আঞ্চলিক সংবাদ

June 30, 2025 12:25 PM

views 17

শিৱসাগৰৰ ডিমৌ-মৰাণ অংশৰ বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা – ই এল এফেৰে নিৰ্মাণ

শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ-মৰাণ অংশৰ বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা – ই এল এফেৰে নিৰ্মাণ কৰা হৈছে। যুদ্ধবিমান ৰাফেল, মিগ, তেজশ আদিকে ধৰি সামৰিক বিমান অৱতৰণ আৰু উৰণৰ আৰ্হিৰে এই ই এল এফ নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই বিশেষ স্থান পৰিদৰ্শন কৰি এই আন্তঃগাঁথনি ৰাষ...

June 30, 2025 12:24 PM

views 21

কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’লৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা সামান্য বৃদ্ধি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই কেইবাখনো দূৰণিবতীয়া ৰে’লগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা ১২৪২...

June 30, 2025 11:58 AM

views 25

আকাশবাণীৰ পাব্লিক স্পীকত আজি প্ৰাৰম্ভিক স্তৰত মানসিক সমস্যাসমূহৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা

 আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত প্ৰাৰম্ভিক স্তৰত মানসিক সমস্যাসমূহৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত এইমছৰ মানসিক স্বাস্থ্য বিভাগৰ অধ্যাপক ডাঃ নন্দ কুমাৰৰ সৈতে বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০...

June 29, 2025 8:26 PM

views 38

বদৰপুৰ-লামডিং ৰে’লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে’ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি বদৰপুৰ-লামডিং ৰে'লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে'ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। আজি দিনত শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখন এই ৰে'লপথেৰে সুকলমে যাত্ৰা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে জাতিংগা-লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথেৰে ...

June 29, 2025 8:15 PM

views 15

কাছাৰৰ কাটিগড়াত দুজন বাংলাদেশী নাগৰিকক আটক

কাছাৰৰ কাটিগড়াত আজি পুৱা দুজন বাংলাদেশী নাগৰিকক আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হ'বলৈ চেষ্টা কৰি থকা অৱস্থাত আটক কৰা হয়। কাটিগড়া সীমান্তত চলাচল কৰি থকা তিনিজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ দুজনক স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে যদিও এজন পলায়ন কৰিবলৈ সমৰ্থ হয়। আটক কৰা লোকদুজন কেইবা বছৰ পূৰ্বে অ...

June 29, 2025 8:07 PM

views 15

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰে গোলাঘাট জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গোলাঘাট জিলা ভ্ৰমণ কৰিব। পুৱাৰ ভাগত তেওঁ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলিয়া নামঘৰ আৰু আঠখেলিয়াৰ ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই গোলাঘাট জিলা ক্রীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়াম উন্মোচন কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্মিত গো...

June 29, 2025 7:49 PM

views 22

তামুলপুৰ জিলাৰ দৰঙাত ৰাণ ফ’ৰ হেপিনেছ শীৰ্ষক অৰ্ধ-মাৰাথন দৌৰ প্ৰতিযোগিতা

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত আজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত ২১ কিলোমিটাৰৰ ৰাণ ফ'ৰ হেপিনেছ শীৰ্ষক অৰ্ধ-মাৰাথন দৌৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। প্রতিযোগিতা মুকলি কৰি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্ত্তীয়ে এনে কাৰ্যসূচীয়ে ড্রাগছ, বাল্য বিবাহ, পথ সুৰক্ষা আদি...

June 29, 2025 7:34 PM

views 9

ধেমাজি জিলাত ‘গ্রীষ্মানন্দ’ শীর্ষক  শিশু কল্যাণমুখী, শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ

ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সৌজন্যত আৰু সমগ্ৰ শিক্ষা, ধেমাজিৰ সহযোগত গ্রীষ্মবন্ধ উপলক্ষে ধেমাজি জিলাত ‘গ্রীষ্মানন্দ’ শীর্ষক এটা শিশু কল্যাণমুখী, শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ১ জুলাইৰ পৰা হ'বলগীয়া গৰম বন্ধৰ দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত তথা সামাজিক জীৱনশৈলীৰ সুস্থ বিকাশ ঘটোৱাৰ লগতে ...

June 29, 2025 7:31 PM

views 21

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন

লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত আজি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন কৰা হয়। পুৱা সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ জুৰি দত্তই বিশ...

June 29, 2025 7:29 PM

views 23

দৰং জিলাত জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ

চলিত মাহৰ দ্বিতীয় সপ্তাহটোত দৰং জিলাত শেহতীয়াকৈ জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ দৰং জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই পর্যন্ত এই দুয়োবিধ ৰোগত তিনিজন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে জাপানীজ এনচেফেলাইটিছ ৰোগত আঠজন আৰু এনচেফেলাইটিছ সদৃশ ৰো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।