আঞ্চলিক সংবাদ

July 27, 2025 11:04 AM

views 31

ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্রায় ৪৪ শতাংশ হ্ৰাস

ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্রায় ৪৪ শতাংশ হ্ৰাস পাইছে। গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জুন-জুলাইত সাধাৰণতে ৭৮৮. ৮ মিলিমিটাৰ বৰষুণ হয় যদিও এইবেলি ৪৪৪.১ মিলিমিটাৰহে বৰষুণ হৈছে। সেই অনুসৰি এই সময়ছোৱাত বৰষুণৰ পৰিমাণ ৪৪ শতাংশ হ্ৰাস পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে...

July 27, 2025 10:55 AM

views 28

উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত ২৯ জুলাইৰ পুৱাৰ পৰা উচ্ছেদ অভিযান

উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অহা ২৯ জুলাইৰ পুৱাৰ পৰা উচ্ছেদ চলোৱা হ'ব। বন বিভাগে অঞ্চলটোৰ সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি গাঁওসমূহলৈ গৈ কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ জাননী দিছে। ইয়াৰ আগেয়ে প্রশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাত দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা...

July 27, 2025 10:48 AM

views 14

শিশুসকলৰ বাবে সৃজনীশীল আৰু কলাত্মক কৰি তোলাৰ ক্ষেত্ৰত গ্ৰীষ্মকালীন কর্মশালাই ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্রকাশ  

বিভিন্ন ব্যতিক্রমী বিষয় লৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে আয়োজিত গ্রীষ্মকালীন শিবিৰসমূহে শিশুসকলৰ সর্বাঙ্গীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সমৰ্থ হৈছে। ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই বিষয়ে প্রকাশ কৰে। বিশিষ্ট প্ৰকাশক ধ...

July 27, 2025 10:34 AM

views 19

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ৩১ মাৰ্চ পর্যন্ত মুঠ ১৬,৩৩২ কোটি টকাত উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ অনুমোদন

উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ৩১ মাৰ্চ পর্যন্ত মুঠ ১৬,৩৩২ কোটি টকাত অনুমোদন দিয়ে। সাংসদ দিলীপ শ‍ইকীয়া আৰু অন্য দুগৰাকী সাংসদে সোধা তৰাবিহীন প্ৰশ্নৰ উত্তৰত উত্তৰ-পূব উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে কালি লোকসভাত এই কথা সদ...

July 26, 2025 8:45 PM

views 17

তামুলপুৰত বিধানসভা সমষ্টিভিত্তিক গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণি

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিক গ্রীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে। অসম নাট্য সন্মিলন, তামুলপুৰ জিলা প্ৰশাসন, মণিকাঞ্চন কলাকেন্দ্র, আলাইআৰান হাৰিমু আফাদ আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সহযোগত এই কর্মশালা অনুষ্ঠিত হৈছিল। আজ...

July 26, 2025 8:30 PM

views 14

ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদত পার্কিং জ’ন নিৰ্মাণৰত অৱস্থাত

গুৱাহাটী মহানগৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ ভিৰ হ্ৰাস কৰি মহানগৰখনৰ পৰিবহন ব্যৱস্থা সূচল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদত ২ হেজাৰ ৭০০ বর্গমিটাৰ এলেকাজুৰি এটা পার্কিং জ'ন নিৰ্মাণ কৰি আছে। এই ব্যৱস্থাই জনসাধাৰণক যান-জটৰ সমস্যাৰ পৰা সকাহ দিব বুলি আশা কৰা হৈছে । মুখ্যমন্ত্রী ...

July 26, 2025 8:25 PM

views 17

অসমৰ আকাশবাণী কেন্দ্ৰৰ কাম-কাজৰ পৰ্যালোচনা আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্রজ্ঞা পালিৱাল গৌড়ৰ

আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্রজ্ঞা পালিৱাল গৌড়ে আজি গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। ড০ গৌড়ে কয়, যে অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্রজন্মক আকৰ্ষিত কৰিব পাৰিলেহে আকাশবাণীৰ প্ৰাসংগিকতা থাকিব। আকাশবাণীৰ সংগীতানুষ্ঠানৰ দৰে অনুষ্ঠানসমূহ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূ...

July 26, 2025 8:18 PM

views 36

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ ছহিদৰ স্মৃতিক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নির্মীয়মান ছহিদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান অহা নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। ১১৬ বিঘা ভূমি সামৰি নির্মীয়মান এই উদ্যানত ছহিদ স্মাৰকৰ লগতে দেশৰ ভিতৰতে অন্যতম সুউচ্চ স্তম্ভ আৰু ছহিদ আৱক্ষ মূৰ্তি নিৰ্মা...

July 26, 2025 8:12 PM

views 26

ৰাজ্যৰ বিভিন্ন স্থানত কাৰ্গিল বিজয় দিৱস উদযাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধক সুঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সুঁৱৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচায্যই অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে বী...

July 26, 2025 11:52 AM

views 32

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত  বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্রীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অং...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।