আঞ্চলিক সংবাদ

July 20, 2025 6:57 PM

views 24

ৰাজ্যৰ দুগ্ধ প্ৰ-সংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গো-পালকসকললৈ ৰাজ সাহায্য প্রদান কাৰ্যসূচীৰ শুভাৰম্ভণি

ৰাজ্যৰ দুগ্ধ প্ৰ-সংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গো-পালকসকললৈ ৰাজ সাহায্য প্রদান কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰা হয়। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পশু পালন আৰু পশু চ...

July 20, 2025 1:09 PM

views 31

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, দুই-এজাক বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজান...

July 20, 2025 1:05 PM

views 12

সোণাপুৰত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত দল আৰু চৰকাৰে একত্ৰিত হৈ কাম কৰাৰ সন্দৰ্ভত আলোচনা

আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত কালি বিজেপিৰ দল আৰু চৰকাৰে কিদৰে একত্ৰিত হৈ কাম কৰিব সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে তৃণমূল পর্যায়ত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত...

July 20, 2025 1:03 PM

views 6

আই আই টি গুৱাহাটীত হাড়ৰ সংক্ৰমণ আৰু এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতাৰ বিৰুদ্ধে যুঁজিবলৈ হাইড্রক্সিএপেটাইট শীর্ষক কর্মশালা

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত কালি হাড়ৰ সংক্ৰমণ আৰু এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতাৰ বিৰুদ্ধে যুঁজিবলৈ হাইড্রক্সিএপেটাইট শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী, অধ্যাপক উৎপল বৰাই টিচু ইঞ...

July 20, 2025 1:01 PM

views 24

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ ডিব্ৰুগড় জিলা পৰ্যায়ৰ ৰূপায়ণ সমিতিৰ বৈঠক

মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ ডিব্ৰুগড় জিলা পৰ্যায়ৰ ৰূপায়ণ সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ পৰা এই আঁচনিৰ বাবে লাভ কৰা হিতাধিকাৰীৰ তালিকা...

July 20, 2025 12:58 PM

views 27

অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিকিমত মূল্যৱান খনিজ পদাৰ্থৰ অন্বেষণৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু ছিকিমত সন্ধান পোৱা লিথিয়াম, কোবাল্ট, ক্ৰ'মিয়াম, ৰেয়াৰ আৰ্থ, গ্ৰেফাইট আৰু ভেনাদিয়ামৰ দৰে মূল্যবান খনিজ পদাৰ্থৰ অন্বেষণৰ বাবে আগবাঢ়িছে। ৰাষ্ট্ৰীয় খনিজ অন্বেষণ ন্যাসে ইতিমধ্যে ৩৮ টা খণ্ড চিনাক্ত কৰি সাতটা খণ্...

July 20, 2025 12:52 PM

views 15

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাইলৈ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ

পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা ১০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশ আশুতোষ কুমাৰক শপত বাক্য পাঠ কৰোৱাব। কেন্দ্ৰীয় ...

July 20, 2025 12:49 PM

views 21

খৰাংসদৃশ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ বৈঠক

ৰাজ্যৰ খৰাংসদৃশ পৰিস্থিতিৰ ফলত ২৫খন জিলাত যোৱা ১ জুনৰ পৰা কালিলৈকে বৰষুণ হোৱাৰ পৰিমাণ ৪৩ শতাংশ হ্ৰাস পোৱা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। এনে পৰিস্থিতি জলসিঞ্চনৰ সা-সুবিধা নথকা ৰাজ্যৰ কৃষকসকলে বিমোৰত পৰা পৰিলক্ষিত হৈছে। অৱশ্যে শেহতীয়াকৈ মন্ত্ৰীসভাৰ বৈঠকৰ পাছত খৰাংপীড়িত কৃষকক চৰকাৰে ক্ষতিপূৰণ...

July 20, 2025 12:41 PM

views 19

যোৰহাট জিলাৰ কৃষি আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

কৃষিমন্ত্ৰী অতুল বৰাই কালি যোৰহাট জিলাৰ কৃষি আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। ৰাজ্যৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা খৰাং সদৃশ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ অৱস্থাৰ বুজ লয়। স্বাভাৱিক অৱস্থাতকৈ জিলাখনত এইবাৰ বৰষুণৰ পৰিমাণৰ ৭ শতাংশ হ্রাস হোৱা বুলি জিলা ...

July 20, 2025 12:37 PM

views 26

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত সু-সাহিত্যিক আৰুণি কাশ্যপৰ সাহিত্যিক সৃষ্টিৰাজী সন্দৰ্ভত আলোকপাত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ ক্ৰিয়েটিভ ৰাইটিং বিভাগৰ সহযোগী অধ্যাপক তথা অসমীয়া আৰু ইংৰাজী ভাষাৰ সু-সাহিত্যিক আৰুণি কাশ্যপে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত তেওঁৰ সাহিত্যিক সৃষ্টিৰাজী সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।