আঞ্চলিক সংবাদ

June 24, 2025 12:53 PM

views 42

জাতিংগা আৰু লামপুৰৰ মাজত প্ৰৱল ভূমিস্খলনৰ বাবে বহুকেইখন ৰে’লৰ যাত্ৰা বাতিল

■ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে'লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে'লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰ...

June 24, 2025 12:44 PM

views 30

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ দেহাৱসান

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ কালি নিশা গুৱাহাটীত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। অসম আন্দোলনৰ নেত্ৰী বীণা ভট্টাচাৰ্যৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

June 24, 2025 12:39 PM

views 34

স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা

■ ৰাজ্যৰ হাইস্কুলসমূহত স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রতিটো বিষয়ৰ পৰীক্ষাৰ কাট অফ মার্কো কালি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকল নথি পৰীক্ষণৰ বাবে সংশ্লিষ্ট মণ্ডলসমূহত উপস্থিত হ'ব লা...

June 24, 2025 12:36 PM

views 36

বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই সন্দৰ্ভত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য শিবিৰত বিভি...

June 24, 2025 12:32 PM

views 27

নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত

■ বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ গৈছে। সম্প্ৰতি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ...

June 24, 2025 12:26 PM

views 34

অম্বুবাচী মহাযোগৰ তৃতীয় দিনাও উখল-মাখল পৰিৱেশ

● গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। পুৱাৰে পৰা সাধু-সন্ন্যাসী আৰু ভালে সংখ্যক লোকৰ শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে। ইয়াৰোপৰি দুদিন পূৰ্বে কামাখ্যা ধামত উপস্থিত হোৱা দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিবস...

June 24, 2025 12:20 PM

views 11

অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা আছুৰ

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই সংবাদ মাধ্যমযোগে কালি ...

June 24, 2025 12:15 PM

views 23

ৰাজ্যৰ বিভিন্ন স্থানত সোমবাৰৰ পৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ

■ ৰাজ্যত যোৱা ১১ মে'ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পাছত শেহতীয়াকৈ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালিৰেপৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে। এইবাৰ পঞ্চায়ত গঠনৰ নিয়ম অনুসৰি সভাপতিগৰাকীক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে নিৰ্বাচিত পঞ্চায়...

June 24, 2025 12:11 PM

views 22

বৰাক উপত্যকাত ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে বিচ্ছিন্ন

বৰাক উপত্যকাত শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে বিচ্ছিন্ন হৈ পৰিছে। পাহাৰ লাইনৰ জাতিংগা-লামপুৰ অংশৰ ৰে'ললাইনত হোৱা ভূমিস্খলনৰ বাবে সকলো ৰে’লসেৱা বাতিল কৰি দিয়াত উপত্যকাটোৰ জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগত...

June 23, 2025 8:29 PM

views 15

ত্ৰিপুৰা দেশৰ ভিতৰতে তৃতীয়খন সম্পূৰ্ণ-সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত

ত্ৰিপুৰা দেশৰ ভিতৰতে তৃতীয়খন সম্পূৰ্ণ-সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত হৈছে। আজি আগৰতলাৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক সাহাৰ উপস্থিতিত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে এই বিষয়ে সদৰি কৰে। এই সফলতা ত্ৰিপুৰাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি মুখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।