আঞ্চলিক সংবাদ

August 5, 2025 7:02 PM

views 27

ধেমাজি জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ধেমাজি জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে। এতিয়ালৈকে জিলাখনত ৩২ গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। ধেমাজি জিলাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ সংবাদদাতাই লাভ কৰা তথ্য অনুযায়ী জিলাখনত বিগত তিনিমাহত ১২ গৰাকী ৰোগীৰ জাপানীজ ...

August 5, 2025 6:46 PM

views 20

আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

আজি আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে কামৰূপ জিলাৰ আমিনগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা আলাবৈ ৰণ স্মৃতি সৌধৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহনৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে স্মৃত...

August 5, 2025 6:43 PM

views 34

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে সম্প্রতি শাসক- বিৰোধী দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও সম্প্রতি শাসক- বিৰোধী দলসমূহে প্ৰচাৰ অভিযান চলাই আছে৷ ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাঙৰ দুখন দলীয় কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰে। মুখ্যমন্ত...

August 5, 2025 6:55 PM

views 17

ৰাজ্যজুৰি আজি লোককল্যাণ দিৱস পালন

ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অৰাজপত্রিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট স...

August 5, 2025 11:46 AM

views 28

ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাত ভিন্ন অঞ্চল প্লাৱিত

■ বিগত ২৪ ঘণ্টাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ কেইবাটাও অঞ্চল প্লাৱিত হৈছে। শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ, নিউ শিলচৰ, সোণাই ৰোড, শ্বিলং পট্টী, অম্বিকা পট্টী, চৌৰংগী, বিবেকানন্দ ৰোডকে ধৰি কেইবাটাও এলেকা বানত বুৰ গৈছে। বতৰ প্ৰতিকুল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজি জিলাখনৰ সকলো চৰকাৰ...

August 5, 2025 11:42 AM

views 32

আজি আলাবৈ ৰণ স্মৃতি দিৱস

● আজি আলাবৈ ৰণ স্মৃতি দিৱস। ১৬৬৯ চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈৰ ৰণত অসমৰ ১০ হাজাৰ সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিন...

August 5, 2025 11:37 AM

views 33

শিলচৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা আগবঢ়াই থকা ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

■ শিলচৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা আগবঢ়াই থকা এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰি ৬ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। পুলক মালাকাৰ নামৰ এই চিকিৎসকজনে ২০১৬ চনৰ পৰাই ভুৱা চিকিৎসকৰ প্ৰমাণ পত্ৰ দাখিল কৰি ৰোগীক চিকিৎসা কৰি আহিছিল বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই সংবাদ মাধ্যমৰ আগ...

August 5, 2025 11:28 AM

views 37

গড়ভঙাক ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি গ্ৰহণ

■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙাক ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এখন ৰাজহুৱা স্বার্থজৰিত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত চৰকাৰক বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। কালি...

August 5, 2025 11:23 AM

views 42

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত

■ বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও সম্প্রতি শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ইউ পি পি এলৰ সৈতে মিত্ৰতা বজাই ৰাখি বিজেপিয়ে পৰিষদীয় নির্বাচনত নিজা প্ৰাৰ্থী দিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে প্ৰচাৰ অভিযান অব্যা...

August 5, 2025 11:15 AM

views 25

আমিনগাঁৱত নিৰ্মাণ কৰা শৰাইঘাট পার্কখন আনুষ্ঠানিকভাৱে মুকলি

● মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ আমিনগাঁৱত নিৰ্মাণ কৰা শৰাইঘাট পার্কখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত থকা কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত স্থাপন কৰা মহাত্মা গান্ধীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে। ইয়াৰ লগতে তেওঁ কেইবাটাও পৰিয়ালক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।