্দ্ধিত গ্রীষ্ম প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ কিছু সালসলনি কৰা হৈছে। আজিৰে পৰা জিলাখনত পাঠদানৰ সময় পুৱা চাৰে ৭ বজালৈ আগুৱাই অনা হৈছে। নিম্ন প্রাথমিক শ্ৰেণীৰ ছুটীৰ সময় দিনৰ চাৰে ১১ বজা, মজলীয়া বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ ১২ বজাত আৰু উচ্চতৰ মাধ্যমি...

June 16, 2025 1:22 PM

views 78

দেশৰ পশ্চিম উপকূলত অতিপাত বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰেড এলার্ট জাৰি

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেশৰ পশ্চিম উপকূলত অতিপাত বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰেড এলার্ট জাৰি কৰিছে। আকাশবাণী নিউজৰ সতে হোৱা কথা-বতৰাত বতৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণীয়ে কয় যে আগন্তুক দুদিনত দিল্লী, হাৰিয়ানা, পঞ্জাৱ, আৰু গুজৰাটত ধুমুহা বতাহ আৰু বিজুলীৰ ঢেৰেকনী সৃষ্টি হোৱা...

June 15, 2025 8:19 PM

views 14

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে বুলি মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি বাক্সা জিলাৰ মুছলপুৰত আয়োজিত এখন সংবাদ মেলত অংশ লৈ মন্ত্ৰী ৰণজিত কুমাৰ দাসে কয় যে প্রধানমন্ত্রী শ্রীমোদীয়ে দৰিদ্ৰসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আ...

June 15, 2025 8:10 PM

views 11

ধুবুৰীত সন্দেহজনক দেৱাল লিখন সন্দৰ্ভত এজন লোকক আৰক্ষীৰ আটক

ধুবুৰী চহৰত সন্দেহজনক দেৱাল লিখন সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। লোকজন ধুবুৰীৰ সমীপৱৰ্তী ভাৰত-বাংলাদেশ সীমান্তৰ গাছপালাৰ মহম্মদ নুৰুল হক বুলি জানিব পৰা গৈছে। ধৃত লোকজনক আৰক্ষীয়ে সোধা-পোছা চলাই আছে। উল্লেখযোগ্য যে যোৱানিশা ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দেৱালত সন্দেহজনক লেখা প্ৰত্যক্...

June 15, 2025 8:05 PM

views 11

কোকৰাঝাৰত জনজাতীয় নেতা ৰূপনাথ ব্ৰহ্মৰ ১২৪ সংখ্যক জয়ন্তী পালন

কোকৰাঝাৰত আজি প্ৰাক্তন মন্ত্রী তথা জনজাতীয় নেতা ৰূপনাথ ব্ৰহ্মৰ ১২৪ সংখ্যক জয়ন্তী পালন কৰা হয়। আধুনিক কোকৰাঝাৰৰ খনিকৰস্বৰূপ প্ৰয়াত ব্ৰহ্ম বড়ো জনগোষ্ঠীৰ প্ৰথমজন আইনৰ স্নাতক, প্ৰথমগৰাকী বিধানসভাৰ সদস্য, অসম মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱা বড়ো জনগোষ্ঠীৰ প্ৰথম মন্ত্ৰী আছিল। জয়ন্তী উপলক্ষে কোকৰাঝাৰ চহ...

June 15, 2025 7:59 PM

views 8

সোমবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ পুৱা ১১ বজাত কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি ফলাফলসমূহ পি ডি এফ আকাৰত উপলব্ধ হ'ব। পৰিক্ষাৰ্থীসকলে পৰিষদৰ ৱেবছাইট sebaonline.orgত ফলাফল লাভ কৰাৰ লগতে মার্কশ্বিট ডাউনল'ড কৰিব পাৰিব।

June 15, 2025 7:55 PM

views 26

ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সেনানী ছহিদ কুশল কোঁৱৰৰ স্মৃতিত শ্রদ্ধা নিবেদন

স্বাধীনতা সেনানী ছহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে'ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যু দণ্ডৰ হুকুম দিয়া হৈছিল। ১৯৪৩ চনৰ আজিৰ তাৰিখতে কুশল কোঁৱৰক...

June 15, 2025 7:50 PM

views 21

জনজাতীয়সকলৰ কল্যাণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ

জনজাতীয় লোকসকলৰ উৎকৰ্ষ তথা কল্যাণ সাধনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ পৰা ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযান আৰম্ভ কৰে। অহা ৩০ জুনলৈ চলিবলগীয়া এই অভিযানৰ অধীনত জনজাতীয় লোক আৰু পৰিয়ালৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে জনজাতি বসতিপ্রধান গাঁওসমূহলৈ গৈ প্ৰধানমন্ত্রী জন আৰোগ্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।