আঞ্চলিক সংবাদ

July 4, 2025 6:35 PM July 4, 2025 6:35 PM

views 6

ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং-শিলচৰ ৰে’লপথছোৱা পুনৰ মুকলি

ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং-শিলচৰ ৰে'লপথছোৱা পুনৰ ৰে'ল চলাচলৰ বাবে মুকলি কৰা হৈছে। ডিমা হাচাও জিলাৰ দিহাখো আৰু মুপা ষ্টেছনৰ মাজৰ ৰে'লপথছোৱা কালি বৃহৎ‍ শিল আৰু মাটি খহি অহাৰ ফলত এই পথছোৱাৰে ৰেল চলাচল বন্ধ কৰি দিয়া হৈছিল। উত্তৰ-পূৱ সীমান্ত ৰে'লৱে সূত্ৰৰ উদ্ধৃতি দি আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মত...

July 4, 2025 6:33 PM July 4, 2025 6:33 PM

views 5

তামুলপুৰত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাবৰ পৰ্যালোচনা কৰে। যুৱ প্ৰজন্ম আৰু মহিলাসকলক আ...

July 4, 2025 1:03 PM July 4, 2025 1:03 PM

views 13

অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয়ৰ সহায়ক সন্থাৰ অধিবেশনৰ বাবে প্ৰতিনিধিসকলৰ বিশেষ ছুটি মঞ্জুৰ

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয়ৰ সহায়ক সন্থাৰ অধিবেশনৰ বাবে প্ৰতিনিধিসকলৰ বিশেষ ছুটি মঞ্জুৰ কৰিছে। অহা ১০ জুলাইৰ পৰা ১২ জুলাইলৈ ধেমাজিৰ চিলাপথাৰত মাধ্যমিক বিদ্যালয় কার্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ'ব।

July 4, 2025 1:02 PM July 4, 2025 1:02 PM

views 19

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ খৰ্গৰ ডি এন এ নমুনা সংগ্ৰহৰ কাম আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ খৰ্গৰ ডি এন এ নমুনা সংগ্ৰহৰ কাম আৰম্ভ হৈছে। ২০২১ বৰ্ষত প্রশাসনে মুঠ দুহেজাৰ ৪৭৯টা গড়ৰ খৰ্গ দাহ কৰিছিল। দাহ কৰাৰ পূৰ্বে খৰ্গসমূহৰ কিছু অংশ সংৰক্ষণ কৰা হৈছিল আৰু সেই অংশসমূহৰ পৰাই এতিয়া ডি এন এ নমুনা সংগ্ৰহ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া অৰুণ ভিগনেছে...

July 4, 2025 12:57 PM July 4, 2025 12:57 PM

views 7

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীছ এনকেফেলাইটিছ প্ৰদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীছ এনকেফেলাইটিছ প্ৰদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বজালী জিলাৰ বাঘমাৰা আৰু দলৌ পথাৰৰ দুজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি জিলাখনত ৫ গৰাকীকৈ লোকৰ দেহত এই ৰোগৰ...

July 4, 2025 12:52 PM July 4, 2025 12:52 PM

views 4

২১ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন ২১ জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰিছে। বুধবাৰে শ্ৰী ৰিজিজুৱে কয়, যে স্বাধীনতা দিৱস উদযাপনৰ বাবে ১৩ আৰু ১৪ আগষ্টত সংসদৰ অধিৱেশন অনুষ্ঠিত নহয়। ২১ আগষ্টত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত আনৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশক...

July 4, 2025 12:50 PM July 4, 2025 12:50 PM

views 17

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় ৰাং কুকুৰৰ সন্ধান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় ৰাং কুকুৰৰ সন্ধান পোৱা গৈছে। কাৰ্বি আংলঙৰ আমগুৰি এনিমেল কৰিৰ্ডৰত স্থাপন কৰা কেমেৰাত ৰাং কুকুৰৰ বিচৰণৰ দৃশ্য বন্দী হৈছে। বিগত প্রায় তিনি বছৰে কাজিৰঙাত ৰাং কুকুৰৰ উপস্থিতিৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষা-নীৰিক্ষা চলাই থকাৰ অন্তত উদ্যানখনত ৰাং ...

July 4, 2025 12:46 PM July 4, 2025 12:46 PM

views 11

অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত

কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত পৰিছে। নগা পাহাৰৰ পৰা প্ৰৱাহিত নামদাং, দৈ-খনা, দিচৈ, ডেন্সি আদি উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে গেলেকীৰ নচুক, নআলি, বামুণগাঁও, ৰঙাগড়া, চপৰীয়া, মৰাণগাঁও, কছাৰী, তল মৰাণগাঁও, ওপৰ নামচাই, চৰাইসজীয়া, নমাটি,...

July 4, 2025 12:43 PM July 4, 2025 12:43 PM

views 15

দংকামোকামত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু

পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু হয়। কালি সন্ধিয়া প্ৰবল বৰষুণ আৰু বিজুলী-ঢেৰেকনীৰ বাবে ইনভার্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱাৰ সময়তে বিদ্যুৎ পৰিবাহী ছকেটত লাগি চিকিৎসকগৰাকীৰ থিতাতে মৃত্যু হয়। মৃত ৰূপলিন ৰংপিপি নামৰ চিকিৎসকগৰাকী ওমপানাই খণ্ড প্...

July 4, 2025 12:39 PM July 4, 2025 12:39 PM

views 10

৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বংগোপ সাগৰৰ পৰা জলীয় বাস্ত্ৰৰ প্ৰভাৱত আজিৰপৰা ৬ জুলাইলৈ ৰাজ্যৰ ঠাইবিশেষে বিজুলী থেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। আজি বৰপেটা আৰু বঙ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।