আঞ্চলিক সংবাদ

June 25, 2025 9:02 PM

views 11

দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ, কেইবাখনো দূৰণিবটীয়া ৰে’লগাড়ী বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ সিদ্ধান্ত

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই কেইবাখনো দূৰণিবটীয়া ৰে’লগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা ১২৪২৪ আৰু ১...

June 25, 2025 8:58 PM

views 17

অহা ১ জুলাইৰ পৰা ভাৰতীয় ৰে’লৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা বৃদ্ধি

ভাৰতীয় ৰে'ল বিভাগে অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ক’ভিড মহামাৰীৰ পাছত ভাৰতীয় ৰে’লে এয়ে প্ৰথমবাৰৰ বাবে যাত্ৰী ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইল গাড়ীৰ ক্ষেত্ৰত শ্লিপাৰ শ্ৰেণীৰ ভাৰা প্ৰতি কিলোমিটাৰত ১ পইচাকৈ আৰু...

June 25, 2025 8:56 PM

views 12

ৰাজ্যত সংবিধান হত্যা দিৱস পালন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো আজি সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে। দেশৰ আন অংশৰ লগতে অসমতো আজি সংবিধান হত্যা দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই দিৱসত অংশ লৈ জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ পাছতো কংগ্ৰেছৰ এই ধৰণৰ মানসিকতাৰ পৰিৱৰ্তন হোৱা ন...

June 25, 2025 8:54 PM

views 9

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী সেঁতুৰ নিৰ্মাণকাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেঁতুৰ কাম ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কাৰ্য চলাই থকা ট্রাম্পেটৰ কামৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্র...

June 25, 2025 8:49 PM

views 21

আমেৰিকাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ লৈ যোৱা AXIOM-4 অভিযান আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা হয়। অভিযানত অন্তৰ্ভুক্ত চাৰিগৰাকী মহাকাশচাৰী ফেলকন নাইন ৰকেটৰ সহায়ত স্পেচ এক্স ড্রেগন মহাকাশ যানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ বুলি ৰাওনা হয়। আমেৰিকাৰ ...

June 25, 2025 8:47 PM

views 16

হাৰিয়ানাৰ ৰ’হটকত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব ষষ্ঠ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্রতিযোগিতাত অসমৰ চাৰিটা ব্ৰঞ্জৰ পদক

অসমে হাৰিয়ানাৰ ৰ'হটকত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব ষষ্ঠ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্রতিযোগিতাত চাৰিটা ব্ৰঞ্জৰ পদকেৰে অভিযান সামৰিছে। আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ হৈ মনিকা দলে ৪৪ৰ পৰা ৪৬, নমিতা সিঙে ৫২ৰ পৰা ৫৬, ধান্তি শ‍ইকীয়াই ৬০ৰ পৰা ৬৩ আৰু জয়শ্ৰী ডেকাই ৭৫ৰ পৰা ৯০ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদ...

June 24, 2025 8:28 PM

views 22

শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আধাৰত উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন আদালতত চলি থকা শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰ...

June 24, 2025 8:26 PM

views 26

শক্তিপীঠত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। সাধু-সন্ন্যাসী আৰু দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিৰস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আজিও পুৱাৰ পৰা সন্ধিয়ালৈ অগণন ভক্তই পদব্ৰজে মন্দিৰৰ পৰিক্ৰমা কৰে। অৱশ্যে ...

June 24, 2025 8:24 PM

views 18

টিপামত চাওলুং চুকাফাৰ ৫০ ফুট ওখ প্রতিমুর্তি নির্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ তৰংগ গগৈৰ

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনৰ টিপামত আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে গঢ়ি তোলা ক্ষেত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ এটা ৫০ ফুট ওখ প্রতিমুর্তি নির্মাণ কৰিবলৈ লোৱা হৈছে। স্থানীয় বিধায়ক তৰংগ গগৈয়ে আজি এই মুৰ্তিৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। বিধায...

June 24, 2025 8:21 PM

views 24

শাৰদ আগৰৱালক মিজোৰামৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰূপে নিযুক্তি

অৰুণাচল প্ৰদেশ, গোৱা, মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেদাৰৰ জ্যেষ্ঠ আই পি এছ বিষয়া শাৰদ আগৰৱালক মিজোৰামৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰূপে নিযুক্তি দিয়া হৈছে। ১৯৯৭ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্রীআগৰৱালে ইয়াৰ পূৰ্বে দিল্লী পুলিচৰ অৰ্থনৈতিক অপৰাধ শাখাৰ বিশেষ আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।