আঞ্চলিক সংবাদ

July 21, 2025 12:11 PM

views 15

আজিৰে পৰা দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ

দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ আজিৰে পৰা ড০ আম্বেদকাৰ ষ্টেডিয়ামত আৰম্ভ হ'ব। এই প্রতিযোগিতাত ৩৬টা দলে অংশগ্ৰহণ কৰিছে। ইয়াৰে ২৪টা দল ল'ৰাৰ আৰু ১২টা দল ছোৱালীৰ। উদ্বোধনী খেলত ল'ৰা শাখাত দ্বাৰকাৰ চৰকাৰী সহ-শিক্ষা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে, মাদাৰছ ইণ্টাৰনেশ্যনে...

July 21, 2025 12:10 PM

views 23

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰে সৈতে সংগতি ৰাখি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কালিৰে পৰা ২৪ জুলাইলৈ ৪৮ সংখ্যক সদৌ অসম মুকলি ফিডে ৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ ২৭খন জিলা ২৬৭গৰাকী প্ৰতিযোগীয়ে...

July 21, 2025 11:30 AM

views 15

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, কালি সৰ্বদলীয় বৈঠক সম্পন্ন

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশন ২১ আগষ্টলৈ চলিব। অধিৱেশনৰ কালছোৱাত উভয় সদনৰ মুঠ ২১ খন বৈঠক অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত ৰাজ্যসভাৰ নেতা জগত প্ৰকাশ নাড্ডাৰ সভাপতিত্বত এখন...

July 21, 2025 11:28 AM

views 19

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ

পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে গুৱাহাটী উচ্...

July 21, 2025 11:26 AM

views 15

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, কাকপথাৰত ছাত্ৰীৰ মৃত্যু

অসমৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তিনিচুকীয়া জিলাৰ কাকপথাৰত এই ৰোগত আক্ৰান্ত হৈ কালি জয়শ্ৰী চাংমাই নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। কাকপথাৰ দপথাৰ মাজগাঁৱৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকী এই ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। জিলাখ...

July 20, 2025 7:58 PM

views 17

চিৰাং জিলা অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শুভাৰম্ভ কৰে

চিৰাং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আজি কাজলগাঁওস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলাখনৰ অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ মুঠ ১০২৯ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট মোবাইল ফোন প্ৰদ...

July 20, 2025 7:51 PM

views 91

ৰাজ্যৰ কেইবাখনো জিলাত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে

ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হাৰতকৈ কম হোৱাৰ ফলত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত এইদৰে প্ৰকাশ কৰি কয়, যে ইতিমধ্যে ওদালগুৰি, কামৰূপ, দৰং, গোলাঘাট, মাজুলীকে ধৰি বিভিন্ন জিলাৰ কৃ...

July 20, 2025 7:43 PM

views 18

অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ সফল সামৰণি

অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা গুৱাহাটী শিশু মহোৎসৱৰ আজি সফল সামৰণি পৰে। এই মহোৎসৱৰ সময়ছোৱাত প্ৰতি দিনে শতাধিক শিশু চেমনিয়াৰ মাজত যোগাসন, কলা সংস্কৃতিৰ কৰ্মশালা, চলচ্চিত্ৰ প্ৰদৰ্শন আৰু গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। আজিৰ সামৰণি অনুষ...

July 20, 2025 7:27 PM

views 14

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰে সোমবাৰে শপতগ্ৰহণ কৰিব

পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা ১০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ক...

July 20, 2025 7:17 PM

views 31

সাহিত্যিক পুণ্য শ‍ইকীয়ালৈ ২০২৫ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

বিশিষ্ট সাহিত্যিক পুণ্য শ‍ইকীয়ালৈ ২০২৫ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা আগবঢ়োৱা হৈছে। বৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে। ড০ বৰাৰ ১২৬ সংখ্যক জন্ম বার্ষিকীৰ সৈতে সংগতি ৰাখি শিৱসাগৰ প্ৰেছ ক্লাব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।