আঞ্চলিক সংবাদ

July 22, 2025 1:06 PM

views 14

নাগালেণ্ডত কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন, যাতায়াত ব্যাহত

কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নাগালেণ্ডৰ বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন হৈছে। যোৱা দেওবাৰে ৰাজধানী কোহিমাৰ ফেচামাৰ পৰা কিছামা-কিগ্‌ৱেমা সংযোগী বিকল্প পথটোত হোৱা ভূমিস্খলনৰ ফলত পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। ক্ষতিগ্রস্ত পথছোৱাত মেৰামতিৰ কাম চলি আছে। এই পথছোৱাৰে বিগত মাহত কিছামাৰ সমীপ...

July 22, 2025 1:01 PM

views 17

ছাফ ১৭ বছৰ অনূৰ্ধ্ব চেম্পিয়নশ্বিপ ২০২৫ ফুটবল প্রতিযোগিতাৰ খেলৰ সূচী প্রকাশ

ছাফ ১৭ বছৰ অনূৰ্ধ্ব চেম্পিয়নশ্বিপ ২০২৫ ফুটবল প্রতিযোগিতাৰ খেলৰ সূচী প্রকাশ কৰা হৈছে। যোৱাবাৰৰ বিজয়ী ভাৰতক গ্ৰুপ বিত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান তথা ভূটান আৰু মালদ্বীপৰ সৈতে স্থান দিয়া হৈছে । আনহাতে গ্রুপ এত ৰখা দলকেইটা হৈছে শ্রীলংকা, বাংলাদেশ আৰু নেপাল। প্রতিযোগিতাখন ১৫ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টে...

July 22, 2025 12:05 PM

views 9

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্যজনিত কাৰণত পদত্যাগ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত কালি পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্ৰীধনখড়ে উল্লেখ কৰে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে তেওঁ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্ম...

July 22, 2025 12:03 PM

views 18

বান-খৰাং পৰিস্থিতিৰ বুজ ল’বলৈ অসমলৈ আহিব কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান

ৰাজ্যৰ বান আৰু খৰাংপীড়িত কেইবাখনো জিলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে জিলাসমূহ ভ্ৰমণ কৰিব। নতুন দিল্লীৰ কৃষি ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠকৰ সময়ত কালি শ্ৰী চৌহানে এই বিষয়ে আশ্বাস দিয়ে। বৈঠকত মন্ত...

July 22, 2025 12:01 PM

views 13

গোলাঘাটৰ উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে দখল কৰি থকা লোকক ৭ দিনৰ ভিতৰত ভূমি খালী কৰিবলৈ বন বিভাগৰ জাননী

গোলাঘাট জিলা বন বিভাগে জিলাখনৰ উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবলগীয়া ৩০ খন গাঁৱত অবৈধভাৱে দখল কৰি থকা লোকসকলক সাত দিনৰ ভিতৰত ভূমি খালী কৰি দিবলৈ জাননী জাৰি কৰিছে। এই নিৰ্দেশত বন বিভাগে বনাঞ্চল ধ্বংস কৰি ঘৰ-বাৰী স্থাপন কৰাৰ লগতে বনভূমিক কৃষি ভূমিলৈ ৰূপান্তৰিত কৰা হৈছে বুলি উল্...

July 21, 2025 12:19 PM

views 97

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্ৰমণসূচীৰে আফ্রিকা মহাদেশৰ লেছ’থ’ত উপস্থিত

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্ৰমণসূচীৰে কালি আফ্রিকা মহাদেশৰ লেছ’থ’ত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছতে তেওঁক বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰধান সচিব থাবাং লেখেলাই আদৰণি জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমাৰ্ঘেৰিটাই কয়, যে দেশ দুখনৰ...

July 21, 2025 12:17 PM

views 13

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খৰাং পৰিস্থিতি সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিয়া খৰাং পৰিস্থিতি সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিতংভাৱে আলোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰে হোৱা কথা-বতৰাত যোৱানিশা কৃষিমন্ত্ৰীগৰাকীয়ে কয়, যে জলবায়ু পৰিৱৰ্তনে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবি...

July 21, 2025 12:16 PM

views 17

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চ’ৰাৰ উদ্যোগত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱস উপলক্ষে বক্তৃতানুষ্ঠান

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চ'ৰাৰ উদ্যোগত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱস উপলক্ষে কালি এখন বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হোৱা অনুষ্ঠানটোত গৱেষক মাধুৰীমা শ‍ইকীয়াই কৃষ্ণকান্ত সন্দিকৈ দেৱৰ ৰচিত এটি গীত পৰিৱেশন ...

July 21, 2025 12:14 PM

views 15

মৰিগাঁও জিলাৰ মায়ঙত বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসাি শিবিৰ

গ্রাম্য অঞ্চলৰ লোকসকলৰ স্বাস্থ্য সুনিশ্চত কৰাৰ বাবে কালি শ্ৰী শংকৰদেৱ নেত্ৰালয়, মায়ং গাঁও পঞ্চায়ত আৰু ৰজা মায়ং উন্নয়ন সমিতিৰ সহযোগত ৰ'টাৰী ক্লাব অৱ গুৱাহাটীয়ে মৰিগাঁও জিলাৰ মায়ঙত বিনামূলীয়া চকু পৰীক্ষা তথা চিকিৎ‍সা শিবিৰ অনুষ্ঠিত কৰে। শিবিৰটোত মুঠ ১০৯ গৰাকী ব্যক্তিৰ চকু পৰীক্ষা কৰা হয়। ইয়া...

July 21, 2025 12:13 PM

views 7

কাছাৰৰ কালাইন সিন্দূৰা বনভোজথলীত পাহাৰৰ পৰা বৈ অহা নৈত পৰি এজন যুৱকৰ মৃত্যু, এজন সন্ধানহীন

কাছাৰৰ কালাইন সিন্দূৰা বনভোজথলীত পাহাৰৰ পৰা বৈ অহা নৈৰ পানীত পৰি এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক সন্ধানহীন হৈ আছে। জানিব পৰা মতে বদৰপুৰ আৰু ভাংগাৰ পৰা ৭ জন বন্ধু সিন্দূৰা বনভোজথলীলৈ আহিছিল। নৈত গা ধুবলৈ গৈ বদৰপুৰৰ বিশাল ঘোষ আৰু সৌভিক সৰকাৰ নামৰ দুজন যুৱক নিখোজ হৈ পৰে। দুয়োজন যুৱক নিখোজ হোৱা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।