আঞ্চলিক সংবাদ

July 26, 2025 11:48 AM

views 68

তিনিচুকীয়াত কেইবাটাও কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন তথা পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস অংশগ্ৰহণ

তিনিচুকীয়াত কালি কেইবাটাও কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন তথা পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, সাধাৰণ প্ৰশাসন, পর্যটন আদি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত প্রধানমন্...

July 26, 2025 11:40 AM

views 29

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চতুৰ্বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ধেমাজি অনুষ্ঠিত

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চতুৰ্বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে ধেমাজি জিলাৰ জয়ৰামপুৰ খেলপথাৰত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীলৈ জননী গৌৰৱ বঁটা আগবঢ়োৱা হয়। পৰিষদৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকল...

July 26, 2025 11:34 AM

views 31

ৰাজ্যৰ বিভিন্ন ঠাইত কাৰ্গিল বিজয় দিৱস উদ্‌যাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধক সুঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদ্‌যাপন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিন্টু গগৈৰ সমাধিস্থলীতো বীৰ শ্বহীদগৰাকীক আজিৰ দিনটোত স্মৰণ কৰা হৈছে। গুৱাহাটীৰ শিলপুখুৰীত থকা যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূ...

July 26, 2025 11:27 AM

views 23

UPSE পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰীক্ষাৰ্থীসকলক ৪ আগষ্টৰ ভিতৰত www.aasu.org.in ৱেবছাইট যোগে আবেদনৰ আহ্বান

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰীক্ষাৰ্থীসকলে আজিৰে পৰা ৪ আগষ্টলৈ www.aasu.org.in ৱেবছাইট যোগে আবেদন কৰিব পাৰিব। আবেদন কৰা পৰীক্ষাৰ্থীসকলৰ অহা ১০ আগষ্টত গুৱাহাটীৰ ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত ব...

July 26, 2025 11:24 AM

views 19

ৰাজ্যত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাই আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যত বৰষুণ নহ'লে খৰাং পৰিস্থিতি ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। বৰষুণৰ অভাৱত খেতি-পথাৰত চিৰাল ফাঁট মেলাত কৃষকে ভুঁই ৰুব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱা সন্দৰ্ভত কালি সাংবাদিকৰ আগত উল্লেখ কৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে ৰাজ্যৰ শেহতীয়া খৰাং পৰিস্থি...

July 26, 2025 11:11 AM

views 23

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰ...

July 26, 2025 11:06 AM

views 27

আদর্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ মত প্ৰকাশ

ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। গুৱাহাটীত কালি এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে বর্তমান আদর্শ মহাবিদ্যালয়সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই মহাবিদ্যালয়সমূহক ...

July 25, 2025 8:30 PM

views 12

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৪০ গৰাকী পৰীক্ষাৰ্থীক নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ ভিতৰত অসমৰ পৰা ২৬ গৰাকী পৰীক্ষাৰ্থী বাচি উলিওৱা হ'ব। দিল্লীৰ বচা বচা প্ৰতিষ্ঠানত তেওঁলোকক এই পৰীক্...

July 25, 2025 8:26 PM

views 35

ৰাজ্যিক বিজেপিৰ কেইবাখনো মৰ্চাৰ নতুন সভাপতি নিযুক্তি

ৰাজ্যিক বিজেপিৰ কেইবাখনো মৰ্চাৰ নতুন সভাপতি নিযুক্তি দিয়া হৈছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি নীলিমা দেৱীক মহিলা মৰ্চা, ৰাকেশ দাসক যুৱ মৰ্চা, সুভাষ দত্তক অ' বি চি মৰ্চা, নৱাৰুণ মেধিক অনুসূচীত জাতি মৰ্চা, হৰেন সিং বে'ক অনুসূচীত জনজাতি মৰ্চা, পংকজ বৰবৰাক ক...

July 25, 2025 8:23 PM

views 36

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্ৰতিষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্ৰতিষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। ৩০ লাখ টকা ব্যয় সাপেক্ষে এই প্রতিমূৰ্তিটো নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত অধ্যাপক দেৱেন্দ্ৰ জালিহালকে ধৰি কেন্দ্ৰীয় প্রতিষ্ঠানটোৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।