আঞ্চলিক সংবাদ

July 28, 2025 6:31 PM

views 29

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনৰ বনভূমিত বসবাস কৰা ২,১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনে আজি জিলাখনৰ বনভূমিত বসবাস কৰা ২,১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ কৰে। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই উপলক্ষে অনুষ্ঠিত সভাত বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বিধায়ক প্রমোদ বৰঠাকুৰকে ধৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। মন্ত্রী অ...

July 28, 2025 6:18 PM

views 30

বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কার্যসূচী অনুষ্ঠিত

বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এই দিৱস উপলক্ষে আজি চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ মাজত এখনী আলোচনাচক্র অনুষ্ঠিত হয়। আলোচনা কালত আজিৰে পৰা ৫ আগষ্টলৈ জিলাখনৰ প্...

July 28, 2025 6:15 PM

views 26

প্ৰধানমন্ত্ৰী মোদীক সৌহার্দ্যপূৰ্ণ সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌহার্দ্যপূৰ্ণ সাক্ষাৎ কৰে। ড০ শৰ্মাই প্রধানমন্ত্ৰীৰ সৈতে ৰাজ্যৰ বিভিন্ন খণ্ডৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে। অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্রী মোদীৰ অসম ভ্ৰমণৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত ...

July 28, 2025 6:06 PM

views 32

ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বকো-লাংপি সংযোগী পথৰ যোগাযোগ ব্যাহত

কামৰূপ জিলাৰ লংতুৰি পাহাৰ অঞ্চলত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বকো-লাংপি সংযোগী পথটো এতিয়াও মুকলি হোৱা নাই। অঞ্চলটোত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি আৰু বৃহৎ আকাৰৰ শিল বাগৰি পৰাত শনিবাৰৰপৰা পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। পথটো বন্ধ হোৱাৰ ফলত কাষৰীয়া জনজাতীয় অঞ্চলৰ...

July 28, 2025 5:51 PM

views 32

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ’ব

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থ...

July 28, 2025 5:33 PM

views 24

দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

দেশৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শক্তিশালী নেতা, অসাধাৰণ বাগ্মিতাৰ অধিকাৰী, লেখক, দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য তিথি উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত ফুকনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত ওতপ্রোতভাৱে জড়িত...

July 28, 2025 11:30 AM

views 29

ধৰতি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আঁচনিৰ অধীনত জোনাই সমষ্টিৰ অন্তৰ্গত ১৮ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া আবাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰী লাভ

ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ধৰতি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আঁচনিৰ অধীনত জোনাই সমষ্টিৰ অন্তৰ্গত ১৮ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া আবাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰী লাভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰতিখন বিদ্যালয়লৈ প্ৰায় চাৰি কোটিকৈ টকা আৱণ্টন হৈছে। উল্লেখযোগ্য যে জনজাতীয় অঞ্চল...

July 28, 2025 11:27 AM

views 16

শ্ৰীভূমি চহৰত ৮১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক পানীযোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কালি শ্ৰীভূমি চহৰত ৮১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক পানীযোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় । এই বৃহৎ প্ৰকল্পই শ্ৰীভূমি চহৰত খোৱাপানীৰ সমস্যা সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকা...

July 28, 2025 11:20 AM

views 135

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন। ১৯৩২ চনত যোৰহাটত জন্মগ্ৰহণ কৰা কবিগৰাকীৰ পিতৃ আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা ভট্টাচার্য। বহু মননশীল কবিতাৰে অসমীয়া কাব্যজগত চহকী কৰাৰ লগতে কাব্যপ্ৰেমীসকলক মুগ্ধ কৰি ৰখা হীৰেন ভট্টাচাৰ্য প্ৰথম পুথিখন ১৯৫৭ চনত প্ৰকাশ পায়। মোৰ দেশ মোৰ প্ৰ...

July 28, 2025 11:14 AM

views 14

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি পাইছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।