আঞ্চলিক সংবাদ

May 29, 2025 7:58 PM May 29, 2025 7:58 PM

views 4

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত দংৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। বহৰি, বাঘবৰ সংযোগী মথাউৰিটোত বিগত এমাহ ধৰি হোৱা খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰাত জিলাখনৰ বৃহৎ অঞ্চলৰ প্ৰতি ভাবুকি...

May 29, 2025 7:54 PM May 29, 2025 7:54 PM

views 16

ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰে। ধেমাজিৰ বগীবিল দলং সংযোগী পথত থকা এটা তেল ডিপোত এই চিএনজি ষ্টেচন মুকলি কৰি শ্ৰীবৰাই সেউজ শক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ...

May 29, 2025 7:22 PM May 29, 2025 7:22 PM

views 21

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনা জাৰি কৰি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকক নিয়মীয়াকৈ বিদ্যালয়স...

May 29, 2025 7:13 PM May 29, 2025 7:13 PM

views 13

শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৮ জুনত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ৰ পর্যালোচনা বৈঠক

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ে আজি শোণিতপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অহা ৮ জুনত হ'বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকল উপস্থিতি আয়োজিত বৈঠকত ...

May 29, 2025 7:08 PM May 29, 2025 7:08 PM

views 4

কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উজলি থকা অধ্যায় বুলি মন্তব্য কৰিছে। ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছে।...

May 29, 2025 7:04 PM May 29, 2025 7:04 PM

views 16

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত আজি ৪০০ৰো অধ...

May 29, 2025 6:58 PM May 29, 2025 6:58 PM

views 16

ওদালগুৰিৰ ২ নম্বৰ সাতঘৰীয়া গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু

ওদালগুৰি জিলাৰ ২ নম্বৰ সাতঘৰীয়া গাঁৱত আজি পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে হাতীগড় আৰু মাজুলী চাহ বাগিচাত আশ্ৰয় লৈ পুৱতি নিশা গাঁৱত প্ৰৱেশ কৰে। হাতীৰ গচকত ফুগ্নী মুণ্ডা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়...

May 29, 2025 6:56 PM May 29, 2025 6:56 PM

views 17

ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মেলেৰীয়া প্ৰৱন এলেকাৰ জনসাধাৰণৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণ

ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত আজি চিৰাঙৰ ভাৰত- ভূটান সীমান্তৰ মেলেৰীয়া প্ৰৱন এলেকাৰ জনসাধাৰণৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণ কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বামুণগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু প্ৰাথমিক চিকিৎসালয়ত মেলেৰীয়া সজাগতা সভা অনুষ্ঠিত হয়। চিৰাং জিলা প্ৰশাসন আৰ...

May 29, 2025 6:51 PM May 29, 2025 6:51 PM

views 16

১,২৪৫টা ভূমিহীন পৰিয়ালক ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ বিতৰণ বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ

বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ কাজিগাঁও গাৰোপাৰা যুৱ ক্রীড়া ক্লাবত আয়োজিত অনুষ্ঠানত ১,২৪৫টা ভূমিহীন পৰিয়ালক ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবড়োৱে বি টি আৰৰ প্ৰতিটো পৰিয়ালক ভূমি দিয়াৰ বাবে প্রশাসন...

May 29, 2025 6:47 PM May 29, 2025 6:47 PM

views 20

ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিংযোগে ৰাজ্যখনৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু এই অভিযানৰ অগ্ৰগতি সম্পর্কে মুখ্যমন্ত্রীয়ে বিতংকৈ বুজ লয়। আলোচনা কালত এটি কলি দুটি পাত শীর্ষক নতুন আঁচনিখনৰ ৰূপায়ণৰ বিষয়েও স্থান ল...