আঞ্চলিক সংবাদ

June 24, 2025 12:36 PM June 24, 2025 12:36 PM

views 19

বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই সন্দৰ্ভত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য শিবিৰত বিভি...

June 24, 2025 12:32 PM June 24, 2025 12:32 PM

views 13

নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত

■ বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ গৈছে। সম্প্ৰতি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ...

June 24, 2025 12:26 PM June 24, 2025 12:26 PM

views 20

অম্বুবাচী মহাযোগৰ তৃতীয় দিনাও উখল-মাখল পৰিৱেশ

● গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। পুৱাৰে পৰা সাধু-সন্ন্যাসী আৰু ভালে সংখ্যক লোকৰ শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে। ইয়াৰোপৰি দুদিন পূৰ্বে কামাখ্যা ধামত উপস্থিত হোৱা দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিবস...

June 24, 2025 12:20 PM June 24, 2025 12:20 PM

views 5

অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা আছুৰ

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই সংবাদ মাধ্যমযোগে কালি ...

June 24, 2025 12:15 PM June 24, 2025 12:15 PM

views 5

ৰাজ্যৰ বিভিন্ন স্থানত সোমবাৰৰ পৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ

■ ৰাজ্যত যোৱা ১১ মে'ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পাছত শেহতীয়াকৈ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালিৰেপৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে। এইবাৰ পঞ্চায়ত গঠনৰ নিয়ম অনুসৰি সভাপতিগৰাকীক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে নিৰ্বাচিত পঞ্চায়...

June 24, 2025 12:11 PM June 24, 2025 12:11 PM

views 7

বৰাক উপত্যকাত ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে বিচ্ছিন্ন

বৰাক উপত্যকাত শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে বিচ্ছিন্ন হৈ পৰিছে। পাহাৰ লাইনৰ জাতিংগা-লামপুৰ অংশৰ ৰে'ললাইনত হোৱা ভূমিস্খলনৰ বাবে সকলো ৰে’লসেৱা বাতিল কৰি দিয়াত উপত্যকাটোৰ জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগত...

June 23, 2025 8:29 PM June 23, 2025 8:29 PM

views 5

ত্ৰিপুৰা দেশৰ ভিতৰতে তৃতীয়খন সম্পূৰ্ণ-সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত

ত্ৰিপুৰা দেশৰ ভিতৰতে তৃতীয়খন সম্পূৰ্ণ-সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত হৈছে। আজি আগৰতলাৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক সাহাৰ উপস্থিতিত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে এই বিষয়ে সদৰি কৰে। এই সফলতা ত্ৰিপুৰাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি মুখ...

June 23, 2025 7:47 PM June 23, 2025 7:47 PM

views 8

১ জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা ১ জুলাইত ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়ো...

June 23, 2025 7:44 PM June 23, 2025 7:44 PM

views 18

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে’লৱেক পুনগঠন কৰাৰ পোষকতা সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে'লৱেক পুনগঠন কৰাৰ পোষকতা কৰিছে। আজি কোকৰাঝাৰত অসম ৰে'ল যাত্ৰী সন্থাৰ বি টি আৰ শাখাৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰাৰ সময়ত শ্ৰীগগৈয়ে এই মত প্ৰকাশ কৰে। তেওঁ ক...

June 23, 2025 7:18 PM June 23, 2025 7:18 PM

views 20

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস হৈছে। আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মহনে এই বিষয়ে আমাৰ সংবাদদাতাক অৱগত কৰে। আজি মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে বিগত ১...